ETV Bharat / bharat

Odisha train tragedy : এতিয়াও চিনাক্ত হোৱা নাই ১২৪ মৃতদেহ; ডিএনএ পৰীক্ষাৰ ব্যৱস্থা

author img

By

Published : Jun 5, 2023, 4:44 PM IST

Odisha train tragedy
Odisha train tragedy

এই মৃতদেহবোৰ চিনাক্ত কৰাটো কৰ্তৃপক্ষৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে । সেয়েহে চৰকাৰে তেওঁলোকৰ বিষয়ে তথ্য নিশ্চিত কৰিবলৈ ডিএনএ নমুনা ৰখাৰ কথা বিবেচনা কৰা হৈছে (Odisha train tragedy) ।

নিউজ ডেস্ক, ৫ জুন : ওড়িশা ৰে'ল দুৰ্ঘটনাত নিহত ২৭৫ জন লোকৰ ভিতৰত ১২৪ জনৰ মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই (124 bodies unidentified in Odisha train accident) । কিয়নো দুৰ্ঘটনাৰ পিছত তেওঁলোকৰ কিছুমানৰ মুখাৱয়ৱ সম্পূৰ্ণভাৱে বিকৃত হৈ পৰিছে (Odisha train tragedy) ।

যাৰ ফলত এই মৃতদেহবোৰ চিনাক্ত কৰাটো কৰ্তৃপক্ষৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে । সেয়ে তেওঁলোকৰ বিষয়ে তথ্য নিশ্চিত কৰিবলৈ ডিএনএ নমুনা ৰখাৰ কথাও বিবেচনা কৰা হৈছে (DNA sampling to unidentified bodies) । এই সন্দৰ্ভত ভুৱনেশ্বৰ পৌৰ নিগমৰ এজন বিষয়াই কয় যে কিছুমান মৃতদেহৰ অৱস্থা অতি বেয়া আৰু মুখবোৰ সঠিকভাৱে চিনাক্ত কৰিব পৰা হোৱা নাই । তেওঁ কয়, "এনে ক্ষেত্ৰত আমি ডিএনএ পৰীক্ষা কৰি আগবাঢ়িব লাগিব ।"

উল্লেখ্য, শুকুৰবাৰে ওড়িশাৰ বালাছোৰত সংঘটিত তিনিখন ৰে'লৰ দুৰ্ঘটনাৰ পৰা সোমবাৰে পুৱালৈকে ১৫১ টা মৃতদেহ চিনাক্ত কৰা হৈছে (Odisha triple train accident) । ২ জুনৰ সন্ধিয়া বাহানাগা বজাৰ অঞ্চলৰ ওচৰত সংঘটিত এই দুৰ্ঘটনাটোত কমেও ২৭৫ জন লোক নিহত হোৱাৰ লগতে হাজাৰোধিক লোক আহত হয় ।

আনহাতে, ওড়িশাৰ মুখ্য সচিব প্ৰদীপ জেনাই সোমবাৰে পুৱা জাৰি কৰা এক বিবৃতিত কয় যে এতিয়ালৈকে প্ৰায় ১৫১ টা মৃতদেহ চিনাক্ত কৰা হৈছে । "উপযুক্ত প্ৰক্ৰিয়াৰ পিছত সকলো মৃতদেহ তেওঁলোকৰ গন্তব্যস্থানলৈ স্থানান্তৰ কৰাৰ বাবে হস্তান্তৰ কৰা হয় । গন্তব্যস্থানলৈকে মৃতদেহবোৰ প্ৰেৰণৰ বাবে বিনামূলীয়া পৰিবহণৰ সকলো ব্যৱস্থা ওড়িশা চৰকাৰে কৰিছে ।" জেনাই বিবৃতিটোত কয় ।

উল্লেখ্য, দেশৰ ভিতৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাবোৰৰ ভিতৰত অন্যতম এই তিনিখন ৰে'লৰ দুৰ্ঘটনাত বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ, ক'ৰ'মণ্ডল এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে'ল তিনিটা পৃথক ট্ৰেকত জড়িত আছিল । ইয়াৰ পূৰ্বে দেওবাৰে ওড়িশাৰ মুখ্য সচিব প্ৰদীপ জেনাই স্পষ্ট কৰি দিছিল যে কিছুমান মৃতদেহ দুবাৰ গণনা কৰা বুলি নিৰ্ধাৰণ কৰাৰ পিছত এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত নিহতৰ সংখ্যা ২৮৮-ৰ পৰা ২৭৫-লৈ সংশোধন কৰা হৈছে ।

ইফালে ভাৰতীয় ৰে'লৱেই ওড়িশাৰ বালাছোৰৰ বাহানাগা ট্ৰেকত যাত্ৰীবাহী ৰে'ল চলাবলৈ আৰম্ভ কৰিছে । ৰে'ল দুৰ্ঘটনাটোৰ ফলত ক্ষতিগ্ৰস্ত ট্ৰেকবোৰ মেৰামতি কৰা হৈছে । বালাছোৰত সংঘটিত ৰে'ল দুৰ্ঘটনাৰ ৫১ ঘণ্টাৰ পিছত দেওবাৰে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এখন মালবাহী ৰে'লৰ যাত্ৰাৰে এই ট্ৰেকত পুনৰ ৰে'ল সেৱা আৰম্ভ কৰে (Union Railways Minister Ashwini Vaishnaw) ।

"দুয়োটা ট্ৰেকত ৰে'ল সেৱা পুনৰ আৰম্ভ কৰা হৈছে । দুৰ্ঘটনাটোৰ ৫১ ঘণ্টা পিছত এতিয়া দুয়োটা লাইনত স্বাভাৱিক ৰে'ল সেৱা আৰম্ভ কৰা হৈছে ।" অশ্বিনী বৈষ্ণৱে কয় ।

লগতে পঢ়ক :Rahul slams BJP : উৰিষ্যা ৰেল দুৰ্ঘটনাক গাড়ী দুৰ্ঘটনাৰ সৈতে তুলনা কৰিলে ৰাহুলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.