অসম

assam

Republic Day in Google Doodle : গুগল ডুডলত 74 সংখ্যক গণৰাজ্য দিৱসৰ কাগজৰ কলা

By

Published : Jan 26, 2023, 1:14 PM IST

চাৰ্চ ইঞ্জিন গুগলে ভাৰতৰ 74 সংখ্যক গণৰাজ্য দিৱসক জটিলভাৱে হাতেৰে কাটি কাগজেৰে সৃষ্টি কৰা এক শিল্পকৰ্মৰ সৈতে স্মৰণ কৰে । এই শিল্পকৰ্মত ৰাষ্ট্ৰপতি ভৱন, ইণ্ডিয়া গে'ট, নৰ্থ ব্লক আৰু ছাউথ ব্লক আৰু মটৰচাইকেল চলাই থকা 'ডেয়াৰডেভিলছ'ৰ এটা দল আছে (Google commemorates 74th Republic Day with doodle) ।

google
google

নিউজ ডেস্ক, ২৬ জানুৱাৰী : চাৰ্চ ইঞ্জিন গুগলে ভাৰতৰ 74 সংখ্যক গণৰাজ্য দিৱসক এক শিল্পকৰ্মৰ সৈতে স্মৰণ কৰিছে (74th Republic Day in Google Doole) । উক্ত শিল্পকৰ্মত জটিলভাৱে হাতেৰে কটা কাগজ ব্যৱহাৰ কৰা হৈছে । ইয়াত ৰাষ্ট্ৰপতি ভৱন, ইণ্ডিয়া গে'ট, নৰ্থ ব্লক আৰু ছাউথ ব্লকৰ দৰে আইকনিক লেণ্ডমাৰ্ক আছে । লগতে আছে মটৰচাইকেল চলাই থকা 'ডেয়াৰডেভিলছ'ৰ এটা দল (Google commemorates 74th Republic Day with doodle) ।

ডুডল শিল্পকৰ্মটো জটিলভাৱে হাতেৰে কটা কাগজৰ পৰা তৈয়াৰ কৰা হৈছে (doodle artwork for Republic Day) । গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ বহুতো উপাদান এই শিল্পকৰ্মত প্ৰতিনিধিত্ব কৰা হৈছে । তাৰ ভিতৰত আছে ৰাষ্ট্ৰপতি ভৱন (Rashtrapati Bhavan), ইণ্ডিয়া গে'ট (India Gate), চিআৰএফপিৰ পেৰেড দল আৰু মটৰচাইকেল আৰোহী । ডুডলত 'g', 'o', 'g', 'l' আৰু 'e' আখৰবোৰ ক'লা ফণ্টত দেখুওৱা হৈছে । আনহাতে, ৰাষ্ট্ৰপতি ভৱনৰ গম্বুজৰ ওপৰৰ এটা বৃত্তই 'গুগল'ত আনটো 'o'ক সাংকেতিকভাৱে প্ৰতিনিধিত্ব কৰিছে । এটা ময়ূৰ আৰু ফুলৰ আৰ্হিয়ে একৰঙী ৰঙৰ কলাত বিশেষ আকৰ্ষণৰ মাত্ৰা যোগ দিছে (Republic Day in Google Doodle) ।

গুজৰাটৰ এগৰাকী শিল্পী পাৰ্থ কোথেকাৰ হৈছে ডুডলে উদযাপন কৰা ভাৰতৰ গণৰাজ্য দিৱসৰ অতিথি চিত্ৰকৰ (Gujarat artist Parth Kothekar arts in Doodle) । পাৰ্থক দিনত ছয় ঘণ্টাকৈ চাৰি দিন সময় লাগিছিল ইয়াক প্ৰস্তুত কৰি উলিয়াবলৈ । কিয়নো তেওঁ ইয়াত দেশখনৰ সকলো আন্তঃসংযোগযুক্ত দিশৰ সৈতে ভাৰতৰ জটিলতা প্ৰদৰ্শন কৰিব বিচাৰিছিল ।

উক্ত শিল্পকৰ্মটো চাৰ্চ ইঞ্জিনটোৱে গ্ৰহণ কৰাৰ পিছত এই বিষয়ত তেওঁৰ প্ৰতিক্ৰিয়া সোধাত শিল্পীজনে উত্তৰ দিয়ে, "মোৰ হাঁহি উঠিছিল ! মই ই-মেইলটো একাধিকবাৰ পুনৰ পঢ়িছিলোঁ । কিয়নো মই বিশ্বাস কৰিব পৰা নাছিলোঁ আৰু আনন্দেৰে মই মোৰ মা আৰু ভনীক এই বিষয়ে অৱগত কৰিছিলোঁ । মই কেতিয়াও ভবা নাছিলোঁ যে মই এনেকুৱা সুযোগ পাম !" আনহাতে, ডুডলৰ এই কামটোৰ এটা ভিডিঅ' ৱেবছাইটত শ্বেয়াৰ কৰা হৈছে ।

"মোৰ অনুপ্ৰেৰণা আছিল ভাৰতৰ প্ৰতিকৃতি সৃষ্টি কৰা । গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ সময়ত অনুষ্ঠিত প্ৰদৰ্শনী অতি বিশাল আৰু মনোমোহা ! মই ইয়াৰ বিভিন্ন ধাৰা আৰু উপাদান একেলগে তাত বুটা বাচিব বিচাৰিছিলোঁ ।" শিল্পীগৰাকীয়ে শিল্পকৰ্মটোৰ বাবে তেওঁৰ অনুপ্ৰেৰণা সন্দৰ্ভত এনেদৰে কয় । "মোৰ স্কুলৰ দিনবোৰত প্ৰতি বছৰে মই গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ দ্বাৰা মন্ত্ৰমুগ্ধ হৈছিলোঁ । এই সুযোগটো লাভ কৰি সেই আকৰ্ষণক সজীৱ কৰি তুলিলে আৰু মই পেপাৰকাটত প্ৰদৰ্শিত প্ৰতিটো দিশৰ বিৱৰণলৈ যোৱাৰ লগে লগে ইয়াত ডুব গৈ ভালদৰে উপভোগ কৰিছিলোঁ । মই এই প্ৰক্ৰিয়াটোৰ জৰিয়তে বহুত শিকিছিলোঁ ।" শিল্পীজনে তেওঁৰ শৈশৱত অংশগ্ৰহণ কৰা গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ কথা মনত পেলাই এনেদৰে কয় ।

উল্লেখ্য, ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতে সংবিধান গ্ৰহণৰ লগে লগে নিজকে এক সাৰ্বভৌম, গণতান্ত্ৰিক আৰু গণৰাজ্য হিচাপে ঘোষণা কৰে। "ভাৰতে ১৯৪৭ চনত ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু তাৰ পিছতে ইয়াৰ সংবিধান ৰচনা কৰা আৰম্ভ কৰিছিল । ভাৰতৰ সংবিধান সভাই পৰিচালনা খচৰাৰ বিষয়ে আলোচনা, সংশোধন আৰু অনুমোদন ৰখাৰ বাবে দুবছৰ সময় লৈছিল আৰু যেতিয়া গ্ৰহণ কৰা হৈছিল তেতিয়া ভাৰত দীৰ্ঘতম সংবিধানৰ দেশ হৈ পৰিছিল । এই সংবিধান গ্ৰহণ কৰাৰ ফলত গণতন্ত্ৰৰ পথ প্ৰশস্ত হৈছে আৰু ভাৰতীয় নাগৰিকসকলক তেওঁলোকৰ নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে ।" ৱেবছাইটটোৱে কয় ।

লগতে পঢ়ক :PM’s message on Republic Day: দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details