ETV Bharat / politics

কোন কোন নেতাই দেওবাৰে যোগদান কৰিব বিজেপিত ? জনালে ভৱেশ কলিতাই

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 5:24 PM IST

Updated : Jan 28, 2024, 9:52 AM IST

Assam BJP: দেওবাৰে বিজেপিত যোগদান কৰিব বহুকেইগৰাকী কংগ্ৰেছ নেতা-নেত্ৰীয়ে ৷ কেৱল কংগ্ৰেছৰ পৰাই নহয়, জাতীয় সংগঠনৰ গুৰু দায়িত্ব গ্ৰহণ কৰা কেইবাগৰাকীও লোক হ’ব গেৰুৱা ৷ এই সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

Assam BJP President Bhabesh kalita
অসম বিজেপিৰ সভাপতি ভৱেশ কলিতা

গুৱাহাটী, ২৭ জানুৱাৰী: বিজেপিত দেওবাৰে অনুষ্ঠিত হ’ব এক বৃহৎ যোগদান কাৰ্যসূচী ৷ ইতিমধ্যে গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে আছু আৰু কংগ্ৰেছৰ কেইবাজনো শীৰ্ষ নেতা । এই সন্দৰ্ভত শনিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মন্তব্য প্ৰকাশ কৰে ৷

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দেওবাৰে যোগদান কৰিব কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্ত, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ , সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাস, চিত্তৰঞ্জন বসুমতাৰী, গিয়াছউদ্দিন আহমেদকে ধৰি কেবাজনো নেতাই ।

কংগ্ৰেছে অন্যায় যাত্ৰা কৰাৰ বাবে ন্যায় বিচাৰি বিজেপিলৈ কংগ্ৰেছৰ নেতাসকলে আগমন কৰা বুলি মন্তব্য আগবঢ়ায় অসম বিজেপিৰ সভাপতিগৰাকীয়ে । তেওঁ কয় যে এই নেতাসকলে কোনো নিৰ্বাচন বা আন কোনো আশাত অহা নাই । দলৰ হৈ সেৱা কৰিব৷ মা ভাৰতীক সেৱা কৰাৰ দৰে সেৱা কৰিব ।

আনহাতে কমল কুমাৰ মেধিৰ যোগদান কৰাৰ সন্দৰ্ভত গা এৰা মন্তব্য আগবঢ়ায় ভৱেশ কলিতাই । উল্লেখযোগ্য যে বিস্মিতা গগৈ হৈছে কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী । ইফালে অংকিতা দত্তয়ো ইতিমধ্যে বিগত সময়ত কংগ্ৰেছ দলৰ নেতৃত্বৰ প্ৰতি মুকলিকৈ বিষোদগাৰ প্ৰদৰ্শন কৰি কংগ্ৰেছৰ পৰা বহিস্কৃত হৈছিল ।

আনফালে দিপাংক কুমাৰ নাথ হৈছে আছুৰ দুটাকৈ কাৰ্যকালৰ কেন্দ্ৰীয় সভাপতি । সমান্তৰালভাৱে প্ৰকাশ দাসো হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আহি সদৌ কামৰূপ জিলা সাধাৰণ সম্পাদক হৈছিল । পিছলৈ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

দেওবাৰে যোগদান কৰিবলগীয়া গিয়াছউদ্দিন আহমেদ হৈছে পূৰ্বৰ হাজো সমষ্টিৰ ধুহি গাঁও পঞ্চায়তৰ কংগ্ৰেছ সভাপতি । ৯৯ শতাংশ মুছলমান অধ্যুষিত পঞ্চায়তটোৰ কংগ্ৰেছ নেতাগৰাকীয়েও বিজেপিত যোগদান কৰিব বিচৰা বিষয়টোৱে এতিয়া সকলোকে আচৰিত কৰি তুলিছে ।

লগতে পঢ়ক: দেওবাৰ-সোমবাৰ: বাজপেয়ী ভৱন-আমবাৰী হ’ব তোলপাৰ !

Last Updated :Jan 28, 2024, 9:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.