অসম

assam

চচলত পুনৰ শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 9:48 PM IST

চচলত পুনৰ শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ

গুৱাহাটী,১৫ মাৰ্চ: শিলসাঁকোৰ অমানৱীয় উচ্ছেদৰ বলি হোৱা প্ৰতিটো থলুৱা পৰিয়ালক অতি শীঘ্ৰে পুনৰ সংস্থপন আৰু যথোপযুক্ত ক্ষতিপুৰণ প্ৰদান কৰাৰ দাবীত শুকুৰবাৰে পুনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে শিলসাঁকোৰ উচ্ছেদিতসকলে । প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ হৈ গায়ত্ৰী বৰি আৰু মমিনা বেগমে কয় যে বৰ্তমান শাসনত থকা বিজেপি চৰকাৰখনৰ দিনত এফালে খিলঞ্জীয়া লোকক উচ্ছেদ কৰিছে আনফালে মুখ্যমন্ত্ৰীৰ পৰিয়ালে নিজৰ নামত মাটি-সম্পত্তি গোটাইছে । শিলসাঁকোত যিসময়ত হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক উচ্ছেদ কৰিছে সেই একেটা সময়তে বদৰুদ্দিন আজমলৰ বিশাল মাটি-সম্পত্তিত কিন্তু বুলড'জাৰ চলোৱাৰ সাহস গোটাব পৰা নাই ।  

শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ হৈ আকাশ দলে কয় যে শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন, যথোচিত ক্ষতিপূৰণ দিয়া, ফ্লেট দিয়াৰ কথা ঘোষণা কৰিছিল যদিও এতিয়ালৈকে কোনো পৰিয়ালে পোৱা নাই । এই মুহূৰ্তলৈকে ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিব নোৱৰা বিষয়টো অত্যন্ত দুৰ্ভাগ্যজনক । চৰকাৰে এই থলুৱা লোকসকলৰ দায়িত্ব ল'ব নোৱাৰে যদি পূৰ্বে য'ত উচ্ছেদ কৰা হৈছিল সেই ঠাইতে সংস্থাপন দিয়াৰ দাবী জনায় ।  

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা জাতিদ্ৰোহী : প্ৰতিবাদকাৰীৰ কণ্ঠস্বৰ

ABOUT THE AUTHOR

...view details