ETV Bharat / bharat

শেষ হৈছে পাঞ্জাৱ কংগ্ৰেছৰ সংকট: ৰাহুল গান্ধী

author img

By

Published : Jul 23, 2021, 9:21 PM IST

Punjab crisis has been resolved
শেষ হৈছে পাঞ্জাৱ কংগ্ৰেছৰ সংকট

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দাবী কৰা মতে সভাপতি নিযুক্তিৰ লগে লগে পাঞ্জাৱ কংগ্ৰেছৰ (Punjab Congress) সংকট দূৰ হৈছে । শুকুৰবাৰে সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে (Rahul Gandhi)। নেতাগৰাকীৰ মতে দীৰ্ঘদিন ধৰি চলা বিতৰ্ক ইয়াতে সমাপ্ত হ'ব ।

নেশ্যনেল ডেস্ক, ২৩ জুলাই : শেহতীয়াকৈ পাঞ্জাৱ কংগ্ৰেছত (Punjab Congress) দেখা দিয়া সংকটে চিন্তিত কৰিছিল কেন্দ্ৰীয় নেতৃত্বক । পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং (Punjab Cm Captain Amarinder Singh) আৰু নৱজ্যোৎ সিং সিদ্ধুৰ (Navjot Singh Sidhu) মাজত চলি থকা বিতৰ্কৰ বাবে কংগ্ৰেছৰ ভিতৰচ'ৰাত তীব্ৰ উত্তেজনা বৃদ্ধি পাইছিল । কিন্তু শেহতীয়াকৈ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে (Sonia Gandhi) পাঞ্জাৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিছে নৱজ্যোৎ সিং সিদ্ধুক । সভাপতি নিযুক্তিৰ লগে লগে বহুতে আশা কৰিছে যে পাঞ্জাৱ কংগ্ৰেছৰ দুই শীৰ্ষ নেতাৰ মাজত চলি থকা মতবিৰোধ অতি শীঘ্ৰে শেষ হ'ব ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) দাবী কৰা মতে সভাপতি নিযুক্তিৰ লগে লগে পাঞ্জাৱ কংগ্ৰেছৰ সংকট দূৰ হৈছে । শুকুৰবাৰে সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে । নেতাগৰাকীৰ মতে দীৰ্ঘদিন ধৰি চলা বিতৰ্ক ইয়াতে সমাপ্ত হ'ব ।

ইফালে বৃহস্পতিবাৰে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে সিদ্ধুৱে সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীত উপস্থিত থকাৰ ইংগিত দিছিল । ইয়াৰ উপৰিও শুকুৰবাৰে সকলো বিবাদ সামৰি দীৰ্ঘদিনৰ বিৰতিৰ অন্তত মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং আৰু নৱজ্যোৎ সিং সিদ্ধু পাঞ্জাৱ ভৱনত একলগ হৈছে ।

ইয়াৰ পূৰ্বে চাৰিজন কেবিনেট মন্ত্ৰীক (cabinet minister) লগত লৈ ৬২ জন বিধায়কৰ সৈতে সিদ্ধুৱে বুধবাৰে অমৃতসৰৰ গোল্ডেন টেম্পলত (Golden Temple) উপস্থিত হৈছিল । অৱশ্যে,অমৃতসৰ (পূব) আৰু তাত থকা ধৰ্মীয় স্থানসমূহলৈ ভ্ৰমণৰ সময়ত সিদ্ধুৰ সৈতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠসকল অনুপস্থিত আছিল ।

লগতে পঢ়ক :দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত মুখ্যমন্ত্ৰীক সাক্ষাৎ নৱজ্যোৎ সিং সিদ্ধুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.