উচ্ছেদিত পৰিয়ালৰ কলা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 4:40 PM IST

thumbnail

গুৱাহাটী, ৫ ফেব্ৰুৱাৰী : অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনাই শিলসাঁকোৰ উচ্ছেদিত লোকসকলৰ প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটীৰ চচল । সোমবাৰে দিনৰ ১১ বজাত শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেতৃত্বত উচ্ছেদিত লোকসকলে উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত কলা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীৰ চৰকাৰলৈ আহ্বান, ‘ক্ষতিপূৰণ, পুনৰ সংস্থাপন দিব নোৱৰা চৰকাৰে আমাৰ ঘৰ-ভেটি ঘূৰাই দিয়ক ।’ প্ৰতিবাদকাৰীয়ে লগতে কয়, উচ্ছেদ হোৱাৰ প্ৰায় ডেৰ বছৰ উকলি যোৱাৰ পাচতো এটাও থলুৱা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই চৰকাৰে । তেওঁলোকৰ অভিযাগ অনুসৰি, খিলঞ্জীয়াৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে । উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ স্পষ্ট দাবী মাটিৰ বিনিময়ত মাটি লাগিব, উচিত মূল্যত ক্ষতিপূৰণ লাগিব । চৰকাৰক কটাক্ষ কৰি প্ৰতিবাদকাৰীয়ে কয়, ‘আজি থলুৱা মানুহ সংস্থাপনহীন আৰু সেই সময়ত তেওঁলোকে পৃথিৱীৰ হিন্দু মানুহৰ দায়িত্ব লয় !’

লগতে পঢ়ক : আমাক মাটিৰ অধিকাৰ লাগিবই: ক্ষতিপূৰণ-পুনৰ সংস্থাপনৰ দাবীত উত্তাল চচল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.