অসম

assam

Balasore Train Accident : ওড়িশা চৰকাৰৰ সন্মতি; বালাছোৰ ৰে'ল দুৰ্ঘটনাত গোচৰ ৰুজু চিবিআইৰ

By

Published : Jun 6, 2023, 5:18 PM IST

ৰে'ল কৰ্তৃপক্ষই ইতিমধ্যে তেওঁলোকৰ অনুসন্ধান সম্প্ৰসাৰিত কৰিছে আৰু প্ৰায় তিনি দশকৰ ভিতৰত আটাইতকৈ ভয়ানক ৰে'ল দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ'ল সেয়া নিশ্চিত কৰিবলৈ দুয়োখন ৰে'লৰ সহকাৰী ষ্টেচন মাষ্টাৰ আৰু চালকসকলক সোধাপোছা কৰিছে । তাৰ মাজতে চিবিআয়ে এই দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে (CBI registers case on Balasore Train Accident) ।

Balasore Train Accident
Balasore Train Accident

নিউজ ডেস্ক, ৬ জুন : ওড়িশা ৰে'ল দুৰ্ঘটনা সন্দৰ্ভত গোচৰ ৰুজু চিবিআইৰ (CBI registers case on Balasore Train Accident) । কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে (Central Bureau of Investigation) ৰে'ল মন্ত্ৰালয়ৰ অনুৰোধত আৰু ওড়িশা চৰকাৰৰ সন্মতিত এই দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে । উল্লেখ্য, ২ জুনত ওড়িশাৰ বাহানাগা বজাৰত ক'ৰ'মণ্ডল এক্সপ্ৰেছ, যশৱন্তপুৰ-হাওৰা এক্সপ্ৰেছ আৰু এখন মালগাড়ীৰ মাজত সংঘৰ্ষৰ ফলত দশকটোৰ ভিতৰতে আটাইতকৈ ভয়ানক ৰে'ল দুৰ্ঘটনা সংঘটিত হয় (Odisha triple train accident) ।

চিবিআয়ে উক্ত দুৰ্ঘটনা সন্দৰ্ভত ওড়িশাৰ কটক জিলাৰ বালাছোৰ জিআৰপিএছ ৩ জুন তাৰিখে পঞ্জীয়ন কৰা ৬৪ নম্বৰৰ গোচৰটোৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে । ইতিমধ্যে চিবিআইৰ এটা দল বালাছোৰত গৈ উপস্থিত হৈছে ।

উল্লেখ্য যে ৰে'ল কৰ্তৃপক্ষই ইতিমধ্যে তেওঁলোকৰ অনুসন্ধান সম্প্ৰসাৰিত কৰিছে আৰু প্ৰায় তিনি দশকৰ ভিতৰত আটাইতকৈ ভয়ানক ৰে'ল দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ'ল সেয়া নিশ্চিত কৰিবলৈ দুয়োখন ৰে'লৰ সহকাৰী ষ্টেচন মাষ্টাৰ আৰু চালকসকলক সোধাপোছা কৰিছে ।

আনহাতে, ৰে'লৱেৰ প্ৰাথমিক অনুসন্ধানত ইণ্টাৰলকিং আৰু পইণ্ট মেচিনৰ পৰিৱৰ্তন চিনাক্ত কৰা হৈছে । এয়া হৈছে ৰে'লসমূহক ইখনে সিখনক পথ অতিক্ৰম কৰাৰ বাবে প্ৰস্তুত কৰা আন্তঃসংযোগযুক্ত সুৰক্ষা পৰীক্ষাৰ এক জটিল ব্যৱস্থা । চেন্নাই অভিমুখী ক'ৰ'মণ্ডল এক্সপ্ৰেছ, হাওৰা অভিমুখী যশৱন্তপুৰ এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে'লৰ দুৰ্ঘটনাৰ কাৰণ হিচাপে ইয়াৰ বিসংগতি ধৰা পৰিছে ।

"অৱশ্যে চিবিআয়ে মানৱীয় ত্ৰুটি, ক'ৰ'মণ্ডল এক্সপ্ৰেছক পথচ্যুত কৰাৰ ইচ্ছাকৃত প্ৰয়াস আৰু যিকোনো বাহ্যিক কাৰককে ধৰি সকলো দিশ চাব ।" নাম উল্লেখ কৰিব নিবিচৰা এজন বিষয়াই কয় ।

উল্লেখ্য, ১৯৯৫ চনৰ পিছত ৰাজহুৱা পৰিবহণ বিভাগত সংঘটিত আটাইতকৈ ভয়ংকৰ এই দুৰ্ঘটনাটোত প্ৰায় ২৭৮ জন লোক নিহত হোৱাৰ (278 people killed in balasore train accident) লগতে প্ৰায় ১,১০০ জন আহত হৈছে । ইফালে দেওবাৰে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে (union railway minister Ashwini Vaishnaw) কৈছিল যে ৰে'লৱে বোৰ্ডে সম্ভাৱ্য কূটাঘাতৰ চেষ্টাৰ সন্দেহত দুৰ্ঘটনাটোৰ চিবিআই তদন্ত বিচাৰিছে ।

আনহাতে, সংস্থাটোৰ অনুসন্ধানকাৰী আৰু কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ (Central Forensic Science Laboratory) বিশেষজ্ঞসকলে দুৰ্ঘটনাস্থলীৰ পৰা প্ৰমাণ, ৰে'ল মন্ত্ৰালয়ৰ নথিপত্ৰ সংগ্ৰহ কৰিব আৰু ভুক্তভোগী, ৰে'ল কৰ্মচাৰী, উদ্ধাৰকাৰী, স্থানীয় প্ৰশাসন আৰু প্ৰত্যক্ষদৰ্শীসকলৰ পৰা প্ৰকৃততে কি ঘটিছিল সেয়া প্ৰমাণ কৰিব বুলি আশা কৰা হৈছে । নাম প্ৰকাশ নকৰাৰ চৰ্তত চিবিআইৰ এজন বিষয়াই এই কথা কয় ।

লগতে পঢ়ক :Odisha train tragedy : এতিয়াও চিনাক্ত হোৱা নাই ১২৪ মৃতদেহ; ডিএনএ পৰীক্ষাৰ ব্যৱস্থা

ABOUT THE AUTHOR

...view details