ETV Bharat / sukhibhava

Alzheimer: চিকিৎসা পদ্ধতিতকৈ পূৰ্বেই ধৰা পেলাব পাৰিব এই ৰোগ

author img

By

Published : Jan 31, 2023, 1:00 PM IST

Updated : Jan 31, 2023, 1:48 PM IST

আলঝেইমাৰ এক বয়সজনিত ৰোগ । ৰোগীৰ বয়স বাঢ়ি যোৱাৰ লগে লগে লাহে লাহে স্মৃতিশক্তি হেৰাই পিছলৈ একেবাৰে লোপ পায় । বিশ্বৰ প্ৰায় ২ শতাংশ ৬০ বয়সৰ ঊৰ্দ্ধৰ ব্যক্তি এই ৰোগত ভোগা দেখা যায় । কিন্তু পূৰ্বে এই ৰোগ ধৰা পেলোৱাটো কঠিন আছিল যদিও ব্ৰিটিছ বিজ্ঞানীসকলে চিকিৎসা পৰীক্ষাৰ তুলনাত চাৰে তিনি বছৰ পূৰ্বে আলঝেইমাৰ ৰোগ ধৰা পেলাব পৰা পদ্ধতিৰ উদ্ভৱ কৰিছে ৷ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক..

Gyan Netra: Alzheimer's can be detected before three and a half years
আক্ৰান্ত হোৱাৰ পূৰ্বেই ধৰা পেলাব পাৰিব এই ৰোগৰ লক্ষণ

আলঝেইমাৰ ৰোগ(Alzheimer) হোৱাৰ সঠিক কাৰণ জনা নাযায় যদিও জেনেটিক কাৰণো থাকিব পাৰে(Alzheimer's disease)। কাৰণ যিসকল লোকৰ পৰিয়ালত কাৰোবাৰ আলঝেইমাৰ ৰোগ হোৱাৰ ইতিহাস আছে, তেওঁলোকৰ বা তেওঁলোকৰ পিছৰ প্ৰজন্মৰ কাৰোবাৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক হয় । সক্ৰিয় হৈ থাকি পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিলে ইয়াৰ প্ৰভাৱ অলপ কমাব পাৰি ।

এনে ৰোগীয়ে প্ৰথম অৱস্থাত সদায় দেখি থকা বস্তুৰ, যেনে- কলম, পেপাৰ, চামুচ, টি.ভি. আদিৰ নাম পাহি যায়, কিছু সময় আগতে কোৱা কথাবোৰ আৰু কৰা কামবোৰ মনত নাথাকে । গা ধোৱা চাবোন, টুথব্ৰাছ আদি ক’ত ৰাখে পাহৰি যায়, আহাৰ খাই পাহৰি যায় আৰু পুনৰ খাব বিচাৰে, সদায় দেখি থাকিলেও সঠিকভাৱে মানুহৰ নাম, ঠাইৰ নাম, ৰাস্তা-পদূলি আদিৰ নাম পাহৰি চিনি নোপোৱা হৈ পৰে(Alzheimer disease treatment Symptoms)। ঘৰৰ পৰা ওলাই গ’লে ঘৰলৈ উভতি অহা ৰাস্তা পাহি অনাই-বনাই ঘূৰি ফুৰিব লগা অৱস্থা হয় । শোৱা কোঠা পাহৰি শোৱা কোঠা বুলি ভাবি বাথৰুম বা পাকঘৰত সোমায়, ৰোগীৰ মুড সঘনাই সলনি হৈ থাকে ।

কেতিয়াবা যদি খঙাল হৈ আক্ৰমণাত্মক হৈ উঠে, কেতিয়াবা আকৌ সৰু ল’ৰা-ছোৱালীৰ দৰে অঁকৰা বা আৱেগিক হৈ পৰে । টি.ভি., ৰেডিঅ’ আদি চলাব নোৱৰা হৈ পৰে । ফোনটোও ধৰিব নজনা হয় । সাধাৰণ খেলবোৰৰ (লুডু, কেৰম আদি) নিয়মবোৰ পাহৰি তাকো খেলিব নোৱৰা হৈ পৰে, ঘৰত পিন্ধি থকা পোছাকেৰে বাহিৰলৈ ওলাই যায় । লাহে লাহে ঘৰৰ মানুহকো চিনি নোপোৱা হৈ পৰে, ৰোগীৰ শৌচ-প্ৰস্ৰাৱৰ ওপৰতো নিয়ন্ত্ৰণ নথকা হৈ পৰে, ৰোগী সম্পূৰ্ণ এটা কেঁচুৱাৰ দৰে হৈ শয্যাশায়ী হৈ পৰে । এনে ৰোগী হঠাত্ পৰি শাৰীৰিক আঘাত পোৱা, মানসিক সমস্যাত ভোগা, চাফ-চিকুণতাৰ অভাৱত সঘনাই বীজাণুৰ দ্বাৰা সংক্ৰমিত হৈ ৰোগত পৰা আৰু ৰোগী ডায়েবেটিছ বা উচ্চ ৰক্তচাপত ভুগিলে চিকিৎসা কৰা টান হৈ পৰে(Alzheimer disease caused by deficiency of)।

উল্লেখ্য যে, ব্ৰিটিছ বিজ্ঞানীসকলে নিয়মীয়া চিকিৎসা পৰীক্ষাৰ তুলনাত চাৰে তিনি বছৰ পূৰ্বে আলঝেইমাৰ ৰোগ ধৰা পেলাব পৰা তেজৰ পৰীক্ষা প্ৰস্তুত কৰিছে(Researchers predict Alzheimer progression)। ইয়াৰ দ্বাৰা তেজত থকা পদাৰ্থই মগজুৰ কোষৰ জন্ম প্ৰক্ৰিয়া (নিউৰ’জেনেছিছ) নিয়ন্ত্ৰণ কৰে বুলি তত্ত্বক সমৰ্থন কৰে ।

স্নায়ুজন্মৰ প্ৰক্ৰিয়াটো মগজুৰ এটা মূল অংশ হিপ’কেম্পছত সংঘটিত হয় । এই অংশটো শিক্ষণ আৰু স্মৃতিশক্তিৰ লগত জড়িত । আলঝেইমাৰ ৰোগৰ প্ৰাৰম্ভিক অৱস্থাত হিপ’কেম্পছত স্নায়ুকোষৰ প্ৰজন্ম বিকল হৈ পৰে । কিন্তু বিজ্ঞানীসকলে কয় যে, ৰোগটো গুৰুতৰ পৰ্যায়ত থাকিলেহে এনে প্ৰক্ৰিয়া সংঘটিত হয় বুলি পূৰ্বৰ দাবী ভুল । মধ্যমীয়া জ্ঞানশক্তিৰ অক্ষমতা (MCI) থকা ৫৬ জন ৰোগীৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰি বিশ্লেষণ কৰা হৈছিল । এই বিকাৰগ্ৰস্ত লোকসকল ভৱিষ্যতে আলঝেইমাৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি । বিজ্ঞানীসকলে পৰীক্ষা কৰা ৫৬ জন লোকৰ ভিতৰত ৩৬ জন লোকে পিছত এই ৰোগত আক্ৰান্ত হয় । এই নমুনাসমূহ পৰীক্ষা কৰা বিজ্ঞানীসকলে চাৰে তিনি বছৰৰ পূৰ্বে তেজত স্নায়ুজন্ম সম্পৰ্কীয় পৰিৱৰ্তনৰ লেখ-জোখ ধৰা পেলাবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক: Alzheimer ৰ ফলত আপুনি হেৰুৱাব পাৰে দৃষ্টিশক্তি

Last Updated : Jan 31, 2023, 1:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.