অসম

assam

কংগ্ৰেছীৰ অন্তৰ্ভুক্তিৰে পুৰণি নেতাৰ চাটাই চলিছে বিজেপিত: গৌৰৱ গগৈ

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 6:08 PM IST

মৰাণ, 28 জানুৱাৰী : একাংশ কংগ্ৰেছীৰ বিজেপিত যোগদান সন্দৰ্ভত মন্তব্য প্ৰকাশ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ৷ "এতিয়া বিজেপিত যি যোগদান ঘটিছে, সেয়া হৈছে পুৰণা বিজেপিক চাফাই কৰাৰ অভিযান ৷ নতুনকৈ কংগ্ৰেছীক সুমুৱাই পুৰণি বিজেপিৰ লোকসকলক চাফাই কৰাৰ অভিযান চলি আছে ৷ যিসকল কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিছে সেয়া তেওঁলোকৰ ব্যক্তিগত চিন্তাধাৰা, তাৰ বিষয়ে ক’বলগা একো নাই ৷ এই যোগদান কাৰ্যসূচীয়ে বিজেপিৰ ভিতৰত শীতল যুঁজ চলি থকাৰহে ইংগিত বহন কৰিছে ৷  কংগ্ৰেছ দল পূৰ্বতকৈ অধিক শক্তিশালীহে হৈছে ৷ ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাজ্যত সফল হ’ল ৷ মুখ্যমন্ত্ৰীৰ সকলো চেষ্টা বিফল হ’ল ৷" এইদৰে কয় গগৈয়ে ৷  

আজিৰ দিনটোত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দিপাংক কুমাৰ নাথে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ সন্দৰ্ভত চৰাইদেউৰ সোণাৰিত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

ইফালে ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিব বুলি উলাই থকাৰ বাতৰিটো উৰাবাতৰি বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে, বিজেপিয়ে সামাজিক মাধ্যমত ট্ৰ’ল হৈ থকাৰ বাবে নিজৰ স্থিতি ওপৰলৈ আনিবলৈ এনেধৰণে উৰাবতৰি কিছুমান বিয়পাইছে, তাৰ বাহিৰে একো নহয় ৷

লগতে পঢ়ক: কোন কোন নেতাই দেওবাৰে যোগদান কৰিব বিজেপিত ? জনালে ভৱেশ কলিতাই

ABOUT THE AUTHOR

...view details