Manipur Violence : মণিপুৰত মেৰী কমৰ জন্ম গাঁৱত কুকি উগ্ৰপন্থীৰ আক্ৰমণ; NSCNৰ সতৰ্কবাণী

author img

By

Published : May 26, 2023, 7:42 PM IST

Manipur Violence

মণিপুৰৰ সংঘৰ্ষক লৈ প্ৰতিক্ৰিয়া বিদ্ৰোহী সংগঠন এন এছ চি এন(আই এম)ৰ (NSCN reaction over Manipur violence)। ৰাজ্যখনৰ বিভিন্ন সংখ্যালঘু লোকৰ সুৰক্ষাৰ বিষয়ে উদ্বেগ প্ৰকাশ সংগঠনটোৰ । বিবৃতিযোগে কুকি উগ্ৰপন্থীক সকীয়নি সংগঠনটোৰ ।

নেশ্যনেল ডেস্ক,২৬ মে': কুকি উগ্ৰপন্থীক সকীয়নি উত্তৰ-পূৱৰ অন্যতম বিদ্ৰোহী সংগঠন নেচনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (ইচাক-মুইভা) চমুকৈ এনএছচিএন(আই এম)ৰ (NSCN warns Kuki militants)। মণিপুৰৰ নগা গাঁৱত আক্ৰমণ কৰাৰ বাবে কুকি উগ্ৰপন্থীক সতৰ্ক কৰি দিছে এন এছ চি এন-আই এময়ে । অলিম্পিক বিজয়ী বক্সাৰ মেৰী কমৰ গাঁৱত কুকি উগ্ৰপন্থীয়ে আক্ৰমণ কৰাক লৈ অসন্তুষ্ট সংগঠনটো । লগতে মণিপুৰৰ নগাসকলক কৰা নিৰ্যাতনৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ।

বিদ্ৰোহী সংগঠনটোৱে ৰাজ্যখনৰ বিভিন্ন সংখ্যালঘু জনজাতীয় গোটৰ সুৰক্ষাৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰিছে । বৃহস্পতিবাৰে জাৰি কৰা এক বিবৃতিত এন এছ চি এনয়ে কয় যে মণিপুৰৰ মেইটেই আৰু কুকিসকলৰ মাজৰ শেহতীয়া সংঘৰ্ষ অমানৱীয় আৰু ঘৃণনীয় (NSCN reacts over Manipur violence)।

সংগঠনটোৱে লগতে আইমোল, চিৰু, চোথে, খাৰাম, কইৰেং আৰু কমৰ দৰে নগা জনজাতিৰ সুৰক্ষাৰ বাবেও আহ্বান জনায় । এন এছ চি এনয়ে কয় যে মেইটেই আৰু কুকিসকলে তেওঁলোকক কোনো ধৰণে হাৰাশাস্তি কৰা উচিত নহয় । এন এছ চি এন-আইএময়ে দুখ প্ৰকাশ কৰি কয় যে বক্সাৰ মেৰী কমৰ গাঁও কাংগাথেই কুকি উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখীন হৈছে আৰু গাঁওবাসীয়ে তেওঁলোকৰ কাংগাথেই গাঁও খালী কৰিবলৈ বাধ্য হৈছে (Attacks on Mary Kom village)। ভাৰতৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমো মণিপুৰৰ একেটা জনজাতিৰ অংশ বুলি সংগঠনটোৱে উল্লেখ কৰে ।

মেৰী কমৰ গাঁৱত সংঘটিত ঘটনা সন্দৰ্ভত বিদ্ৰোহী সংগঠনটোৱে কয় যে এনে ধৰণৰ হিংসাই পৰিস্থিতি অধিক অৱনতি কৰাই নহয় মানৱীয় আৰু শান্তিপূৰ্ণ দৃষ্টিভংগীৰ বাবে ইয়াক তৎক্ষণাৎ বন্ধ কৰিব লাগিব । সংগঠনটোৱে ৰাজ্যখনৰ বিভিন্ন নগা জনজাতিৰ লোকৰ সুৰক্ষাৰ বাবে আহ্বান জনাই কয় যে উপাসনাস্থলী জ্বলাই দিয়াটো ধৰ্মীয় ভিত্তিত সংঘটিত বলিদানমূলক কাৰ্য ।

উল্লেখ্য যে এন এছ চি এন-আইএম সংগঠনটো বৰ্তমান যুদ্ধবিৰতিত আছে আৰু কেন্দ্ৰৰ সৈতে শান্তিপূৰ্ণ আলোচনা অব্যাহত ৰাখিছে । ইতিমধ্যে চৰকাৰৰ সৈতে নগা শান্তি চুক্তি চূড়ান্ত কৰিবলৈ ২০১৫ চনত "ফ্ৰেমৱৰ্ক চুক্তি" স্বাক্ষৰ কৰিছে ।

লগতে পঢ়ক :Manipur crisis update: ইম্ফল ইষ্টত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙৰ বাসগৃহ আক্ৰমণ প্ৰতিবাদকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.