অসম

assam

Healthy Heart Tips: হাৰ্ট এটেক তথা কাৰ্ডিক এৰেষ্টৰ আশংকা দূৰ কৰিবলৈ এনেদৰে লওক স্বাস্থ্যৰ যত্ন

By

Published : Feb 6, 2023, 9:47 PM IST

যদি সময়ে সময়ে নিয়মীয়া ব্যায়াম, স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু শৰীৰৰ পৰীক্ষা কৰা হয়, তেন্তে হাৰ্ট এটেক আৰু হৃদযন্ত্ৰ বন্ধ হোৱাৰ আশংকা বহু পৰিমাণে এৰাই চলিব পাৰি । হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ টিপছৰ বিষয়ে জানি লওক ।

Risk of heart attack and cardiac arrest can be avoided by taking care of these things
হাৰ্ট এটেক তথা কাৰ্ডিক এৰেষ্টৰ আশংকা দূৰ কৰিবলৈ এইদৰে লওক স্বাস্থ্যৰ যত্ন

শাৰীৰিক স্বাস্থ্যৰ সংযোগ বহুলাংশে হৃদযন্ত্ৰৰ সৈতে জড়িত । যদি আপোনাৰ হৃদযন্ত্ৰ সুস্থ তেন্তে হাৰ্ট এটেক আৰু হৃদযন্ত্ৰ বন্ধ হোৱাৰ সম্ভাৱনা নগণ্য । আনহাতে খাদ্যৰ পৰা জীৱনশৈলীলৈকে অসাৱধানতাই হৃদযন্ত্ৰক অসুস্থ কৰি তুলিব পাৰে । গতিকে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবলৈ, বেছি নহয়, মাত্ৰ আপোনাৰ ৰুটিনত কৰক এইসমূহ পৰিৱৰ্তন আৰু দীৰ্ঘদিনলৈকে পাওক ফিট আৰু এক সুস্থ শৰীৰ(how to improve heart health quickly)। গতিকে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি কি ক্ষেত্ৰত গুৰুত্ব দিব লাগে জানি লওক(Healthy Heart Tips)।

শৰীৰৰ নিয়মীয়াকৈ পৰীক্ষা কৰক

যদি পৰিয়ালৰ কোনোবাই হাৰ্ট এটেক বা হৃদযন্ত্ৰ বন্ধ হোৱা বা কাৰ্ডিক এৰেষ্টৰ আশংকা থাকে । গতিকে তেওঁলোকৰ বাবে সময়ে সময়ে হৃদযন্ত্ৰ সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষা কৰি থকাটো অতি প্ৰয়োজনীয় । হৃদৰোগ বিশেষজ্ঞৰ ওচৰলৈ গৈ তেওঁক আপোনাৰ সম্পূৰ্ণ অৱস্থাৰ বিষয়ে কওক । ইয়াৰ পিছত তেওঁলোকৰ দ্বাৰা প্ৰয়োজনীয় সকলো পৰীক্ষা কৰাওক ।

খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিয়ক

বাৰ্গাৰ, পিজ্জা, ফ্ৰেঞ্চ ফ্ৰাই, কল্ড ড্ৰিংক আদি জাংক ফুড তৎক্ষণাত খাদ্যৰ পৰা বাদ দিয়ক । ইয়াৰ বাহিৰেও অত্যধিক তেল বা ঘিউৰে তৈয়াৰী খাদ্য পৰিহাৰ কৰিব লাগে । পুৱা খালী পেটত চাহ বা কফি খোৱা বন্ধ কৰক(how to take care of heart naturally)। খাদ্যত সেউজীয়া শাক-পাচলি, বতৰৰ ফল-মূল আৰু চালাডৰ পৰিমাণ বৃদ্ধি কৰক । মদ, বিড়ি-চিগাৰেট, ধঁপাত আদি সেৱন কৰাটো বন্ধ কৰক ।

শাৰীৰিক কাৰ্যকলাপ কৰক

দিনটোত কমেও ৩০ মিনিট দ্ৰুতগতিত খোজ কাঢ়িব লাগে(10 ways to keep your heart healthy)। খোজ কঢ়াৰ সময়ত ভৰিৰ বেগ ইমানো হ’ব নালাগে যে উশাহ-নিশাহ লওতে অসুবিধাৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে(healthy heart exercises)। আৰম্ভণিতে গতি স্বাভাৱিক কৰি ৰাখক, তাৰ পিছত লাহে লাহে গতি আৰু সময় বৃদ্ধি কৰক । সুস্থ হৈ থাকিবলৈ দৈনিক ৬ৰ পৰা ৮ ঘণ্টা টোপনি অহাটো অতি প্ৰয়োজনীয় ।

BMI সঠিক ৰাখক

এজন মেদবহুল ব্যক্তিৰ হৃদৰোগৰ আশংকা বেছি, গতিকে শৰীৰক শকত হ’বলৈ নিদিব । আপোনাৰ শৰীৰত চৰ্বি নাই, ইয়াৰ বাবে BMI পৰীক্ষা কৰক । বয়স, উচ্চতা আৰু ওজন অনুসৰি ইয়াৰ মূল্য আহৰণ কৰা হয় । ই এনেধৰণৰ-

০-১৮.৫- কম ওজনৰ

১৮.৫১-২৪.৯০ৰ পৰা- স্বাভাৱিক

২৫-২৯.৯- অতিৰিক্ত ওজন

৩০ বা তাতকৈ অধিক- মেদবহুলতা

লগতে পঢ়ক:Wheel Yoga: 49 বছৰ বয়সতো নিজকে কি যোগাসনেৰে কমনীয় কৰি ৰাখিছে মালাইকাই ?

ABOUT THE AUTHOR

...view details