ETV Bharat / entertainment

Sunny Deol on Seema Haider: সীমা হাইদৰ আৰু অঞ্জুক লৈ ছানী দেওলৰ মন্তব্য প্ৰকাশ

author img

By

Published : Aug 7, 2023, 4:37 PM IST

পাকিস্তানৰ পৰা ভাৰতলৈ অহা সীমা হাইদৰ আৰু ভাৰতৰ পৰা পাকিস্তান পোৱা অঞ্জুৰ বিষয়ে বহুদিনৰে পৰা চৰ্চা চলি আছে ৷ এতিয়া গদৰ ২ৰ প্ৰচাৰৰ সময়ত ছানী দেওলেও এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Sunny Deol speaks out on cross-border love stories of Seema Haider and Anju ahead of Gadar 2 release
সীমা হাইদৰক লৈ ছানী দেওলৰ মন্তব্য

চিটাৰা ডেস্ক, 7 আগষ্ট: সীমা হাইদৰ এতিয়া ভাৰতৰ এটি জনপ্ৰিয় ৷ সীমাক চিনি নোপোৱা মানুহ হয়তো বহুত কমেই পোৱা যাব ৷ কেৱল সীমাৰ বিষয়েই নহয়, অঞ্জুৰ বিষয়েও সকলোৱে জানে ৷ কাৰণ দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে সীমা হাইদৰ আৰু অঞ্জু ৷ সীমা হাইদৰে নিজৰ প্ৰেমৰ লগত থাকিবলৈ পাকিস্তানৰ পৰা ভাৰতলৈ গুচি আহিছে । আনহাতে অঞ্জুৱে একেধৰণে প্ৰেমৰ বাবেই ভাৰতৰ পৰা পাকিস্তানলৈ গুচি গৈছে । এই দুয়োৰে প্ৰেম কাহিনী বৰ্তমান ভাৰত পাকিস্তান দুয়োখন দেশতে চৰ্চাৰ বিষয় হৈ পৰিছে । এই সন্দৰ্ভত এতিয়া ছানী দেওলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

শেহতীয়াকৈ এটা এক সাক্ষাৎকাৰত ছানী দেওলক সীমা আৰু অঞ্জুৰ সীমা অতিক্ৰম কৰা প্ৰেমক লৈ প্ৰশ্ন কৰা হৈছিল । এই বিষয়ে ছানি দেওলে কয়, “আজিকালিৰ প্ৰযুক্তি বিদ্যা এনেকুৱা হৈছে যে আমি ঘৰতে বহি ইগৰাকীয়ে সিগৰাকীক দেখা পাওঁ। আমি এপবোৰৰ জৰিয়তে ইগৰাকীয়ে সিগৰাকীক লগ পাওঁ ৷ পূৰ্বে প্ৰযুক্তিবিদ্যা ইমান শক্তিশালী নাছিল, যাৰ বাবে বিচাৰি ফুৰিবলগীয়া হৈছিল । কিন্তু এতিয়া প্ৰযুক্তি এনেকুৱা হৈ পৰিছে যে যিকোনো দেশতে ইগৰাকীয়ে সিগৰাকীক লগ পাব পাৰো ৷

ছানী দেওলে লগতে কয় যে যেতিয়া কোনোবা মানুহ প্ৰেমত পৰে তেতিয়া তেওঁ নিজৰ প্ৰেমৰ মানুহগৰাকীৰ ওচৰতে থাকিব বিচাৰে, আঁতৰি থাকিব নিবিচাৰে । ক্ৰছ বৰ্ডাৰ লাভত তেওঁ কয় যে এই সকলোবোৰ কাম হৈয়েই থাকিব আৰু এয়াই জীৱন । আমি এই বিষয়ে বিশেষ গুৰুত্ব দিয়া উচিত নহয়। ইয়াক সমালোচনা কৰাও উচিত নহয় । ছানীয়ে ক’লে যে তেওঁৰ নিজৰ জীৱন আছে, তেওঁক জীয়াই থাকিবলৈ দিয়ক । ভুল শুদ্ধ তেওঁলোকে নিজৰটো নিজেই জানে ৷

১১ আগষ্টত মুক্তি পাব গদৰ ২

উল্লেখ্য যে ছানী দেওল বৰ্তমান নিজৰ ছবিৰ প্ৰচাৰত ব্যস্ত। অনিল শৰ্মাৰ পৰিচালনাত নিৰ্মিত গদৰ 2 ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচতে দৰ্শকে ছবিখনৰ বাবে অপেক্ষা কৰি আছে ৷ প্ৰথম গদৰৰ পিচত গদৰ 2 ছবিখনত আকৌ এবাৰ একেলগে দেখা যাব অমিষা পেটেল আৰু ছানী দেওলক । অৱশ্যে এতিয়া কাহিনী আগবাঢ়িছে আৰু দুয়োৰে পুত্ৰও ডাঙৰ হৈছে। অহা ১১ আগষ্টত ডাঙৰ পৰ্দাত মুক্তি পাব ছবিখন ।

লগতে পঢ়ক: Sunny Deol on nepotism: নিজৰ সন্তানৰ বাবে কিবা এটা কৰাটো ভুল কেনেকৈ হ’ব পাৰে ? নেপোটিজমৰ ওপৰত ছানী দেওলৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.