অসম

assam

PM Modi’s 73rd birth anniversary: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 73 সংখ্যক জন্ম বাৰ্ষিকী

By ANI

Published : Sep 17, 2023, 8:51 AM IST

দেওবাৰে 73 বছৰ অতিক্ৰম দিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ 'NaMo' এপৰ যোগেদি বিভিন্নজনে প্ৰধানমন্ত্ৰীলৈ জনাইছে জন্মদিনৰ শুভেচ্ছাবাৰ্তা ।

PM Modi’s 73rd birth anniversary
আজি 73 বছৰত ভৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ:আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ৷ 73 বছৰ সম্পূৰ্ণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক 'NaMo' এপৰ যোগেদি বিভিন্নজনে জন্মদিনৰ শুভেচ্ছাবাৰ্তা জনাইছে ।

প্ৰধানমন্ত্ৰী মোদীৰ অনুৰাগীসকলে 'NaMo' এপৰ যোগেদি জন্ম বাৰ্ষিকীত শুভেচ্ছা জনোৱাৰ লগতে এই এপটো গণসংযোগৰ বাবে এক অন্যতম আগশাৰীৰ অনলাইন মঞ্চত পৰিণত হৈছে বুলি জানিব পৰা গৈছে । বিজেপি কৰ্মকৰ্তা অথবা সৰ্বসাধাৰণ লোকেও জাতি নিৰ্মাণৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে ।

এই এপটোৰ জৰিয়তে দেশখনৰ নাগৰিকসকলে নিৰ্দিষ্ট একো একোটা ক্ষেত্ৰ বাছি লৈ তেওঁলোকে জাতি গঠনৰ দিশত বিশেষ অৰিহণা যোগাব পাৰে আৰু এই লক্ষ্যৰ দিশত নিজৰ প্ৰচেষ্টা নিৰ্দেশিত কৰাৰ বাবে গুৰুত্বৰপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব পাৰে । ব্যৱহাৰকাৰীসকলে বেজ লাভ কৰিবলৈ ‘সেৱা কাৰ্যকলাপ’ৰ ছবিও আপলোড কৰিব পাৰে ।

এপ্লিকেচনটোৱে 9 টা ভিন্ন ‘সেৱা কাৰ্যকলাপ’ ৰ ব্যৱস্থা কৰে যাৰ বাবে ব্যৱহাৰকাৰীসকলে ছবি আপলোড কৰিব পাৰে ।

‘সেৱা কাৰ্যকলাপ’ সম্পূৰ্ণ হোৱাৰ পিছত লাভ কৰা বেজসমূহ ছ’চিয়েল মিডিয়াৰ লগতে তেওঁলোকৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব পাৰিব, যাতে তেওঁলোকে দেশৰ ভৱিষ্যত গঢ় দিয়াত অৰিহণা যোগাব পৰা অনুৰূপ কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব পাৰে ।

NaMo’ এপটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে নিজৰ পছন্দৰ যিকোনো কেন্দ্ৰীয় পদক্ষেপ অৰ্থাৎ আঁচনিৰ দিশত 5 টকাৰ পৰা 100 টকাৰ ভিতৰত ক্ষুদ্ৰ বৰঙণি আগবঢ়াব পাৰে । ইয়াৰ ভিতৰত ‘স্বচ্ছ ভাৰত মিছন’, ‘বেটি বচাও বেটি পঢ়াও’ আৰু ‘কিষাণ সেৱা’।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 73 বছৰীয়া জন্ম বাৰ্ষিকী উদযাপনৰ বাবে বিজেপি কৰ্মকৰ্তাই গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচীৰ ৷

লগতে পঢ়ক:Aircraft crash: মাছ ধৰিবলৈ গৈ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 12 গৰাকী যাত্ৰীয়ে

ABOUT THE AUTHOR

...view details