ETV Bharat / bharat

Kashmir News: কাশ্মীৰত তিনি প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা

author img

By

Published : Jul 13, 2023, 10:47 PM IST

Updated : Jul 14, 2023, 7:32 AM IST

দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাত তিনি প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰ সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ ৷ বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা ৷ শ্ৰমিককেইজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

Kashmir News
Kashmir News

নেশ্যেনেল ডেস্ক, 13 জুলাই: পুনৰ কাশ্মীৰত উত্তেজনা ৷ দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাত তিনি প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰ সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ ৷ বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা ৷ শ্বপিয়ান জিলাৰ গগৰণত এই ঘটনা সংঘটিত হোৱা বুলি সদৰী কৰিছে এগৰাকী স্থানীয় বিষয়াই ৷

বিষয়াগৰাকীয়ে সদৰী কৰা অনুসৰি আহত ব্যক্তি কেইগৰাকী আনৱাল থোকাৰ, হীৰলাল আৰু পাণ্টু বুলি চিনাক্ত কৰা হৈছে আৰু তিনিওজনকে প্ৰথম অৱস্থাত শ্বপিয়ানৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ পৰৱৰ্তী পৰ্যায়ত তিনিওকে শ্ৰীনগৰৰ শ্ৰী মহাৰাজা হৰি সিং চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ৷ এই আক্ৰমণৰ পাচতে ঘটনা সংঘটিত হোৱা স্থানত মোতায়েন কৰা হয় সুৰক্ষা বাহিনী ৷

উল্লেখ্য যে এইবছৰ কাশ্মীৰত অ-স্থানীয় আৰু সংখ্যালঘুসকলৰ ওপৰত এইটো তৃতীয় আক্ৰমণ । 26 ফেব্ৰুৱাৰীত দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ আচেনত এটা বেংকত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰা এজন কাশ্মীৰী পণ্ডিতক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে । তিনি মাহৰ পিছত 29 মে'ত উধমপুৰত এখন ব্যক্তিগত চাৰ্কাছ মেলাত কাম কৰা দীপু নামৰ এজন লোকক গুলীয়াই হত্যা কৰা হৈছিল ৷

মন কৰিবলগীয়া যে যোৱা বিগত কেইটামান বৰ্ষত কাশ্মীৰত কাশ্মীৰী পণ্ডিত আৰু অ-স্থানীয় শ্ৰমিকৰ ওপৰত বহু কেইটা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷

ইয়াৰ সমান্তৰালভাৱে সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে ব্য়াপক অভিযান অব্যাহত ৰাখিছে সেনা-নিৰাপত্তাৰক্ষীয়ে ৷ লগতে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAয়ে শেহতীয়াকৈ বহুকেইটা অভিযান চলাইছে ৷ NIA চলোৱা অভিযানত সন্ত্ৰাসবাদীৰে সৈতে সম্পৰ্কৰক্ষা কৰা বহু লোককে গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰা হৈছে বিভিন্ন আপত্তিজনক নথি-পত্ৰ ৷

লগতে পঢ়ক: LeT Terrorist Associates Arrested in JK : জম্ম-কাশ্মীৰৰ বুদগামত লস্কৰ সন্ত্ৰাসবাদীৰ ৫ সহায়কাৰীক গ্ৰেপ্তাৰ

Last Updated :Jul 14, 2023, 7:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.