অসম

assam

Sisodia Bail Plea: ছিছোডিয়াৰ বিৰুদ্ধে গোচৰ সন্দৰ্ভত চিবিআইক ধন লেন দেনৰ স্পষ্ট তথ্য দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

By

Published : Aug 4, 2023, 1:15 PM IST

Updated : Aug 4, 2023, 1:32 PM IST

মনীষ ছিছোডিয়াক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু এছভিএন ভাট্টিক লৈ গঠিত এখন বিচাৰপীঠক মানৱীয় ভিত্তিত তেওঁৰ ক্লায়েণ্টক অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিবলৈ আহ্বান জনায় । লগতে দাবী কৰে যে ছিছোডিয়াই তেওঁৰ অসুস্থ পত্নীক লগ কৰিব বিচাৰে ।

Manish Sisodia
Manish Sisodia

নিউজ ডেস্ক, ৪ আগষ্ট : উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ (চিবিআই) অধিবক্তাক কয় যে তেওঁলোকে নীতিগত সিদ্ধান্ত, প্ৰমাণ নষ্ট কৰা আৰু ধনৰ লেনদেনৰ পথ স্পষ্টভাৱে স্থাপন কৰা সন্দৰ্ভত সকলো বিৱৰণ বিচাৰে । লগতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াই দাখিল কৰা জামিন আবেদন ৪ ছেপ্টেম্বৰলৈকে স্থগিত ৰাখে । উল্লেখ্য যে, বৰ্তমান বাতিল কৰা দিল্লী সুৰা নীতি প্ৰস্তুত আৰু ৰূপায়ণত অনিয়মৰ অভিযোগৰ সন্মুখীন হৈ কাৰাবন্দী হৈ আছে ছিছোডিয়া ।

ছিছোডিয়াক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু এছভিএন ভাট্টিক লৈ গঠিত এখন বিচাৰপীঠক মানৱীয় ভিত্তিত তেওঁৰ ক্লায়েণ্টক অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিবলৈ আহ্বান জনায় । লগতে দাবী কৰে যে, ছিছোডিয়াই তেওঁৰ অসুস্থ পত্নীক লগ কৰিব বিচাৰে । ন্যায়াধীশ খান্নাই কয় যে, চিবিআইৰ প্ৰতিবাদী শপতনামাত দাবী কৰিছে যে তেওঁৰ পত্নীয়ে বিগত ২০ বছৰ ধৰি এই ৰোগত ভুগি আছে ।

সিংভিয়ে কয় যে তেওঁ এক ক্ষয়কাৰী ৰোগত ভুগি আছে, যিটো ক্ৰমে আগবাঢ়ি গৈ আছে । তেওঁক জুন আৰু জুলাই মাহত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । লগতে এই কথাত জোৰ দিয়ে যে তেওঁৰ একমাত্ৰ পুত্ৰ বিদেশত আছে আৰু তেওঁৰ যত্ন ল'বলৈ পৰিয়ালত আন কোনো নাই । সিংভিয়ে দাবী কৰে যে তেওঁৰ দৃষ্টিশক্তিৰ সমস্যা আছে আৰু খোজকঢ়াতো অসুবিধাৰ সন্মুখীন হৈছে ।

নিয়মীয়া শুনানিৰ পিছত বিচাৰপীঠে কয় যে, তেওঁ কিছু সময়ৰ বাবে অন্তৰ্ৱৰ্তীকালীন জামিনৰ আবেদন গ্ৰহণ কৰিবলৈ এইটো এটা স্থিৰ চৰ্ত হ'ব পাৰে । ইয়াৰ পিছত বিষয়টোৰ পৰৱৰ্তী শুনানিৰ বাবে ৪ আগষ্ট তাৰিখ নিৰ্ধাৰণ কৰা হয় ।

আনহাতে, শীৰ্ষ আদালতে অতিৰিক্ত ছলিচিটৰ জেনেৰেল (এএছজি) এছ ভি ৰাজুক কয় যে, আদালতে নীতিগত সিদ্ধান্ত, ধনৰ লেনদেনৰ পথ, প্ৰমাণৰ সৈতে খেলিমেলি সম্পৰ্কীয় বিৱৰণ জানিব বিচাৰে । বিচাৰপীঠে লগতে কয় যে, যেতিয়া নিয়মীয়া জামিন আবেদনৰ শুনানি হয়, তেতিয়া ধনৰ লেনদেনৰ পথ স্পষ্টভাৱে প্ৰতিষ্ঠা হোৱাটো বিচাৰে, যিটো কেন্দ্ৰীয় সংস্থাটোৰ শপতনামাৰ পৰা স্পষ্ট নহয় ।

এএছজি ৰাজুৱে কয় যে, ছিছোডিয়াৰ পত্নীয়ে অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্সৰ দ্বাৰা এক স্বতন্ত্ৰ মূল্যায়ন কৰা উচিত । বিচাৰপীঠে অৱশ্যে কয় যে যেতিয়ালৈকে তেওঁ এজন প্ৰতিষ্ঠিত চিকিৎসকৰ পৰামৰ্শ লৈ আছে, তেতিয়ালৈকে এই বিষয়ত জোৰ দিব নোৱাৰি । উল্লেখ্য যে, ছিছোডিয়া চলিত বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা জিম্মাত আছে আৰু চিবিআই আৰু প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) দুয়োৰে দ্বাৰা তদন্ত কৰা হৈছে ।

লগতে পঢ়ক :Terror funding cases : জম্মু-কাশ্মীৰৰ পুলৱামাত NIAৰ অভিযান

Last Updated :Aug 4, 2023, 1:32 PM IST

ABOUT THE AUTHOR

...view details