ETV Bharat / state

লামডিঙত অব্যাহত কাঠৰ অবৈধ সৰবৰাহ; কাজিৰঙাত খয়েৰ কাঠভৰ্তি কণ্টেইনাৰ জব্দ - Wood smuggling

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 1:34 PM IST

Wood smuggling: কাঠৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে বন বিভাগৰ অভিযান । কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বন বিভাগৰ তালাচীত জব্দ খয়েৰ কাঠ ভৰ্তি কণ্টেইনাৰ । লামডিঙৰ কৃষ্ণ বস্তিৰ বাগানৰ পৰাও চেগুনৰ কুণ্ডা জব্দ ।

Wood smuggling
কাজিৰঙাত খয়েৰ কাঠভৰ্তি কণ্টেইনাৰ জব্দ (ETV Bharat Assam)

নিউজ ডেস্ক, ১৯ মে' : ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাঠৰ অবৈধ সৰবৰাহ অব্যাহত আছে । বিভিন্ন উপায় অৱলম্বন কৰি আৰক্ষী-প্ৰশাসন কিম্বা বন বিভাগক বুঢ়া আঙুলি দেখুৱাই একাঁশই কৰি গৈছে কাঠৰ অবৈধ সৰবৰাহ ৷

কাজিৰঙা :

গোলাঘাট জিলাৰ কাজিৰঙা বন বিভাগৰ তৎপৰতাত জব্দ বৃহৎ পৰিমাণৰ খয়েৰ কাঠভৰ্তি কণ্টেইনাৰ । এই সন্দৰ্ভত বন বিভাগৰ লোকে গোপন সূত্ৰৰ আলমত লাভ কৰিছিল তথ্য । তাৰ ভিত্তিতে কঁহৰা বনাঞ্চলৰ বন বিভাগৰ লোকসকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চকী স্থাপন কৰে আৰু BR-২৮-GA-২২৯৩ নম্বৰৰ এখন কণ্টেইনাৰ বাহনখন জব্দ কৰে । য'ত খয়েৰ কাঠখিনি সৰবৰাহ কৰা হৈছিল ।

কঁহৰা বনাঞ্চলৰ বন বিষয়া বিভূতি ৰঞ্জন গগৈয়ে জনোৱা মতে, বাতৰি যুগুত কৰা পৰলৈকে কাঠখিনি জব্দ কৰাৰ লগতে কণ্টেইনাৰৰ চালকক সোধ-পোছ অব্যাহত ৰাখিছে । জেৰাৰ সময়তে চালকজনে জনাইছে যে তেওঁলোকে খয়েৰ কাঠখিনি শিৱসাগৰৰ পৰা বিহাৰলৈ লৈ গৈ আছিল ।

বন বিষয়াগৰাকীৰ মতে কাঠখিনিৰ প্ৰয়োজনীয় নথিপত্ৰতো খেলিমেলি আছিল । যাৰ বাবে কাঠখিনি জব্দ কৰাৰ লগতে চালকজনক আটক কৰি জেৰা অব্যাহত ৰখা হৈছে । অৱশ্যে ইয়াৰ আঁৰত কোন জড়িত আছে আৰু কাঠখিনি প্ৰকৃততে ক'ৰ পৰা অনা হৈছিল সেয়া জানিবলৈ বন বিভাগে তদন্ত অব্যাহত ৰাখিছে । এই সন্দৰ্ভত এটা গোচৰো ৰুজু কৰা হৈছে ।

হোজাই :

আন এক অভিযানত বন বিভাগৰ লোকসকলে হোজাইৰ লামডিঙত নিশা বৃহৎ পৰিমাণৰ চেগুনৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । হোজাইৰ লামডিং বন বিভাগে নিশা চলাইছিল এই অভিযান । জব্দ হোৱা কাঠখিনিৰ মূল্য ২ লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে । নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত লামডিং বন বিভাগে অভিযান চলাই কৃষ্ণ বস্তিৰ পৰা চেগুনৰ কুণ্ডাখিন জব্দ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, কোনো দুষ্টচক্ৰই লামডিং কৃষ্ণ বস্তিৰ বাগানৰ পৰা চেগুন গছ কাটি লৈ যোৱাৰ চেষ্টা কৰিছিল । কিন্তু লামডিং বন বিভাগে সঠিক সময়ত অভিযান চলাই কুণ্ডাখিনি জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি এই সন্দৰ্ভত বিভাগীয়ভাৱে এটা গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে ।

লগতে পঢ়ক :চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত - Drug Addict Arrested In Mangaldoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.