নেশ্য়নেল ডেস্ক, ২ ছেপ্তেম্বৰ:১ ছেপ্টেম্বৰৰ সন্ধিয়া ৬.৩০ বজাত জামছেদপুৰ আদালতত পেশকাৰ ৰাকেশ কুমাৰক তীক্ষ্ণ অস্ত্ৰৰে আক্ৰমণ কৰা হৈছিল । শনিবাৰে ৰাজ্যিক গৃহ সচিব আৰু ডিজিপি অজয় কুমাৰ সিঙে এই গোচৰটো সন্দৰ্ভত আদালতত হাজিৰ হয় । মুখ্য ন্যায়াধীশ সঞ্জয় কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ আনন্দ সেনৰ আদালতে বিষয়টো সন্দৰ্ভত বন্ধৰ দিনত শুনানী গ্ৰহণ কৰে । ইয়াৰ পিছত,আদালতে কৰ্তৃপক্ষক তিনি সপ্তাহৰ ভিতৰত এক বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।
ইপিনে, ৰাজ্যখনৰ সকলো অসামৰিক আদালতৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত এটা প্ৰতিবেদন বিচৰা হৈছে । অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত আদালতক ইতিমধ্য়ে অৱগত কৰা হৈছে । মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে ৰাজ্যখনৰ সকলো অসামৰিক আদালতৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত গৃহ সচিব আৰু ডিজিপিৰ পৰা প্ৰতিবেদন বিচৰা বুলি উচ্চ ন্যায়ালয়ৰ অধিবক্তা ধীৰাজ কুমাৰে সদৰী কৰিছে । তেওঁ এই প্ৰসংগত কয় যে ইয়াৰ পূৰ্বেও ন্যায়পালিকাৰ সৈতে জড়িত লোকক আক্ৰমণ কৰা ঘটনা হৈছিল ।
উল্লেখ্য় যে শুকুৰবাৰে এজন ব্যক্তিয়ে জামছেদপুৰ আদালতৰ এডিজে-১ সঞ্জয় কুমাৰ উপাধ্যায়ৰ আদালতত প্ৰৱেশ কৰি চুৰিৰে আক্ৰমণ কৰাত পেশকাৰজন গুৰুতৰভাৱে আহত হয় । তেওঁ কাণৰ ওচৰত গুৰুতৰ আঘাত পায় । ঘটনাটো সংঘটিত হোৱাৰ পিছতে ন্যায়াধীশ সঞ্জয় কুমাৰ উপাধ্যায় আৰু আদালতৰ অন্যান্য কৰ্মচাৰীয়ে আহতজনক এমজিএম চিকিৎসালয়লৈ লৈ যায় । ইয়াৰ পিচত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পেশকাৰজনক পিছত টিএমএইচত ভৰ্তি কৰোৱা হয় । এই ঘটনাৰ পিছত আদালতৰ কৰ্মচাৰীসকলে অভিযুক্তজনক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে ।