ETV Bharat / international

Zelenskyy to visit White House : জেলেনস্কিৰ আমেৰিকা ভ্ৰমণৰ পৰিকল্পনা

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 10:42 AM IST

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে হোৱাইট হাউছ ভ্ৰমণৰ পৰিকল্পনা কৰিছে । ৰছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়ত আমেৰিকান কংগ্ৰেছে ৰাষ্ট্ৰপতি জো বাইডেনৰ ২৪ বিলিয়ন আমেৰিকান ডলাৰ সামৰিক আৰু মানৱীয় সাহায্য প্ৰদান কৰাৰ অনুৰোধক লৈ বিতৰ্ক কৰি থকাৰ সময়তে জেলেনস্কিয়ে আমেৰিকা ভ্ৰমণ কৰিব ওলাইছে ।

Zelenskyy to visit White House
Zelenskyy to visit White House

ইণ্টাৰনেচনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে অহা সপ্তাহত আমেৰিকা ভ্ৰমণ কৰিব । তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সময়তে হোৱাইট হাউছ আৰু কেপিটল হিল ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । আনহাতে, জেলেনস্কিৰ ভ্ৰমণৰ পৰিকল্পনা এনে সময়ত কৰা হৈছে, যিটো সময়ত আমেৰিকান কংগ্ৰেছে ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়া ইউক্ৰেইনৰ বাবে ২৪ বিলিয়ন আমেৰিকান ডলাৰ সামৰিক আৰু মানৱীয় সাহায্য প্ৰদান কৰাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ অনুৰোধক লৈ বিতৰ্ক কৰি আছে ।

ইফালে ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে শুকুৰবাৰে নিশ্চিত কৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে বৃহস্পতিবাৰে হোৱাইট হাউছত জেলেনস্কিক আতিথ্য দিব । উল্লেখ্য যে এইটো তৃতীয়বাৰৰ বাবে বাইডেন আৰু ইউক্ৰেইনৰ নেতাগৰাকী হোৱাইট হাউছত মিলিত হ'ব ।

উল্লেখ্য যে নিশ্চিতভাৱে এইটো এনে এক সংকটজনক সময়ত আহিছে, যিটো সময়ত ৰাছিয়াই ইউক্ৰেইনত যুদ্ধৰ বাবে উত্তৰ কোৰিয়াৰ দৰে দেশৰ পৰা সহায় বিচাৰিছে । কিয়নো ইউক্ৰেইন বাহিনীয়ে ৰাছিয়াৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰত্যাক্ৰমণত অগ্ৰগতি অব্যাহত ৰাখিছে । আনহাতে, পৰৱৰ্তী ইউক্ৰেইন প্ৰতিৰক্ষা সম্পৰ্ক গ্ৰুপৰ বৈঠকৰ ঠিক পিছতে প্ৰতিৰক্ষা সচিব (লয়ড) অষ্টিনে অহা সপ্তাহৰ আৰম্ভণিতে ইউৰোপত আমেৰিকাৰ মিত্ৰশক্তি আৰু অংশীদাৰৰ সৈতে বৈঠক আয়োজন কৰিছে । শুকুৰবাৰে হোৱাইট হাউছত এক সংবাদমেলত ছুলিভানে কয় ।

ছুলিভানে লগতে এইটোও নিশ্চিত কৰে যে জেলেনস্কিয়ে কেপিটল ভ্ৰমণ কৰিব । "মই ভাবোঁ যে তেওঁ কেৱল হোৱাইট হাউছত ৰাষ্ট্ৰপতি বাইডেনক লগ কৰিবলৈয়ে নহয়, দুয়োটা দলৰ কংগ্ৰেছ নেতাসকলক এই গোটেই নিৰ্মম যুদ্ধৰ সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ ইউক্ৰেইনৰ এক মহান বন্ধু আৰু অংশীদাৰ হৈ থকাৰ বাবে ওলোৱা সুযোগৰ বাবে অপেক্ষা কৰি আছে ।" তেওঁ কয় ।

উল্লেখ্য যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ২০২২ চনৰ ডিচেম্বৰত ৱাশ্বিংটনলৈ যুদ্ধকালীন ভ্ৰমণ কৰিছিল আৰু কংগ্ৰেছৰ এখন যুটীয়া সভাত এক আবেগপূৰ্ণ ভাষণ দিছিল । সেই সময়ত উক্ত বছৰৰ ফেব্ৰুৱাৰীত ৰাছিয়াই আক্ৰমণ কৰাৰ পিছত সেইটো আছিল তেওঁৰ দেশৰ বাহিৰলৈ প্ৰথমটো ভ্ৰমণ ।

লগতে পঢ়ক :Hunter Biden Case : আগ্নেয়াস্ত্ৰৰ অভিযোগত অভিযুক্ত বাইডেনৰ পুত্ৰ; নিৰ্বাচনৰ পূৰ্বে মোক্ষম আঘাত বাইডেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.