ETV Bharat / bharat

দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত মুখ্যমন্ত্ৰীক সাক্ষাৎ নৱজ্যোৎ সিং সিদ্ধুৰ

author img

By

Published : Jul 23, 2021, 5:19 PM IST

Sidhu meets Capt Amarinder
দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত মুখ্যমন্ত্ৰীক সাক্ষাৎ নৱজ্যোৎ সিং সিদ্ধুৰ

সিদ্ধুৱে পঞ্জাৱ পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা হৰিশ ৰাৱাটৰ উপস্থিতিত চাহ মেলত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে । আনকি সকলো বিতৰ্ক পাহৰি দুয়োগৰাকী নেতাই ইজনে সিজনৰ কাষত বহা দেখা যায় । জ্যেষ্ঠ কংগ্ৰেছী নেতা মনীষ তিৱাৰী, পাৰ্টাপ সিং বাজৱা আৰু লাল সিঙো উপস্থিত থাকে এই বৈঠকত ।

নেশ্যনেল ডেস্ক,২৩ জুলাই : দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত অৱশেষত একেলগে পাঞ্জাৱ কংগ্ৰেছৰ দুই শীৰ্ষ নেতা । প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি নৱজ্যোৎ সিং সিদ্ধু (Navjot Singh Sidhu) আৰু মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ (Capt Amarinder Singh) মাজত দীৰ্ঘদিন ধৰি মত বিৰোধ চলি আছিল । সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পিছতো আনকি সিদ্ধুৱে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ নকৰাকলৈ বিভিন্ন মহলত চৰ্চা চলি আছিল । এনেবোৰ চৰ্চা চলি থকাৰ মাজতে শুকুৰবাৰে নৱনিযুক্ত সভাপতিগৰাকীয়ে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙক ।

কংগ্ৰেছ নেতাসকলৰ মতে পঞ্জাৱ ভৱনত দুয়োগৰাকী নেতাৰ সাক্ষাৎ সৌহাৰ্দ্যপূৰ্ণ আছিল । পঞ্জাৱ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কংগ্ৰেছ বিধায়ক পৰগত সিঙে কয় যে, সিদ্ধুৱে পঞ্জাৱ পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা হৰিশ ৰাৱাটৰ উপস্থিতিত চাহ মেলত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে । আনকি সকলো বিতৰ্ক পাহৰি দুয়োগৰাকী নেতাই ইজনে সিজনৰ কাষত বহা দেখা যায় । জ্যেষ্ঠ কংগ্ৰেছী নেতা মনীষ তিৱাৰী, পাৰ্টাপ সিং বাজৱা আৰু লাল সিঙ উপস্থিত থাকে এই বৈঠকত ।

প্ৰায় চাৰি মাহৰ অন্তত প্ৰথম বাৰৰ বাবে সিদ্ধু আৰু সিঙে ইজনে সিজনক লগ পাইছে । মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টাই দুয়োজন নেতাৰ বাৰ্তালাপৰ সময়ৰ ফটো সংলগ্ন এক টুইট কৰে । পাটিয়ালাৰ পৰা আহি সিদ্ধুৱে মুখ্যমন্ত্ৰী সিঙৰ আগমণৰ পূৰ্বে পঞ্জাৱ ভৱনত উপস্থিত হয় । অৱশ্যে পঞ্জাৱ ভৱনৰ (Punjab Bhaban) ভিতৰত সংবাদ মাধ্যমক প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাছিল । পঞ্জাৱ ভৱনত মন্ত্ৰী, কংগ্ৰেছ বিধায়ক আৰু দলৰ আন জ্যেষ্ঠ নেতাসকলো উপস্থিত থাকে ৷

ৰাজ্যিক কংগ্ৰেছৰ চাৰিগৰাকী নৱনিযুক্ত কাৰ্যকৰী সভাপতিৰ মাজৰ দুজন ক্ৰমে কুলজিৎ সিং নাগ্ৰা আৰু সংগত সিং গিলজিয়ানে বৃহস্পতিবাৰে মোহালিৰ চিছৱানত থকা ফাৰ্মহাউচত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে আৰু শুকুৰবাৰৰ এই বিশেষ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনায় ৷ নিমন্ত্ৰণী পত্ৰত ৫৫ জনতকৈও অধিক বিধায়কে স্বাক্ষৰ কৰে । ইফালে মুখ্যমন্ত্ৰীৰ সৈতে মতভেদ দূৰ কৰাৰ উদ্দেশ্যে সিদ্ধুৱে মুখ্যমন্ত্ৰী সিঙক পৃথকে অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনায় ।

আনহাতে দুয়োগৰাকী নেতাৰ মাজত বিবাদ শেহতীয়াকৈ ইমান বেয়ালৈ গৈছিল যে সিদ্ধুক ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ বিৰোধিতা কৰিছিল মুখ্যমন্ত্ৰী সিঙে । লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপমানজনক টুইট কৰাৰ বাবে সিদ্ধুক ক্ষমা বিচাৰিবলৈও কৈছিল মুখ্যমন্ত্ৰী সিঙে । আনকি ক্ষমা নিবিচৰালৈ সিদ্ধুক মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ নকৰিব বুলিও চৰ্চা চলিছিল । সিদ্ধুৱে দলৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে দুয়োগৰাকী নেতাৰ এনে সাক্ষাৎকাৰে এতিয়া দলটোৰ মাজৰ বিভেদ আঁতৰ হোৱাৰ এক ইংগিত বহন কৰিছে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰত পুনৰ আৰক্ষীৰ হাতত নিহত দুজন LeT সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.