ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা জাতিদ্ৰোহী : প্ৰতিবাদকাৰীৰ কণ্ঠস্বৰ

Evicted people protest : মাটিৰ বিনিময়ত মাটি বিচাৰি শিলসাঁকো বিলৰ পাৰৰ উচ্ছেদিত লোকৰ প্ৰতিবাদ ৷

Silsako Evicted people protest in-guwahati-chachal
চচলত প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : February 10, 2024 at 8:48 PM IST

2 Min Read
Choose ETV Bharat
উচ্ছেদিত লোকৰ প্ৰতিবাদ

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : এই যে দৈনিক নিজৰ মাটি-বাৰী-সংস্থাপন বিচাৰি চচলত প্ৰতিবাদ কৰিছে উচ্ছেদিত লোকসকলে, তালৈ কিমান কাণসাৰ দিছে চৰকাৰে ? বিহু-পূজা উদযাপন কৰিবলৈ নিজৰ ঘৰ এখন নথকা লোকসকলৰ কাষত এবাৰলেও থিয় দিছেনে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ? প্ৰতিবাদ কৰি কৰি অতিষ্ঠ হৈ পৰিছে যদিও কিন্তু ভাগৰি পৰা নাই প্ৰতিবাদকাৰীসকল ৷ মুখ্যমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ বিষয়টোত হস্তক্ষেপ নকৰালৈকে তেওঁলোক থমকি নৰয় বুলি শনিবাৰে প্ৰতিবাদস্থলীৰ পৰা হুমকি দিয়ে প্ৰতিবাদকাৰীয়ে ৷

পুনঃসংস্থাপন আৰু উচিত ক্ষতিপুৰণৰ দাবীত পুনৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদত বহিল শিলসাঁকো বিলৰ পাৰৰ উচ্ছেদিত লোকসকল । শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণৰ দাবীত শনিবাৰে শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালে চচলত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে হাতে হাতে চৰকাৰ বিৰোধী প্লেকাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ চৰকাৰলৈ আহ্বান, ‘আমাক ক্ষতিপুৰণ, পুনৰ সংস্থাপন দিব নোৱাৰা চৰকাৰে আমাৰ ঘৰ ভেটি ঘূৰাই দিয়ক ।’

উচ্ছেদ হোৱাৰ প্ৰায় প্ৰায় দুবছৰ উকলি যোৱাৰ পাচতো এটাও থলুৱা পৰিয়ালৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাত ক্ষোভ প্ৰকাশ কৰে উচ্ছেদিত লোকসকলে । প্ৰতিবাদীকাৰীসকলে সংবাদ মাধ্যমৰ আগত কয় যে, থলুৱা-খিলঞ্জীয়া লোকসকলক গৃহহীন কৰিছে চৰকাৰে । খিলঞ্জীয়া লোকক উচ্ছেদ কৰাৰ বিপৰীতে আজমল, জিঞ্জাৰ হোটেল, মহানগৰীৰ সুউচ্চ অট্টালিকা আইদিয়েল হিল ভিও উচ্ছেদ কৰা নাই চৰকাৰে । উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ স্পষ্ট দাবী মাটিৰ বিনিময়ত মাটি লাগিব, উচিত মূল্যত ক্ষতিপূৰণ দিয়ক চৰকাৰে । উচ্ছেদিত লোকক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নিদিলে আগন্তক 2024 ৰ লোকসভা নিৰ্বাচনত উচ্ছেদিতসকলৰ পৰিয়ালে সম্পূৰ্ণৰূপে ভোট বৰ্জন কৰিব বুলি হুংকাৰ প্ৰদান কৰে তেওঁলোকে ।

লগতে পঢ়ক : উচ্ছেদিত পৰিয়ালৰ কলা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ