অসম

assam

১৯৯১ তকৈ আহিবলগীয়া দিনবোৰ বেছি প্ৰত্যাহ্বানজনক: ড৹ মনমোহন সিং

By

Published : Jul 24, 2021, 12:56 PM IST

১৯৯১ চনত অৰ্থনৈতিক উদাৰীকৰণ (Economic Liberalization) প্ৰক্ৰিয়া এক অৰ্থনৈতিক সংকটৰ ফলত আৰম্ভ হৈছিল । সেই সময়ত দেশখনে সন্মুখীন হোৱা সমস্যা সমাধানৰ কোনো বিশেষ ব্যৱস্থাপনা নাছিল । ক'ভিড মহামাৰীৰ ফলত হোৱা ধ্বংসযজ্ঞ আৰু লাখ লাখ ভাৰতীয়ৰ প্ৰাণ হানিৰ বাবে তেওঁ গভীৰভাৱে দুখিত ।

Dr Manmohan Singh
১৯৯১ তকৈ আহিবলগীয়া দিনবোৰ বেছি প্ৰত্যাহ্বানজনক

নেশ্যনেল ডেস্ক, ২৪ জুলাই :ভাৰতে উদাৰীকৰণৰ (liberalization) তিনিটা দশক সম্পূৰ্ণ কৰিলে । এই বিশেষ মুহূৰ্তত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ (Dr Manmohan Singh) বিশেষ আহ্বান দেশবাসীলৈ । এয়া আচলতে আনন্দ কৰাৰ সময় নহয় আত্ম নিৰীক্ষণ কৰাৰহে সময় । কিয়নো ১৯৯১ ৰ অৰ্থনৈতিক সংকটতকৈও আগৰ দিনবোৰ আৰু বেছি কঠিন ।

অৰ্থনৈতিক উদাৰীকৰণৰ ৩০ তম বাৰ্ষিকী উপলক্ষে ড০ মনমোহন সিঙে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে । তেওঁৰ মতে ১৯৯১ চনত অৰ্থনৈতিক উদাৰীকৰণ (Economic Liberalization) প্ৰক্ৰিয়া এক অৰ্থনৈতিক সংকটৰ ফলত আৰম্ভ হৈছিল । সেই সময়ত দেশখনে সন্মুখীন হোৱা সমস্যা সমাধানৰ কোনো বিশেষ ব্যৱস্থাপনা নাছিল । সেই সময়ত দেশবাসীৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ লগতে চৰকাৰে অৰ্থনীতি নিয়ন্ত্ৰণ ত্যাগ কৰাৰ আত্মবিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ কৰা হৈছিল ।

মহামাৰী সন্দৰ্ভটো প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে মত পোষণ কৰে । তেওঁ কয় যে ক'ভিড মহামাৰীৰ ফলত হোৱা ধ্বংসযজ্ঞ আৰু লাখ লাখ ভাৰতীয়ৰ প্ৰাণ হানিৰ বাবে তেওঁ গভীৰভাৱে দুখিত । স্বাস্থ্য আৰু শিক্ষাৰ সামাজিক ক্ষেত্ৰসমূহ বহু পৰিমাণে পিছ পৰি গৈছে আৰু দেশৰ অৰ্থনৈতিক প্ৰগতিৰ সৈতে সামঞ্জস্য নোহোৱা হৈছে । বহুতে জীৱন আৰু জীৱিকা হেৰুৱাইছে, যিটো হ'ব নালাগিছিল বুলি উল্লেখ কৰে সিঙে ।

দুবাৰৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই সময়ৰ কথা স্মৰণ কৰি কয় যে এয়া আনন্দ আৰু উল্লাস কৰাৰ সময় নহয়, আত্মনিৰীক্ষণ আৰু চিন্তা কৰাৰ সময় । এখন ৰাষ্ট্ৰ হিচাপে আমাৰ অগ্ৰাধিকাৰসমূহ পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন, আমি প্ৰতিজন ভাৰতীয়ৰ বাবে এক স্বাস্থ্যকৰ আৰু উন্নত জীৱন নিশ্চিত কৰিব লাগিব বুলি উল্লেখ কৰে ড০ মনমোহন সিঙ । তেওঁ কয় যে ৩০ বছৰ পূৰ্বে আজিৰ দিনটোতে ১৯৯১ চনত কংগ্ৰেছ দলে ভাৰতৰ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ সংস্কাৰৰ সূচনা কৰিছিল আৰু আমাৰ দেশৰ অৰ্থনৈতিক নীতিৰ বাবে নতুন পথ প্ৰশস্ত কৰিছিল ।

যোৱা তিনি দশকত ক্ৰমান্বয়ে চৰকাৰসমূহে আমাৰ দেশক ৩ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ আৰু বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ মঞ্চলৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিছে । তেওঁ লগতে কয় যে এই সময়ছোৱাত প্ৰায় ৩০০ নিযুত ভাৰতীয়ক দৰিদ্ৰতাৰ পৰা মুক্তি দিয়া হৈছে আৰু আমাৰ যুৱপ্ৰজন্মৰ বাবে কেইবা কোটি নতুন চাকৰি প্ৰদান কৰা হৈছে । সিঙে লগতে উল্লেখ কৰে যে এই সংস্কাৰ প্ৰক্ৰিয়াই ঔদ্যোগীক বিকাশৰ পথ মুকলি কৰিছে যাৰ ফলত বিশ্বৰ কিছুমান সৰ্ববৃহৎ কোম্পানীৰ আগমন ঘটিছে আৰু বহুক্ষেত্ৰত বিশ্বত ভাৰতে এক সঠিক স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :শেষ হৈছে পাঞ্জাৱ কংগ্ৰেছৰ সংকট: ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details