ETV Bharat / bharat

Nuh sensational case : পিতৃ আৰু ৩ সন্তানৰ মৃতদেহ উদ্ধাৰ, মাতৃ পলাতক

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 5:42 PM IST

হাৰিয়ানাৰ নুহ জিলাত ৰহস্যজনক অৱস্থাত এটা পৰিয়ালৰ ৪ সদস্যৰ মৃতদেহ উদ্ধাৰ হৈছে । সন্দেহ কৰা মতে পত্নীয়ে তেওঁৰ স্বামী আৰু তিনিটা সন্তানক বিষাক্ত দ্ৰব্য খাবলৈ দি পলায়ন কৰিছে । অৱশ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

Nuh sensational case
পিতৃ আৰু ৩ সন্তানৰ মৃতদেহ উদ্ধাৰ,

নেশ্যনেল ডেস্ক,২ ছেপ্টেম্বৰ : হাৰিয়ানাৰ গাঙ্গোলী গাঁৱত ৰহস্যজনক ঘটনা সংঘটিত হৈছে । ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে একেটা পৰিয়ালৰে ৪ সদস্যৰ মৃতদেহ । গাঁওবাসীয়ে সন্দেহ কৰা মতে পৰিয়ালটোৱে আত্মহত্যা কৰিছে । অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে । কিন্তু এয়া আত্মহত্যা নে আন কিবা জানিব পৰা হোৱা নাই । বিষাক্ত দ্ৰব্য সেৱন কৰাৰ ফলত পৰিয়ালৰ সদস্যসকলৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । আনহাতে এই তথ্যও পোহৰলৈ আহিছে যে পৰিয়ালটোৰ ৪ সদস্যৰ মৃত্যুৰ পাছত এগৰাকী মহিলা পলাতক হৈ আছে । মহিলাগৰাকীও পৰিয়ালটোৰ অন্যতম সদস্য ।

মৃতসকলৰ ভিতৰত ৩ টা সন্তান আৰু তেওঁলোকৰ পিতৃ আছিল । স্থানীয় লোকসকলে সন্দেহ কৰা মতে মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু ৩ টা সন্তানক বিষাক্ত দ্ৰব্য প্ৰদান কৰি পলায়ন কৰিছে । ইফালে মহিলাগৰাকী পুৱাৰে পৰা সন্ধানহীন হৈ আছে । যাৰ বাবে সকলোৰে সন্দেহ মহিলাগৰাকীৰ ওপৰত আছে । ইফালে এই খবৰ পোৱাৰ লগে লগে ৰোজকামেভ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু চাৰিওটা মৃতদেহ উদ্ধাৰ কৰে । মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নুহৰ চিএইচচিলৈ প্ৰেৰণ কৰা হৈছে ।

অতিৰিক্ত আৰক্ষী বিষয়া জীতেন্দ্ৰ কুমাৰ ৰাণাই জনোৱা মতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছত হে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব । যাৰ ওপৰত নিৰ্ভৰ কৰি আৰক্ষীয়ে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব । আনহাতে ৰহস্যজনক অৱস্থাত পিতৃ আৰু ৩ সন্তানৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Militants attack railway site : ঝাৰখণ্ডৰ ছিমডেগাৰ ৰে’লৱেৰ স্থানত সন্ত্ৰাসবাদীৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.