ETV Bharat / sukhibhava

Wheel Yoga: 49 বছৰ বয়সতো নিজকে কি যোগাসনেৰে কমনীয় কৰি ৰাখিছে মালাইকাই ?

author img

By

Published : Jan 31, 2023, 6:54 PM IST

Seven Therapeutic Benefits of Using a Yoga Wheel
49 বছৰ বয়সতো নিজকে কি যোগাসনেৰে কমনীয় কৰি ৰাখিছে মালাইকাই ?

বলীউড অভিনেত্ৰী মালাইকা আৰোৰা প্ৰায়ে নিজৰ ফিটনেছক লৈ আলোচনাত থাকে । ৪৯ বছৰ বয়সতো অভিনেত্ৰীগৰাকীয়ে নিজৰ ফিটনেছৰ সৈতে বহু অভিনেত্ৰীৰ সৈতে প্ৰতিযোগিতা অব্যাহত ৰাখিছে । ইফালে মালাইকাই শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত তেওঁৰ এক নতুন ভিডিঅ’ শ্বেয়াৰ কৰিছে ।

বলীউডৰ অভিনেত্ৰী মালাইকা আৰোৰা প্ৰায়ে কিবা নহয় কিবা কাৰণত শিৰোনামত থাকে । সৌন্দৰ্য আৰু আচৰিত ফিটনেছৰ বাবে পৰিচিত অভিনেত্ৰীগৰাকী ডাঙৰ পৰ্দাৰ পৰা আঁতৰত আছে যদিও ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে অহৰহ সংযোগ স্থাপন কৰি আছে । আনকি ৪৯ বছৰ বয়সতো মালাইকাই নিজৰ ফিটনেছৰ সৈতে বহু যুৱ অভিনেত্ৰীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হয়(Malaika Arora age)।

বয়সৰ এই পৰ্যায়তো তেওঁ নিজকে ইমানেই মেইনটেইন ৰাখিছে যে, তেওঁৰ ফালে চাই তেওঁৰ বয়স অনুমান কৰাটো প্ৰায় একপ্ৰকাৰে অসম্ভৱ । ফিটনেছৰ প্ৰতি অতি সচেতন অভিনেত্ৰীগৰাকী(These Therapeutic Benefits of Using a Yoga Wheel)। তেওঁক যোগাসনৰ ক্লাছৰ বাহিৰতো প্ৰায়ে দেখা পোৱা যায় । ইয়াৰ লগতে ছ’চিয়েল মিডিয়াতো অনুৰাগীৰ সৈতে নিজৰ ফিটনেছ ভিডিঅ’ শ্বেয়াৰ কৰি থাকে । এই ক্ৰমত শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে পুনৰবাৰ অনুৰাগীসকলক তেওঁৰ ফিটনেছ ট্ৰেইনিঙৰ আভাস দেখুৱাইছে(Seven Therapeutic Benefits of Using a Yoga Wheel) ।

মালাইকাই ফিটনেছ ভিডিঅ' শ্বেয়াৰ কৰিলে

কেইঘণ্টামানৰ আগতে শ্বেয়াৰ কৰা এই ভিডিঅ’টোত মালাইকাই আকৌ এবাৰ অনুৰাগীক ফিটনেছৰ গ’ল দিয়া দেখা গৈছে । এই ভিডিঅ’টোত এটা চকাত তেওঁক যোগাসন কৰা দেখিবলৈ পোৱা গৈছে(Malaika shared a fitness video) । এই ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে নিজৰ নমনীয়তাৰে মানুহক আচৰিত কৰি তুলিছে । এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ সময়ত মালাইকাই অনুৰাগীসকলক চকা যোগ বা Wheel Yogaৰ উপকাৰিতাৰ বিষয়েও বুজাই দিয়ে ।

তেওঁ কয় যে, Wheel Yoga কৰিলে হৃদযন্ত্ৰৰ চক্ৰ বা অনাহতা চক্ৰ মুকলি কৰাত সহায় হয় । লগতে ই মানসিক চাপ দূৰ কৰে । গতিকে Wheel Yogaৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

  • কিছুদিনৰ পৰা জনপ্ৰিয় হৈ পৰা Wheel Yoga কৰিলে শৰীৰৰ বিষ, হাঁচিং আদি সমস্যাৰ পৰাও সকাহ পায় ।
  • এই যোগৰ সহায়ত আপুনি সহজেই বহুতো কঠিন ব্যায়াম কৰিব পাৰে । যদি আপুনি ষ্ট্ৰেচিং কৰাত অসুবিধা পায়, তেন্তে ইয়াৰ বাবে চকা যোগাসন উপকাৰী হ’ব ।
  • এই যোগাসন কৰিলে আপোনাৰ শৰীৰ নমনীয় হৈ পৰে । এনে পৰিস্থিতিত আপুনি ইয়াক আপোনাৰ ৰুটিনত অন্তৰ্ভুক্ত কৰি বহুত লাভৱান হ’ব ।
  • চকা যোগ কৰিলে শৰীৰৰ বিষৰ পৰাও সকাহ পাব । এই যোগৰ কিছুমান ভংগীমা কৰিলে পেট, বুকু, পিঠি বা কান্ধৰ বিষৰ পৰাও সকাহ পোৱা যায় ।
  • মেৰুদণ্ড মজবুত কৰাৰ ক্ষেত্ৰতো এই যোগাসন অতি উপকাৰী । এনে কৰিলে আপুনি কঁকালৰ বিষৰ পৰা সকাহ পাব ।
  • যদি আপুনি ঘণ্টাৰ পিছত ঘণ্টা লেপটপ আৰু কম্পিউটাৰত কাম কৰে তেন্তে ইয়াৰ বাবে চকা যোগে ডিঙি আৰু কঁকালৰ বিষৰ পৰাও সকাহ দিয়ে ।
  • লগতে এই ব্যায়াম কৰিলে আপোনাৰ মনটো শান্ত হ’ব আৰু নেতিবাচক চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিব ।

লগতে পঢ়ক: Alzheimer: চিকিৎসা পদ্ধতিতকৈ পূৰ্বেই ধৰা পেলাব পাৰিব এই ৰোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.