অসম

assam

BJP leader died in lathi charge: আজি বিহাৰত বিজেপিয়ে পালন কৰিব ক'লা দিৱস

By

Published : Jul 14, 2023, 9:24 AM IST

বিহাৰৰ পাটনাত লাঠিচালনাত বিজেপি নেতাৰ মৃত্যুৰ ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে বিজেপিয়ে ক'লা দিৱস পালন কৰিব ৷ এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু তেজস্বী যাদৱক দোষী আখ্যা দিছে বিজেপি নেতাসকলে ৷

Black Day Protest Against BJP Leader Died
বিহাৰত বিজেপিয়ে পালন কৰিব ক'লা দিৱস

নিউজ ডেস্ক, 14 জুলাই :বিহাৰৰ পাটনাত লাঠী চালনাৰ প্ৰতিবাদত শুকুৰবাৰে বিজেপিয়ে ক'লা দিৱস পালন কৰিব ৷ বৃহস্পতিবাৰে পাটনাত বিধানসভা সমদলৰ সময়ত আৰক্ষীয়ে লাঠিচালনা কৰিছিল ৷ এই লাঠীচালনাত এজন বিজেপি নেতাৰ মৃত্যু হয় ৷ এই ঘটনাক লৈ বিজেপিৰ নেতাসকল ক্ষুব্ধ হৈ পৰিছে ৷ এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু তেজস্বী যাদৱক দোষী আখ্যা দিছে বিজেপি নেতাসকলে ৷

বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি সম্ৰাট চৌধুৰীয়ে বিজেপি নেতাজনৰ মৃত্যুৰ পিছত চৰকাৰৰ তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে, বিজেপি নেতাজনক হত্যা কৰা হৈছে, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ বিজেপি নেতাজনৰ হত্যাৰ বাবে দায়ী ৷ তেওঁ কয়, বিজেপি নেতাসকলৰ ওপৰত লাঠী চালনাৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ শুকুৰবাৰে পাটনাত বিজেপিয়ে ক’লা দিৱস পালন কৰিব ৷ চৰকাৰক এই ঘটনাৰ বিষয়ে উত্তৰ বিচৰা হ’ব বুলিও কয় নেতাজনে ৷

সম্ৰাট চৌধুৰীয়ে পুনৰ কয় যে, বিজেপি আৰু শান্ত হৈ বহি থাকিব নোৱাৰে ৷ ক'লা দিৱসৰ দিনা মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ পুত্তলিকা দাহ কৰাৰ ঘোষণা কৰা হৈছে ৷ তেওঁ তেজস্বী যাদৱৰ পদত্যাগ দাবী কৰি কয় যে, চৰকাৰে বিহাৰক বংগ বনাবলৈ উঠি-পৰি লাগিছে ৷ নীতিশ কুমাৰ আৰু নীতিশ চৰকাৰৰ গুণ্ডাই বিজেপি নেতাজনক হত্যা কৰিছে বুলি মন্তব্য কৰে নেতাজনে ৷

সম্ৰাট চৌধুৰীয়ে কয় যে, "নীতিশ কুমাৰে বিহাৰ বংগলৈ পৰিণত কৰাত উঠি-পৰি লাগিছে ৷ মমতা বেনাৰ্জীৰ সৈতে লগ হোৱাৰ পিছৰে পৰা তেওঁ এইয়া কৰি আহিছে ৷ আমাৰ বিজেপি নেতাক হত্যা কৰা হৈছে ৷ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজয় সিঙক হত্যা কৰিছে ৷ বিজয় সিঙক নীতিশ চৰকাৰৰ গুণ্ডাসকলে হত্যা কৰিছে ৷ বিজেপিয়ে সিদ্ধান্ত লৈছে যে, শুকুৰবাৰে সমগ্ৰ বিহাৰত 'ক'লা দিৱস' পালন কৰা হ'ব ৷"

উল্লেখ্য যে, বৃহস্পতিবাৰে পাটনাত বিজেপিৰ বিধানসভা সমদলৰ সময়ত নেতা আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হৈছিল ৷ ইয়াৰ মাজতে আৰক্ষীয়ে লাঠি চালনা কৰে ৷ বিজেপি নেতাসকলৰ মতে তেওঁলোকৰ নেতা বিজয় সিঙৰ মৃত্যু হৈছে আৰক্ষীৰ লাঠীচালনাত ৷ এই ঘটনাৰ বাবে বিহাৰ চৰকাৰৰ প্ৰতি ক্ষুব্ধ হৈ পৰিছে বিজেপি ৷

ইফালে শুকুৰবাৰে বিহাৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ অন্তিম দিন ৷ বিগত 4টা দিনত তেজস্বী যাদৱৰ পদত্যাগৰ দাবী আৰু শিক্ষকসকলৰ বিষয়টোক লৈ এক প্ৰচণ্ড হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় বিহাৰ বিধানসভাৰ মজিয়াত ৷ আনদিনাৰ দৰেই শুকুৰবাৰে বিধানসভাৰ কাৰ্যক্ৰম প্ৰশ্নকালৰ সৈতে পুৱা 11:00 বজাৰ পৰা আৰম্ভ হ'ব ৷ কিন্তু অন্তিম দিনটোত, বিধানসভাৰ অধিৱেশন সঠিকভাৱে চলিব বুলি আশা কৰা হোৱা নাই ৷

শুকুৰবাৰে বিধানসভা অধিৱেশনৰ অন্তিম দিনটোত শক্তি বিভাগ, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, পৰ্যটন বিভাগ, পৰিকল্পনা আৰু উন্নয়ন বিভাগ, সংসদীয় পৰিক্ৰমা বিভাগ, স্বাস্থ্য বিভাগ আৰু আইন বিভাগ সম্পৰ্কীয় প্ৰশ্নসমূহ উত্থাপন হ'ব, যাৰ উত্তৰ সংশ্লিষ্ট মন্ত্ৰী বা ভাৰপ্ৰাপ্ত মন্ত্ৰীয়ে দিব ৷ প্ৰশ্নকালৰ পিছত এক শূন্য ঘণ্টা ৰখা হ'ব য'ত সদস্যসকলে সদনত জৰুৰী বিষয় উত্থাপন কৰিব আৰু তাৰ পিছত সদস্যসকলে উত্থাপন কৰা প্ৰশ্নবোৰৰ চৰকাৰে বিতং উত্তৰ দিব ৷

দ্বিতীয়াৰ্ধত বেচৰকাৰী প্ৰস্তাৱৰ ওপৰত আলোচনা হ’ব আৰু চৰকাৰে সদনত গৃহীত কৰিব ৷ কিন্তু লাঠি চালনাৰ ঘটনা আৰু কৰ্মীৰ মৃত্যুক লৈ বিজেপি ক্ষুব্ধ হৈ সমগ্ৰ বিহাৰত বিজেপিয়ে ক’লা দিৱস পালন কৰিছে আৰু বিধানসভাতো চৰকাৰক এই বিষয়ক লৈ তুমুল আক্ৰমণৰ চেষ্টা কৰিব ৷ বিজেপিৰ ৰাজভৱন পদযাত্ৰাও হ’ব ৷ মুঠৰ ওপৰত বিধানসভা অধিৱেশনৰ অন্তিম দিনটোত বিজেপিৰ নেতা-কৰ্মীসকলৰ ওপৰত লাঠী চালনা ঘটনাৰ প্ৰভাৱ নিশ্চিতভাৱে থাকিব ৷

উল্লেখ্য যে, বিগত 4 দিনত হোৱা হুলস্থুলীয়া পৰিৱেশৰ বাবে বৃহস্পতিবাৰে সদনৰ কাম-কাজ সম্পূৰ্ণ দিনটো চলি থাকিলেও সদনৰ কাম-কাজ ধাৰাবাহিকভাৱে বাধাগ্ৰস্ত হৈ থাকিল ৷ বিজেপিৰ সদস্যসকল সদনত উপস্থিত নাছিল ৷ তেওঁলোকৰ অনুপস্থিতিত সদনৰ কাৰ্যবিধি চৰকাৰে চলাইছিল আৰু প্ৰথম পৰিপূৰক বাজেট সদনে গৃহীত কৰিছিল ৷

লগতে পঢ়ক:Kashmir News: কাশ্মীৰত তিনি প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা

ABOUT THE AUTHOR

...view details