ETV Bharat / technology

ইণ্ডোনেছিয়াত মুকলি ইলন মাস্কৰ ষ্টাৰলিংক সেৱা: উপগ্ৰহীয় ইণ্টাৰনেটে লাভান্বিত কৰিব বুলি আশাবাদী - Starlink satellite Internet

author img

By PTI

Published : May 19, 2024, 10:04 PM IST

Satellite Internet Service :সমগ্ৰ বিশ্বজুৰি সম্প্ৰসাৰিত হৈছে ইলন মাস্কৰ ষ্টাৰলিংক সেৱা ৷ দেওবাৰে সৰ্ববৃহৎ দ্বীপপুঞ্জ ৰাষ্ট্ৰখনত মুকলি কৰা হ’ল উপগ্ৰহীয় ইণ্টাৰনেট সেৱা ৷ এতিয়া হয়তো অপেক্ষা কৰিছে ভাৰতবাসীয়ে ৷

STARLINK SATELLITE INTERNET
টেক বিলিয়নাৰ ইলন মাস্ক (AP Photo/Susan Walsh, File)

নিউজ ডেস্ক, 19 মে’: বিশ্বৰ সৰ্ববৃহৎ দ্বীপপুঞ্জ ৰাষ্ট্ৰত আৰম্ভ কৰা হ’ল ষ্টাৰলিংক উপগ্ৰহীয় ইণ্টাৰনেট সেৱা ৷ দেওবাৰে ইণ্ডোনেছিয়াৰ ৰিজৰ্ট দ্বীপ বালিত এই সেৱা মুকলি কৰিলে স্পেছএক্সৰ মুখ্য প্ৰযুক্তি বিষয়া ইলন মাস্কে ৷ মাস্কক বালিৰ প্ৰাদেশিক ৰাজধানী ডেনপাচাৰত ফুলৰ মালাৰে আদৰণি জনোৱা হয় আৰু ইণ্ডোনেছিয়াৰ বহুকেইগৰাকী মন্ত্ৰীসকলৰ উপস্থিতিত দ্বীপপুঞ্জটোত ষ্টাৰলিংক সেৱা আৰম্ভ কৰে ।

উল্লেখ্য যে 270 নিযুততকৈ অধিক জনসংখ্যাৰ ইণ্ডোনেছিয়া হৈছে 17,000 দ্বীপৰ এক বৃহৎ দ্বীপপুঞ্জ ৷ দেশখনৰ দুৰ্গম অঞ্চলসমূহতো হাইস্পীড ইণ্টাৰনেট সেৱা সুলভ কৰাৰ স্বাৰ্থত ইলন মাস্কৰ স্পেচএক্সৰ সৈতে চুক্তিৰ বাবে বহু বছৰ ধৰি চেষ্টা কৰি থকা হৈছিল ৷ যাতে উপগ্ৰহীয় ইণ্টাৰনেট সেৱা সেই সুবিধা দিব পাৰে ৷

দ্বীপপুঞ্জটোত ষ্টাৰলিংক উপগ্ৰহীয় ইণ্টাৰনেট সেৱা পৰীক্ষাৰ সময়ত কেবাগৰাকীও স্বাস্থ্যকৰ্মী উপস্থিত থাকে ৷ সংবাদ মাধ্যমৰ সন্মুখত ইলন মাস্কে কয় যে এই সেৱা দুৰ্গম অঞ্চলসমূহৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হৈ বহুতৰে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ’ব ৷ শিক্ষাৰ ক্ষেত্ৰতো ই যথেষ্ট সহায় কৰাৰ সম্ভাৱনা ব্যক্ত কৰে টেক বিলিয়নাৰগৰাকীয়ে ৷

উল্লেখ্য যে এখন স্বাস্থ্য ক্লিনিকত সেৱা আৰম্ভ কৰা হয় ষ্টাৰলিংকৰ হাইস্পীড ইণ্টাৰনেট সেৱা ৷ দেশখনৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে সমগ্ৰ দেশখনৰ ১০,০০০ তকৈও অধিক ক্লিনিকৰ প্ৰায় ২,৭০০ খন ক্লিনিকত ইণ্টাৰনেট সেৱা উপলব্ধ নাছিল ৷ কিন্তু এই উপগ্ৰহীয়া ইণ্টাৰনেট সেৱাৰ জৰিয়তে এতিয়াৰ পৰা লাভান্বিত হ’বপৰা যাব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

ইফালে ষ্টাৰলিংকৰ এই ইণ্টাৰনেট সেৱা শীঘ্ৰেই ভাৰততো উপলব্ধ হোৱাৰ সম্ভাৱনা আছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কিছুদিন পূৰ্বে বৈঠকত মিলিত হৈছিল ইলন মাস্ক ৷ ইতিমধ্যে উপগ্ৰহীয় ইণ্টাৰনেট কোম্পানী ষ্টাৰলিংকে ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগৰ পৰা নীতিগত অনুমোদন লাভ কৰিছে ।

যোগাযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে পৰীক্ষা কৰাৰ পিচতে নিৰাপত্তা বিষয়ত গৃহ মন্ত্ৰণালয়ে কৰিব চূড়ান্ত পৰীক্ষা ৷ জানিব পৰা মতে বাণিজ্যিক দিশটোৰ ওপৰতো পৰীক্ষা কৰি থকা হৈছে ৷ অনুজ্ঞাপত্ৰৰ বাবে থকা চৰ্তসমূহৰ পৰীক্ষা ইতিমধ্য কৰা হৈছে । তদুপৰি টেলিকম মন্ত্ৰণালয়ে কেতবোৰ চৰ্ত বান্ধি দিছে গ্ৰাহকৰ তথ্য সুৰক্ষাৰ ক্ষেত্ৰত ৷ এই সকলোবোৰ ঠিকে-ঠাকে গ’লে হয়োত খুউব সোনকালে ভাৰতবাসীয়েও উপভোগ কৰিব পাৰিব ইলন মাস্কৰ ষ্টাৰলিংক সেৱা ৷

লগতে পঢ়ক: কেৱল ভাবি থাকিয়েই ভিডিঅ' গেম খেলা সম্ভৱনে ? ইলন মাস্কৰ নিউৰালিঙ্কে দেখুৱাইছে নতুন দিগন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.