অসম

assam

24 houses collapsed in Agra: আগ্ৰাত খহিল 24 টাকৈ বাসগৃহ, ধ্বংসাৱশেষৰ মাজত আবদ্ধ বহু লোক

By

Published : Jan 26, 2023, 10:39 AM IST

আগ্ৰাত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ আগ্ৰা চিটি ষ্টেচন ৰোডৰ ধৰ্মশালাত খনন কাৰ্য চলি থকাৰ মাজতে অঞ্চলটোৰ 24 টাকৈ বাসগৃহ খহি পৰে (24 houses collapsed in Agra) ৷ উদ্ধাৰকাৰী দলে এতিয়ালৈ 3 গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বহু লোক ধ্বংসাৱশেষৰ মাজত সোমাই পৰা বুলি জানিব পৰা গৈছে ৷

many people buried under debris due to houses collapse during excavation in agra
আগ্ৰাত খনন কাৰ্যৰ বাবে খহি পৰিল 24 টাকৈ বাসগৃহ

আগ্ৰাত খনন কাৰ্যৰ বাবে খহি পৰিল 24 টাকৈ বাসগৃহ

নেশ্যনেল ডেস্ক, 26 জানুৱাৰী:আজি দেশজুৰি উলহে মালহে পালন কৰা হৈছে 74 সংখ্যক গণৰাজ্য দিৱস (74 th Republic Day) ৷ গণৰাজ্য দিৱসৰ উছাহৰ মাজতে উত্তৰ প্ৰদেশৰ আগ্ৰাত এটা শোকাৱহ ঘটনা সংঘটিত হয় ৷ বৃহস্পতিবাৰে আগ্ৰা চিটি ষ্টেচন ৰোডৰ ধৰ্মশালাত খনন কাৰ্য চলি থকাৰ মাজতে অঞ্চলটোত 24 টাকৈ বাসগৃহ খহি পৰে (24 houses collapsed in Agra) ৷ লগে লগে অঞ্চলটোত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় (houses collapse during excavation in Agra) ৷

ঘৰসমূহ খহি পৰাৰ ফলত সেই স্থানত বাস কৰা বহুলোক ধ্বংসস্তুপৰ তলত সোমাই পৰে (Many people feared buried debris)। ততালিকে স্থানীয় লোকসকলে ধ্বংসাৱশেষৰ মাজত পুত যোৱা লোকসকলক উদ্ধাৰৰ প্ৰয়াস অব্যাহত ৰাখিছে ৷ ঘটনাস্থলীত উপস্থিত লোকসকলে এই ঘটনাৰ বিষয়ে স্থানীয় প্ৰশাসনক অৱগত কৰাৰ পিছতো বহুস সময়লৈ এম্বুলেন্স আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হোৱা নাছিল ।

যদিও বহু পলমকৈ অভিযানকাৰী দলকে ধৰি আৰক্ষীৰ লোক আৰু এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয় (Rescue team continues rescue operation) ৷ উদ্ধাৰকাৰী দলে বাতৰি যুগুতোৱাৰ সময়লৈ ধ্বংসাৱশেষৰ তলৰ পৰা তিনিজন লোকক বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হৈছে (3 rescued in houses collapsed in Agra) ৷ উদ্ধাৰ অভিযানত এটা শিশুকো জীৱন্তে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ৷ এই ভয়ংকৰ ঘটনাটোত বহু লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হোৱাৰ আশংকা কৰিছে অৰক্ষীয়ে ।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি ধৰ্মশালাত চলি থকা খনন কাৰ্যৰ পৰিণতিতেই সেই স্থানত কৰা ঘৰবোৰ এনেদৰে খহি পৰিবলৈ পালে । সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগতে আৰক্ষীয়ে ঘটনা প্ৰসংগত অনুসন্ধান আৰম্ভ কৰিছে ৷

লগতে পঢ়ক:Blast in Manipur: গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া মণিপুৰত বিস্ফোৰণ; আহত 3

ABOUT THE AUTHOR

...view details