অসম

assam

Tripura by election 2022: চাৰি স্থানত বিকল ইভিএম

By

Published : Jun 23, 2022, 11:47 AM IST

ত্ৰিপুৰাৰ চাৰিটা বিধানসভা সমষ্টিত বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে উপ-নিৰ্বাচন(Tripura by election 2022) । উপ-নিৰ্বাচনৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰবাবে ত্ৰিপুৰা আৰক্ষী, ত্ৰিপুৰা ৰাজ্যিক ৰাইফল জোৱান(টিএছআৰ) আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুঠ ২৫ টা কোম্পানী মোতায়েন কৰা হৈছে । আনহাতে জুবাৰাজনগৰত তিনিটা আৰু সুৰমা বিধানসভা সমষ্টিত এটা ই ভি এম মেচিন বিকল(EVM machine Failure) হোৱাৰ বাবে পুনৰ সলনি কৰে প্ৰশাসনে ৷

Tripura by election 2022
চাৰিস্থানত বিকল ইভিএম

আগৰতলা, 23 জুন: ত্ৰিপুৰাৰ চাৰিটা বিধানসভা সমষ্টিত বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা উপ-নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে(By poll begins in Tripuras four assembly seats ) । ত্ৰিপুৰাৰ ৬ নং আগৰতলা, ৮ নং টাউন বৰদোৱালী, ৪৬ নং সুৰমা আৰু ৫৭ নং জুবাৰাজনগৰ বিধানসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । সন্ধিয়া ৫ বজালৈ অব্যাহত থাকিব ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

উপ-নিৰ্বাচনৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে বাবে ত্ৰিপুৰা আৰক্ষী, ত্ৰিপুৰা ৰাজ্যিক ৰাইফল জোৱান (টিএছআৰ) আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুঠ ২৫ টা কোম্পানী মোতায়েন কৰা হৈছে । ত্ৰিপুৰাৰ চাৰিওটা বিধানসভা সমষ্টিত প্ৰায় 1,89,032 জন ভোটাৰে 25 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ কৰিব ।

চাৰিস্থানত বিকল ইভিএম

বিজেপিৰ প্ৰাক্তন মন্ত্ৰী সুদীপ ৰয় বৰ্মন আৰু বিজেপি বিধায়ক আশীষ কুমাৰ সাহাই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পিছত ৬ নং আগৰতলা আৰু ৮ নং টাউনৰ বৰদোৱালীৰ আসনসমূহ খালী হৈ পৰে ৷ একেদৰে ৪৬ চনত সুৰমা সমষ্টিত বিজেপি বিধায়ক আশীষ দাসে তৃণমূল কংগ্ৰেছত যোগদান কৰাত আৰু ৫৭ নং জুবাৰাজনগৰত চি পি আই এমৰ বিধায়ক ৰমেন্দ্ৰ চন্দ্ৰ দেবনাথৰ মৃত্যু হোৱাৰ পিছত সমষ্টি দুটাত নিৰ্বাচন অনিবাৰ্য হৈ পৰে ৷

ই টিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি মুখ্য নিৰ্বাচনী বিষয়া কিৰণ গিটে সদৰি কৰা অনুসৰি পুৱা 9 বজালৈ মুঠ ২০ শতাংশ ভোটদান সম্পন্ন হয় ৷ আনহাতে জুবাৰাজনগৰত তিনিটা আৰু সুৰমা বিধানসভা সমষ্টিত এটা ই ভি এম মেচিন বিকল(EVM machine Failure) হোৱাৰ বাবে সলনি কৰিব লগা হয় ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ বিজেপি চৰকাৰক জুমলেবাজীৰ চৰকাৰ আখ্য়া শত্ৰুঘ্ন সিনহাৰ

ABOUT THE AUTHOR

...view details