ETV Bharat / bharat

Terror funding cases : জম্মু-কাশ্মীৰৰ পুলৱামাত NIAৰ অভিযান

author img

By

Published : Aug 4, 2023, 11:56 AM IST

সন্ত্ৰাসবাদীৰ পুঁজি গোচৰৰ তদন্ত কৰি থকা NIA-ই দক্ষিণ কাশ্মীৰ জিলাৰ চেথাৰগুণ্ড আৰু উগেৰগুণ্ডত অভিযান চলায় । বহু লোকৰ আৱাসিক ভৱনত সংস্থাটোৱে অভিযান চলায় ।

Terror funding cases
জম্মু-কাশ্মীৰৰ পুলৱামাত NIAৰ অভিযান

নেশ্যনেল ডেস্ক,৪ আগষ্ট : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে । সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত থকাৰ মাজতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে । বিভিন্ন কেন্দ্ৰীয় সংস্থাই সন্ত্ৰাসবাদীৰ পুঁজি সংগ্ৰহ সম্পৰ্কীয় গোচৰৰো তদন্ত অব্যাহত ৰাখিছে । ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ কেইবাটাও স্থানত সন্ত্ৰাসবাদী সংগঠনসমূহৰ কাৰ্যকলাপ আৰু সন্ত্ৰাসবাদী পুঁজিৰ গোচৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIAয়ে অভিযান চলাইছে । সূত্ৰৰ মতে দক্ষিণ কাশ্মীৰ জিলাৰ চেথাৰগুণ্ড আৰু উগেৰগুণ্ড নামৰ দুটা স্থানত এই অভিযান চলি আছে ।

সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ চলাবলৈ আগ্ৰহী কিছুমান সংগঠনৰ সমৰ্থনত পুঁজি সংগ্ৰহৰ এক চলিত তদন্তৰ অংশ হিচাপে এই অভিযান চলোৱা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । অৱশ্যে অভিযানৰ বিষয়ে বিতংক তথ্য এতিয়া প্ৰকাশ কৰা হোৱা নাই । আৰক্ষী আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) জোৱানৰ সহযোগত NIAৰ চোৰাংচোৱাসকলে পুৱাই উক্ত স্থানসমূহৰ আৱাসিক ভৱনসমূহত তালাচী চলায় ।

ইয়াৰ পূৰ্বে, NIAয়ে মঙলবাৰে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৃষ্ঠপোষকতাৰ বাবে পুঁজি সংগ্ৰহ সম্পৰ্কীয় এনজিঅ' সন্ত্ৰাসবাদী পুঁজিৰ গোচৰত জম্মু-কাশ্মীৰৰ ৪ খন জিলাত ব্যাপক তালাচী চলাইছিল । নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনসমূহৰ বাবে পুঁজি সংগ্ৰহৰ সৈতে জড়িত এনজিঅ' জম্মু কাশ্মীৰ ক'লিয়েচন অৱ চিভিল চ'চাইটিজ (জেকেচিচিএছ)ৰ সৈতে জড়িত ট্ৰাষ্ট আৰু ব্যক্তিসকলৰ বাসগৃহত অভিযানবোৰ চলোৱা হৈছিল । শ্ৰীনগৰ, বুদগাম, কুপৱাৰা আৰু পুলৱামা জিলাৰ ৭ টা স্থানত ব্যাপক অভিযান চলোৱা হৈছিল বুলি কেন্দ্ৰীয় সংস্থাটোৱে জনাইছে ।

উল্লেখ্য যে জম্মু-কাশ্মীৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত আছে । অঞ্চলটোৰ বিভিন্ন স্থানত সন্ত্ৰাসবাদীয়ে বাহৰ পাতি বহু অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰি আহিছে । যাৰ বাবে প্ৰায়ে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হোৱাও দেখা যায় । একাংশ ব্যক্তি বিশেষ আৰু সংগঠনে সন্ত্ৰাসবাদীসকলক ধন আৰু বিভিন্ন ধৰণে সহায় কৰাৰো অভিযোগ আছে ।

লগতে পঢ়ক :Cyber criminals apprehended: 1243 খন ভুৱা চিমকাৰ্ড সহ চাইবাৰ অপৰাধী আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.