Blast in Manipur: গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া মণিপুৰত বিস্ফোৰণ; আহত 3

author img

By

Published : Jan 25, 2023, 7:35 PM IST

Updated : Jan 25, 2023, 10:06 PM IST

Blast in Manipur

মণিপুৰত বুধবাৰে সন্ধিয়া ভয়ংকৰ বিস্ফোৰণ (Blast in Manipur) ৷ তিনিগৰাকী লোক আহত ৷ সেনাৰ অভিযান আৰম্ভ ৷ কোনো সংগঠনে স্বীকাৰ কৰা নাই বিস্ফোৰণৰ দায়িত্ব ৷

নিউজ ডেস্ক, 25 জানুৱাৰী: গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া বিস্ফোৰণত কঁপি উঠিল উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য মণিপুৰৰ উখৰুল জিলা ৷ বুধবাৰে সন্ধিয়া প্ৰায় 5 বজাত এটা শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় মণিপুৰৰ উখৰুল জিলাত ৷ এই বিস্ফোৰণৰ ঘটনাই সাধাৰণ নাগৰিকৰ মনত আতংকৰ সৃষ্টি কৰিছে (Three people injured in a blast in Manipur) ৷

আৰক্ষী সূত্ৰই জনোৱা মতে, উখৰুল জিলাৰ গান্ধী চ’ক অঞ্চলত সন্ধিয়া এই শক্তিশালী বিস্ফোৰণটো সংঘটিত হয় ৷ এই বিস্ফোৰণৰ ঘটনাত এগৰাকী মহিলাসহ তিনিগৰাকী নীৰিহ নাগৰিক আহত হোৱাৰ খবৰ পোৱা গৈছে ৷ কোনো দুস্কৃতিকাৰীয়ে হেণ্ড গ্ৰেণেড দলিয়াই এই বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ আহত সকলক ততাতৈয়াকৈ লেইশিফুং হাস্পতালত ভৰ্তি কৰোৱা হয় (Blast in Manipur) ৷

ইতিমধ্যে বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলটো কেইফালৰ পৰা ঘেৰি ধৰিছে নিৰাপত্তা বাহিনীয়ে ৷ ঘটনাৰ শুংসূত্ৰ বিচাৰি সেনাই ইতিমধ্যে অভিযান আৰম্ভ কৰা বুলি এটা সূত্ৰই জানিবলৈ দিছে (Manipur blast updates) ৷

সংবাদ মাধ্যমৰ আগত উখৰুলৰ আৰক্ষী অধীক্ষক নিংশেন ৱাশুমে জনায় যে, এই বিস্ফোৰণৰ উদ্দেশ্য সন্দৰ্ভত তেওঁলোক এতিয়াও নিশ্চিত হোৱা নাই ৷ কোনো নিৰ্দিষ্ট লক্ষ্যক উদ্দেশ্যি বিস্ফোৰণটো ঘটোৱা হোৱা নাছিল বুলি তেওঁ জানিবলৈ দিয়ে (Unknown miscreant blast grande in Manipur) ৷

বিস্ফোৰণৰ ফলত চিটিকি অহা স্প্লিন্টাৰৰ আঘাতত তিনিগৰাকী সাধাৰণ নাগৰিক আহত হয় যদিও বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকে কোনো উগ্ৰপন্থী সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে দেশে উদযাপন কৰি 74 তম গণৰাজ্য দিৱস (74th Republic day) ৷ তাৰ বাবে ইতিমধ্যে সমগ্ৰ দেশতে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৷ গণৰাজ্য দিৱস উদযাপনত যাতে কোনো ব্যাঘাত জন্মিব নোৱাৰে বা কোনো যাতে কূটাঘাতমূলক ঘটনা সংঘটিত হ’ব নোৱাৰে, তাৰ বাবে দেশৰ প্ৰতিটো কোণতে সষ্টম হৈ পৰিছে আৰক্ষী আৰু নিৰাপত্তা বাহিনীসমূহ ৷ ঠায়ে ঠায়ে তালাচীৰ ব্যৱস্থা কৰি সন্দেহজনক গতিবিধিৰ ওপৰত তীক্ষ্ম নজৰ ৰাখিছে নিৰাপত্তাৰক্ষীসকলে ৷ তাৰ মাজতেই মণিপুৰত সংঘটিত বিস্ফোৰণৰ ঘটনাই ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: PM Modi meeting with Egyptian President : ভাৰত আৰু ইজিপ্তৰ মাজত ৫খন বুজাবুজি চুক্তি স্বাক্ষৰ

Last Updated :Jan 25, 2023, 10:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.