ETV Bharat / bharat

ত্ৰিপুৰাৰ বিজেপি চৰকাৰক জুমলেবাজীৰ চৰকাৰ আখ্য়া শত্ৰুঘ্ন সিনহাৰ

author img

By

Published : Jun 22, 2022, 11:04 AM IST

২৩ জুনত ত্ৰিপুৰাত ৪খন বিধানসভাৰ আসনৰ বাবে অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন (By poll in Tripura)। তেওঁ কয় যে, ‘‘বিজেপি চৰকাৰে, ইয়াত ত্ৰিপুৰা আৰু দেশত, দেশক সামাজিক আৰু ধৰ্মীয় ৰেখাত বিভক্ত কৰি আছে । আমি ত্ৰিপুৰাক বিভক্ত হোৱাটো নিবিচাৰো (Bye poll in Tripura)’’।

tripura
Tripura bye poll

আগৰতলা, ২২ জুন : লোকসভাৰ তৃণমূল কংগ্ৰেছৰ সাংসদ শত্ৰুঘ্ন সিনহাই মঙলবাৰে ত্ৰিপুৰাৰ বিজেপি চৰকাৰক 'জুমলেবাজীৰ চৰকাৰ' বুলি আখ্য়া দিয়ে (Shatrughan Sinha terms BJP govt as a government of jumlebaazi) । অহা ২৩ জুনত ত্ৰিপুৰাত ৪ খন বিধানসভাৰ আসনৰ বাবে অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷ তাৰ পূৰ্বে আগৰতলা প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি বলিউডৰ জনপ্ৰিয় অভিনেতা তথা তৃণমূল কংগ্ৰেছৰ সাংসদকৰাকীয়ে এইদৰে কয় ৷

তেওঁ কয় যে, ‘‘বিজেপি চৰকাৰে, ইয়াত ত্ৰিপুৰা আৰু দেশত, দেশক সামাজিক আৰু ধৰ্মীয় ৰেখাত বিভক্ত কৰি আছে । আমি ত্ৰিপুৰাক বিভক্ত হোৱাটো নিবিচাৰো (Bye poll in Tripura)’’। বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ তেওঁ কয় যে, সৰ্বাধিক নিবনুৱা আছে ত্ৰিপুৰাত । গতিকে এই ভয়াৱহ ছবিখন সলনি কৰিব লাগিব ।

সাংসদ সিনহাই লগতে কয় যে, মমতা বেনাৰ্জী ভৱিষ্যতে ভাৰতীয় ৰাজনীতিত এক পট পৰিৱৰ্তনকাৰী হ'ব । পশ্চিম বংগৰ মুখ্য়মন্ত্ৰী বেনাৰ্জীক প্ৰশংসা কৰি তেওঁ কয়, ‘‘দিদিয়ে বংগত পথ দেখুৱাইছে । তেওঁ শ্ৰমিকৰ অধিকাৰ আৰু মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিছ । আমি ত্ৰিপুৰাতো একে ধৰণৰ ছবি এখন বিচাৰো ।’’

লগতে পঢ়ক : Maharashtra political crisis: শিৱসেনাৰ বিসম্বাদী বিধায়কসকল কোন কোন জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.