ETV Bharat / city

Presidential candidate Draupadi Murmu: দ্ৰৌপদী মুৰ্মুৰ সৈতে অসমত সাত দিন কটাছিল ৰুক্মিণীয়ে

author img

By

Published : Jul 20, 2022, 9:53 PM IST

২০০৬ চনত বৰ্তমান NDA সমৰ্থিত দেশৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ লগত একেলগে ৭ দিন কটোৱা তেজপুৰৰ এগৰাকী মহিলা (Presidential candidate Draupadi Murmu) ৷ ইটিভি ভাৰতৰ আগত সেই সময়ৰ অভিজ্ঞতা ব্যক্ত কৰিলে মহিলাগৰাকীয়ে ।

Presidential candidate Draupadi Murmu
Presidential candidate Draupadi Murmu

তেজপুৰ, ২০ জুলাই: ‘‘সমগ্ৰ নাৰী জাতিৰ স্বাৰ্থত দেশৰ আগন্তুক ৰাষ্ট্ৰপতি গৰাকীয়ে কাম কৰি যোৱাটো মই বিচাৰো ।’’ এই মন্তব্য এসময়ৰ বিশ্বনাথ জিলাৰ মিজিকাজান চাহ বাগিচাৰ জীয়াৰী বৰ্তমান এগৰাকী বোৱাৰী ৰুক্মিণী কিষান বৰকটকীৰ । ২০০৬ চনত বৰ্তমান NDA সমৰ্থিত দেশৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ লগত একেলগে ৭ দিন কটাইছিল ৰুক্মিণীয়ে । ইটিভি ভাৰতৰ আগত সেই সময়ৰ অভিজ্ঞতা ব্যক্ত কৰিলে মহিলাগৰাকীয়ে । দ্ৰৌপদী মুৰ্মু সেই সময়ত সাধাৰণ নিৰ্বাচনত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহিছিল (Draupadi Murmu in Assam )।

তেওঁ কয় যে, সমগ্ৰ নাৰী জাতিৰ উন্নতি সাধন কৰাৰ বাবে আজি মুৰ্মু দেশৰ সৰ্বাধিক পদৰ অধিকাৰী হ’বলৈ গৈছে (Presidential candidate Draupadi Murmu)। তেওঁৰ ভাৱধাৰাত এক অনন্য নিদৰ্শন পোৱা যায় বুলিও কয় ৰুক্মিণীয়ে । অৱশ্যে আদিবাসী জনজাতিক প্ৰতিনিধিত্ব কৰা দ্ৰৌপদী মুৰ্মুৱে অসম তথা ভাৰতৰ আদিবাসী লোকসকলৰ বাবে অনাগত দিনত কাম কৰিব বুলি বিশ্বাস আছে বুলি মহিলাগৰাকীয়ে কয় ।

দ্ৰৌপদী মুৰ্মুৰ সৈতে অসমত সাত দিন কটাছিল ৰুক্মিণীয়ে

ব্ৰিটিছৰ দিনত অসমত আদিবাসী সকলক চাহ বাগিচাৰ বনুৱা হিচাপে আনি যি অৱস্থাত ৰাখিছিল বৰ্তমানেও এই লোকসকলৰ অৱস্থা তথৈবচ (Tea workers in Assam)। চৰকাৰে ছয় জনজাতীয় মৰ্যাদা প্ৰদান কৰাৰ যি ঘোষণা কৰিছিল সেয়াও সম্পূৰ্ণ হৈ নুঠিল বুলি মন্তব্য কৰে ৰুক্মিণীয়ে । দ্ৰৌপদী মুৰ্মুৰ নিৰ্বাচনৰ দিনাও মিজিকাজান চাহ বাগিচাত বাগিচাৰ লোকসকলে মন্দিৰত তেওঁৰ হৈ প্ৰাৰ্থনা কৰিছিল ৷ বৃস্পতিবাৰে নিৰ্বাচনত বিজয়ী হ’লেও প্ৰাৰ্থনা কৰিব বুলি ৰুক্মিণীয়ে কয় ।

ইফালে প্ৰাক্তন আটচাৰ নেতা বৰ্তমান এজেপি দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অজয় মাধৱ তাঁতীয়ে দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদত জয়ী হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷ লগতে দেশত প্ৰথম বাৰৰ বাবে এই বৃহৎ জনগোষ্ঠীৰ পৰা সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ পিছত এই জনগোষ্ঠীৰ সাংবিধানিক মৰ্যাদা লাভ কৰি তেওঁলোকৰ সমস্যাৰ সমাধান সমূহ দূৰ কৰিবলৈ আহ্বান জনায় । উত্তৰ অসমত শোণিতপুৰ আৰু বিশ্বনাথ জিলা সামৰি মুঠ এশৰো অধিক চাহ বাগিচা আছে এই সকলো চাহ বাগিচাৰ অধিকাংশতে জনজাতীয় লোকসকল উপেক্ষিত হৈছে বুলি তাঁতীয়ে জনায় ।

লগতে পঢ়ক : Presidential Polls 2022: সন্মুখ সমৰত দ্ৰৌপদী মুৰ্মু আৰু যশোৱন্ত সিনহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.