অসম

assam

Seema Haider hoisted tricolor : সীমা হাইদৰৰ মুখত হিন্দুস্তান জিন্দাবাদ শ্ল'গান

By

Published : Aug 14, 2023, 4:04 PM IST

পাকিস্তানৰ পৰা ভাৰতলৈ অহা সীমা হাইদৰে দেওবাৰে 'হৰ ঘৰ তিৰংগা' অভিযানৰ অংশস্বৰূপে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।তেওঁ পাকিস্তান মুৰ্দাবাদ আৰু হিন্দুস্তান জিন্দাবাদ শ্ল'গান দিয়ে ।

Seema Haider hoisted tricolor
সীমা হাইদৰৰ মুখত হিন্দুস্তান জিন্দাবাদ শ্ল'গান

নেশ্যনেল ডেস্ক,১৪ আগষ্ট :পাকিস্তানৰ কৰাচীৰ পৰা অবৈধভাৱে ভাৰতলৈ অহা সীমা গোলাম হাইদৰৰ কথা আপোনাৰ নিশ্চয় মনত আছে । পুনৰ এবাৰ চৰ্চাত আছে সীমা হাইদৰ । এইবাৰ সীমা হাইদৰৰ মুখ্য পাকিস্তান মুৰ্দাবাদ শ্ল'গান শুনিবলৈ পোৱা গ'ল । কেৱল এয়াই নহয় হিন্দুস্তান জিন্দাবাদ বুলিও শ্ল'গান দিলে পাকিস্তানৰ সীমা হাইদৰে । সম্প্ৰতি সীমা হাইদৰৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । দেওবাৰে সীমা হাইদৰে তেওঁৰ পৰিয়ালৰ সৈতে 'হৰ ঘৰ তিৰংগা' অভিযানৰ অংশ হিচাপে তেওঁৰ ঘৰত ত্ৰিৰংগা উত্তোলনো কৰে ।

উল্লেখ্য যে দেওবাৰে সীমা হাইদৰ আৰু শচীনৰ অধিবক্তা এ পি সিঙে তেওঁলোকক সাক্ষাতৰ বাবে গ্ৰেটাৰ নয়ডাৰ ৰাবুপুৰাত উপস্থিত হয় । তাৰ পাছত তেওঁলোকে ঘৰত ত্ৰিৰংগা উত্তোলন কৰে । এই সময়ছোৱাত সীমা হাইদৰে 'ভাৰত মাতা কী জয়' আৰু 'বন্দে মাতৰমৰ' শ্ল'গান দিয়ে । ইফালে, সীমা হাইদৰে পাকিস্তান মুৰ্দাবাদ দিয়া শ্ল'গানৰ ভিডিঅ'টো ব্যাপক ভাইৰেল হৈ পৰিছে ।

সীমাই কয় যে তেওঁ ভাৰত চৰকাৰৰ হৰ ঘৰ তিৰংগা অভিযানক সমৰ্থন কৰে । এই অভিযানত অংশগ্ৰহণ কৰি তেওঁ নিজৰ ঘৰৰ চালত ত্ৰিৰংগা উত্তোলন কৰিছে । ত্ৰিৰংগা উত্তোলনৰ সময়ত সীমা হাইদৰে ত্ৰিৰংগা প্ৰিণ্টৰ শাৰী পিন্ধি থকা দেখা গৈছে । সীমাৰ ডিঙিত ত্ৰিৰংগাৰ দৰে চুন্নী মেৰিয়াই থোৱা দেখিবলৈ পোৱা গৈছিল । এই সময়ছোৱাত, সকলোৰে হাতত ত্ৰিৰংগাও দেখিবলৈ পোৱা গৈছিল ।

ইফালে সীমা হাইদৰ আৰু শচীনৰ ওপৰত এখন ছবি নিৰ্মাণৰ তথ্য পোহৰলৈ আহিছে । এই সন্দৰ্ভত সীমাই কয় যে তেওঁ কোনো চিনেমা কৰি থকা নাই । শচীনক পোনপটীয়াকৈ ঘৰত লগ কৰিবলৈ তেওঁ আহিছিল ।

সীমা হাইদৰে লগতে কয় যে তেওঁৰ গৰ্ভধাৰণ সম্পৰ্কেও বহুতো আলোচনা হৈ আছে । কিন্তু সেয়া তেওঁৰ ব্যক্তিগত বিষয় । এই সন্দৰ্ভত তেওঁ একো ক'ব নিবিচাৰে । ইয়াক ৰাজহুৱা কৰাটো উচিত নহয় বুলিও সীমাই উল্লেখ কৰে ।

লগতে পঢ়ক :Sunny Deol on Seema Haider: সীমা হাইদৰ আৰু অঞ্জুক লৈ ছানী দেওলৰ মন্তব্য প্ৰকাশ

ABOUT THE AUTHOR

...view details