ETV Bharat / state

Cyber criminals apprehended: 1243 খন ভুৱা চিমকাৰ্ড সহ চাইবাৰ অপৰাধী আৰক্ষীৰ জালত

author img

By

Published : Aug 2, 2023, 7:25 AM IST

6 cyber criminals arrested by Morigaon police
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী । এটিএম কাৰ্ড, চেক বুক, ইণ্টাৰনেট বেংকিং আদিৰ জৰিয়তে দীৰ্ঘদিন ধৰি চলাই আহিছিল চাইবাৰ অপৰাধ । অভিযানত আটক 6 অপৰাধী সহ 1243 খন ভুৱা চিমকাৰ্ড আৰু বিভিন্ন আপত্তিজনক সামগ্ৰী ৷ মঙলবাৰে চলিছিল এই অভিযান ৷

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

মৰিগাঁও, 2 আগষ্ট: চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । তাৰ পিচতো আৰক্ষীৰ চকুত ধূলি দি একাংশ চক্ৰই বৰ্তমানেও চলায় আছে চাইবাৰ অপৰাধ ৷ মৰিগাঁৱতো একাংশ চক্ৰই অব্যাহত ৰাখিছে চাইবাৰজনিত অপৰাধ । জিলাখনৰ মৈৰাবাৰীৰ পিছত এইবাৰ চাইবাৰ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে জাগীৰোড ৷

এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে জাগীৰোডৰ নখোলা গ্ৰান্টত আৰক্ষীয়ে চলায় অভিযান । জাগীৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুন প্ৰকাশ তিৱাৰীৰ নেতৃত্বত পৃথকে পৃথকে দুটা বাসগৃহত চলোৱা হয় এই অভিযান ৷ এই অভিযানত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় চাইবাৰ অপৰাধত জড়িত 6 অপৰাধীক ৷ অভিযানৰ সময়ত মৰিগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য উপস্থিত আছিল ৷

6 cyber criminals arrested by Morigaon police
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ধৃত অপৰাধীকেইটা ক্ৰমে ৰাজস্থানৰ মফিদ আলী, জাগীৰোডৰ ৰফিক ইছলাম, আব্দুল জলিল, বিলাসীপাৰাৰ বাহাৰুল ইছলাম, আবুল কালাম আৰু মৈৰাবাৰীৰ আলী উল্লাহ বুলি জানিবলৈ পৰা গৈছে ৷ অপৰাধী চক্ৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বিভিন্ন কোম্পানীৰ মুঠ 1243 খন ভুৱা চিমকাৰ্ড, প্ৰায় ডেৰ লাখ টকা, এটিএম কাৰ্ড, 13 টা মোবাইল ফোন, এখন চুইফট ডিজায়াৰ গাড়ী সহ বিভিন্ন ভুৱা নথি-পত্ৰ ।

আনহাতে, আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিবলৈ সক্ষম হয় এগৰাকী মহিলা অপৰাধী ৷ মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷ আৰক্ষীয়ে অধিক তদন্ত চলোৱাৰ পিচত এই চাইবাৰ চক্ৰটোৰ বিৰুদ্ধে বহু ভয়ংকৰ তথ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

লগতে পঢ়ক: SC Slams Manipur Police : মণিপুৰ আৰক্ষীক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.