ETV Bharat / international

Aircraft crash: মাছ ধৰিবলৈ গৈ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 12 গৰাকী যাত্ৰীয়ে

author img

By ANI

Published : Sep 17, 2023, 7:34 AM IST

ব্ৰাজিলৰ বাৰ্চেলছত বিমান দুৰ্ঘটনাগ্ৰস্ত ৷ পাইলট, সহ-পাইলটসহ 12 গৰাকী যাত্ৰীৰ মৃত্যু দুৰ্ঘটনাটোত ৷

14 dead as medium-sized aircraft crashes in Barcelos
ব্ৰাজিলত শোকাৱহ বিমান দুৰ্ঘটনা

ইণ্টাৰনেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ: শনিবাৰে বিয়লি ব্ৰাজিলৰ বাৰ্চেলছত সংঘটিত হয় শোকাৱহ বিমান দুৰ্ঘটনা ৷ এখন মজলীয়া আকাৰৰ বিমান হোৱাৰ ফলত যাত্ৰী আৰু ক্ৰুকে ধৰি 14 জন লোকৰ মৃত্যু হয় । বাণ্ডেইৰাণ্টে মডেলৰ বিমানখনত পাইলট আৰু সহ-পাইলটৰ সৈতে 12 গৰাকী যাত্ৰী আছিল । অসামৰিক প্ৰতিৰক্ষাৰ উদ্ধৃতিৰে প্ৰতিবেদনযোগে জানিব পৰা মতে, বিমানখনৰ ভিতৰত থকা কোনো লোকৰে প্ৰাণ ৰক্ষা পৰা নাই ।

CNN ব্ৰাজিলৰ বাতৰি অনুসৰি ৰাজ্যখনৰ ৰাজধানী মানাউছৰ পৰা প্ৰায় 400 কিলোমিটাৰ দূৰত্বত অৱস্থিত চহৰখনত অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হয় । প্ৰতিবেদন অনুসৰি বিয়লি প্ৰায় 3 বজাত (স্থানীয় সময় অনুসৰি) দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰতিকূল বতৰৰ বাবেই বিমানখন সম্ভৱতঃ দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷ লগতে অৱতৰণৰ সময়ত প্ৰচণ্ড বৰষুণ হৈছিল বুলি প্ৰতিবেদনত উল্লেখ ।

CNN য়ে জানিবলৈ দিয়া অনুসৰি, বিমানখনত থকা যাত্ৰীসকলে বিনোদনমূলকভাৱে মাছ ধৰাৰ অনুশীলন কৰিবলৈ ওলাইছিল । চেণ্টাৰ ফৰ ৰিচাৰ্চ এণ্ড প্ৰিভেনচন অৱ এৰ’নটিকেল এক্সিডেণ্টে (Cenipa) এক বিবৃতিত নিশ্চিত কৰিছে যে সপ্তম আঞ্চলিক চাৰ্ভিচ ফৰ ইনভেষ্টিগেচন এণ্ড প্ৰিভেনচন অৱ এৰ’নটিকেল এক্সিডেণ্টছ (Seripa VII)ৰ তদন্তকাৰী দলক বিমান দুৰ্ঘটনাস্থলীত উপস্থিত হয় এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে ।

CNN ব্ৰাজিলে প্ৰকাশ কৰা অনুসৰি, চেনিপাৰ মতে, প্ৰথম অৱস্থাত তথ্য সংগ্ৰহ আৰু নিশ্চিত কৰা, প্ৰমাণ সংৰক্ষণ, বিমানখনৰ ক্ষতিৰ পৰীক্ষণ আৰু তদন্ত প্ৰক্ৰিয়াৰ বাবে অন্যান্য গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহৰ বাবে বিশেষ কৌশল ব্যৱহাৰ কৰা হয় । তদন্তৰ সিদ্ধান্তত সম্ভৱপৰ ন্যূনতম সময় লাগিব আৰু ই সদায় প্ৰতিটো পৰিঘটনাৰ জটিলতাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে আৰু লগতে কয় যে তদন্তই এই কাণ্ডৰ সম্ভাৱ্য অৰিহণা যোগোৱা কাৰকসমূহো চিনাক্ত কৰাটো প্ৰয়োজন ।

ৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা (Anac)ৰ মতে, বিমানখন মানাউছ টেক্সি এৰিঅ’ নামৰ কোম্পানীটোৰ আছিল আৰু ইয়াক এয়াৰ টেক্সি সেৱা চলাবলৈ অনুমোদন প্ৰদান কৰা হৈছিল । CNN ব্ৰাজিলৰ মতে, বিমানখন চলোৱা কোম্পানী মানাউছ এৰোটাক্সিয়ে এক বিবৃতিত নিশ্চিত কৰিছে যে এই দুৰ্ঘটনাটোত পিটি-এছঅ’জি বিমান জড়িত আছিল । অসামৰিক প্ৰতিৰক্ষা বিভাগে বিবৃত্তিযোগে নিহত ব্যক্তিসকললৈ শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: Zelenskyy to visit White House : জেলেনস্কিৰ আমেৰিকা ভ্ৰমণৰ পৰিকল্পনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.