অসম

assam

Violation hit Manipur : মণিপুৰৰ 38 টা স্পৰ্শকাতৰ এলেকাত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন

By

Published : May 26, 2023, 10:23 PM IST

Violation hit Manipur
অশান্তজৰ্জৰ মণিপুৰ

অশান্তজৰ্জৰ মণিপুৰ (Violation hit Manipur) ৷ এতিয়াও শান্তি ঘূৰি অহা নাই মণিপুৰলৈ ৷ মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে 38 টা স্পৰ্শকাতৰ এলেকাত চি আৰ পি এফ, মণিপুৰ আৰক্ষী, মণিপুৰ ৰাইফলছ, আই আৰ বি আৰু ভি ডি এফকে ধৰি ৰাজ্য আৰু নিৰাপত্তাৰক্ষীক মোতায়েন কৰা হৈছে বুলি জানিব পৰা গৈছে ।

অশান্তজৰ্জৰ মণিপুৰ

তেজপুৰ, 26 মে’ : বিগত ২০ দিন ধৰি মণিপুৰত এক অশান্ত পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ ৰাজ্যখনৰ পৰিস্থিতি কিছু শান্ত হৈছিল যদিও পুনৰ হিংসাৰ উকমুকনি ঘটা দেখিবলৈ পোৱা গৈছে ৷ বৃহস্পতিবাৰে নিশা ৰাজ্যখনৰ কেন্দ্ৰীয় আভ্যন্তৰীণ আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহত চলিল আক্ৰমণ (Mob attack at Manipur minister house) ৷ অসন্তুষ্ট প্ৰতিবাদকাৰীয়ে মন্ত্ৰীগৰাকীৰ বাসগৃহত আক্ৰমণ (Minister RK Ranjan Singh house attacked) চলোৱা বুলি জানিব পৰা গৈছে ৷

মণিপুৰৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে আজি অৰ্থাৎ শুকুৰবাৰে সচিবালয়ত আয়োজন কৰে এক সংবাদমেলৰ ৷ এই সংবাদমেলতে তেওঁ কয় যে 38 টা অতিৰিক্ত স্থানত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে (Security team deployed in 38 location in Violation hit Manipur) । লগতে তেওঁ কয় যে 38 টা স্পৰ্শকাতৰ এলেকাত চি আৰ পি এফ, মণিপুৰ আৰক্ষী, মণিপুৰ ৰাইফলছ, আই আৰ বি আৰু ভি ডি এফকে ধৰি ৰাজ্য আৰু নিৰাপত্তাৰক্ষীক মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰত মেৰী কমৰ জন্ম গাঁৱত কুকি উগ্ৰপন্থীৰ আক্ৰমণ; NSCNৰ সতৰ্কবাণী

বৃহস্পতিবাৰে নিশা ইম্ফল ইষ্টৰ বিজেপিৰ এজন সাংসদ তথা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীৰ ঘৰত আক্ৰমণৰ বলি হোৱাৰ পিচতে মণিপুৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৷ সিঙে কয় যে নিৰাপত্তাৰক্ষী নিয়োগ কৰা 38 টা স্থান হ’ল নাপাট, হাওটাক, ছাল্টন হেইয়াইকন, চাইটন লেইটানপকপি আদি ৷ য’ত এতিয়াও হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে ।

সিঙে কয় যে বৃহস্পতিবাৰে সৰ্ব ৰাজনৈতিক দলৰ বিধায়কৰ এটা দলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি মণিপুৰৰ অব্যাহত থকা পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ গুৱাহাটী ভ্ৰমণ কৰিছিল । এই সময়চোৱাতে গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে বুলিও তেওঁ উক্ত সংবাদমেলতে সদৰী কৰে ৷

লগতে পঢ়ক :Manipur crisis update: ইম্ফল ইষ্টত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙৰ বাসগৃহ আক্ৰমণ প্ৰতিবাদকাৰীৰ

ABOUT THE AUTHOR

...view details