অসম

assam

মাননি নহয়,দৰমহা প্ৰদানৰ দাবীত উত্তাল চচল

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 2:49 PM IST

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী: আশাকর্মী সকলক চৰকাৰীভাৱে স্বাস্থ্য বিভাগৰ কর্মী হিচাপে নিয়মীয়া কৰা,আশাকৰ্মীসকলক কামৰ অত্যধিক বোজাইৰ পৰা ৰেহাই দিয়া, উপযুক্ত সময়ত মজুৰি প্ৰদান, মজুৰি ২৫হেজাৰ টকালৈ বৃদ্ধি কৰা,আশাকৰ্মীসকলক অৰুণোদয় আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা আদিকে ধৰি আন কেতবোৰ সমস্যা সমাধানৰ দাবীত মঙলবাৰে আশাকৰ্মীসকলে চচলত প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।  

প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় দুহেজাৰ আশাকর্মীয়ে ন্যায্য প্ৰাপ্তিৰ দাবী তুলি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানৰে চচলৰ আকাশ বতাহ উত্তাল কৰি তোলে । প্ৰতিবাদী আশাকর্মীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," আমাৰ প্ৰচেষ্টাৰ বাবেই গৰ্ভৱতী মাতৃ, নৱজাতক, শিশু আদিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিছে । সেইদৰে হ্ৰাস পাইছে জনসংখ্যাৰ বৃদ্ধিৰ হাৰো । কিন্তু সামান্য মাননিৰ বিনিময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অত্যাধিক কামৰ বোজাৰে আমাক নির্যাতন চলাইছে । যদিহে শীঘ্ৰে চৰকাৰে আমাৰ এই দাবীসমূহ পূৰণ নকৰে, তেন্তে আমি ২০২৪ লোকসভা নিৰ্বাচনত ভোট প্ৰদানৰ পৰা বিৰত থাকিম । " তেওঁলোকে কৰ্মবিৰতি পালন কৰাৰো হুংকাৰ দিয়ে ।

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মা জাতিদ্ৰোহী : প্ৰতিবাদকাৰীৰ কণ্ঠস্বৰ

ABOUT THE AUTHOR

...view details