Manipur crisis update: ইম্ফল ইষ্টত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙৰ বাসগৃহ আক্ৰমণ প্ৰতিবাদকাৰীৰ

author img

By

Published : May 26, 2023, 3:32 PM IST

Manipur crisis update

পুনৰ বেয়াৰ ফালে ঢাল খাইছে মণিপুৰৰ পৰিস্থিতি ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় আভ্যন্তৰীণ আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জনৰ সিঙৰ বাসগৃহত আক্ৰমণ চলায় একাংশ প্ৰতিবাদকাৰীয়ে ৷ এই আক্ৰমণৰ সৈতে কুকি উগ্ৰপন্থী সংগঠন জড়িত থকাৰ সন্দেহ (Violence in Manipur) ৷

তেজপুৰ, ২৬ মে’ : মণিপুৰৰ হিংসাই ধাৰণ কৰিছে অন্য ৰূপ ৷ বিগত ২০ দিন ধৰি ৰাজ্যখনত বিৰাজ কৰি আছে অশান্ত পৰিৱেশে ৷ শেহতীয়াকৈ ৰাজ্যখনৰ পৰিস্থিতি কিছু শান্ত হৈছিল যদিও পুনৰ হিংসাৰ উকমুকনি ঘটিছে ৷ বৃহস্পতিবাৰে নিশা ৰাজ্যখনৰ কেন্দ্ৰীয় আভ্যন্তৰীণ আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহত চলিল আক্ৰমণ ৷ অসন্তুষ্ট প্ৰতিবাদকাৰীয়ে মন্ত্ৰীগৰাকীৰ বাসগৃহত চলায় আক্ৰমণ (Minister RK Ranjan Singh house attacked) ৷

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰাৰ লগতে নিক্ষেপ কৰে কন্দোৱা গেছ ৷ নিৰাপত্তাৰক্ষীয়ে তিনি জাঁই গুলী নিক্ষেপ কৰাৰ পাচত ছত্ৰভংগ দিয়ে প্ৰতিবাদকাৰীসকল ৷

জানিব পৰা মতে বিগত সময়চোৱাত হোৱা হিংসাৰ কোনো ফলপ্ৰসূ সমাধান আৰু কেন্দ্ৰ চৰকাৰে বিষয়টোত গুৰুত্ব আৰোপ নকৰাৰ বাবে এতিয়া মেইটেই জনগোষ্ঠীৰ লোকে তেওঁলোকক প্ৰতিনিধিত্ব কৰা সাংসদ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীৰ বাসগৃহত আক্ৰমণ চলায় (Mob attack at Manipur minister house) ৷

Manipur crisis update
ৰাজ্যপালৰ সৈতে মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ আলোচনা

আনহাতে ইয়াৰ পূৰ্বে ৰাজ্যখনৰ গড়কপ্তানি মন্ত্ৰী গোপাল দাসৰ গৃহটো তেওঁৰেই সমৰ্থিত লোকে আক্ৰমণ চলায় ৷ বৰ্তমান মণিপুৰত পুনৰ এক উত্তেজনা পূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈ আছে ৷ মণিপুৰত শান্তি-শৃংখলা অটুত থাকিলে কিছুদিন পাচত মণিপুৰ ভ্ৰমণ কৰিব বুলি গুৱাহাটীত সদৰী কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ কিন্তু অমিত শ্বাহৰ ঘোষণাৰ কেইঘণ্টামানৰ পাচতে মন্ত্ৰী আৰ কে ৰঞ্জনৰ সিঙৰ বাসগৃহত চলে আক্ৰমণ (Clash in Manipur) ৷

এই আক্ৰমণৰ ঘটনাৰ সৈতে ম্যানমাৰৰ সমৰ্থিত কুকি উগ্ৰপন্থী গোট জড়িত থকা বুলি মন্তব্য কৰিছে ৰাজনৈতিক নেতাসকলে ৷ আনহাতে একেলগে মণিপুৰৰ বন মন্ত্ৰী বিশ্বজিৎ সিঙৰ বাসগৃহতো প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰিবলৈ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয় ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ গৃহত আক্ৰমণ সংঘটিত হোৱাৰ পূৰ্বে তেওঁ মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীক সাক্ষাৎকাৰ কৰি ৰাজ্যখনৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰিছিল (Manipur latest news) ৷

উল্লেখ্য যে বিগত ৩ মে’ত মণিপুৰৰ চুৰাচান্দপুৰত জনগোষ্ঠীয় ছাত্ৰ সংগঠনে মেইটেই জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু পাচলৈ এই প্ৰতিবাদী কাৰ্যসূচীয়ে হিংসাত্মক ৰূপ ধাৰণ কৰে ৷ এই হিংসাত্মক ঘটনাত মণিপুৰৰ প্ৰায় ২৫,০০০ হাজাৰ লোক গৃহহীন হয় আৰু ৭১ জন লোকে প্ৰাণ হেৰুৱাই ৷ আনহাতে ২৩১ জন লোক গুৰুত্বৰভাৱে আঘাত প্ৰাপ্ত হয় (Manipur situation update) ৷

লগতে পঢ়ক: Manipur violence: আকৌ মণিপুৰত হিংসাৰ দাবালন; সান্ধ্য আইনৰ শিথিলতা প্ৰত্যাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.