অসম

assam

চিকিৎসালয়ৰ বিচনাত চিৰ নিদ্ৰাত পৰিল যোৰহাটৰ মিনতি দেৱী

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 7:00 AM IST

Jorhat Helpless mother dies: অৱশেষত চিৰ নিদ্ৰাত পৰিল পুত্ৰৰ চৰম অৱহেলাৰ বলি হোৱা যোৰহাটৰ মিনতি দেৱী ৷ দুই পুত্ৰৰ চৰম অৱহেলাৰ বাবে এটা ভঙা পজাৰ বিচনাত শয্যাগত হৈ জীৱন মৃত্যুৰে যুঁজি আছিল অশীতিপৰ বৃদ্ধাগৰাকী ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত আৰু তাতেই শুকুৰবাৰে মৃত্যু ঘটে মিনতি দেৱীৰ ৷
The mother died of her sons negligence in Jorhat
আই চি ইউত মৃত্যুক আঁকোৱালি ললে জন্মদাত্ৰী মাতৃয়ে

যোৰহাট, 24 ফেব্ৰুৱাৰী: পুত্ৰৰ চৰম অৱহেলাৰ বাবেই অৱশেষত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত মৃত্যুক আঁকোৱালি ল’লে মিনতি দেৱী নামৰ জন্মদাত্ৰী মাতৃগৰাকীয়ে ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, দুই পুত্ৰৰ চৰম অৱহেলাৰ বাবে এটা ভঙা পজাৰ বিচনাত শয্যাগত হৈ জীৱন মৃত্যুৰে যুঁজি আছিল যোৰহাট পটীয়া গাঁৱৰ দিহিঙীয়া চুকৰ মিনতি দেৱীৰ নামৰ মহিলাগৰাকী ৷ মহিলাগৰাকীৰ কৰুণ গাথা 20 ফেব্ৰুৱাৰীত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই উক্ত নিশাই যোৰহাট জিলা প্ৰশাসনৰ তৎপৰতা আৰু স্থানীয় ৰাইজ, সংবাদ মাধ্যমৰ সহযোগত মহিলাগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।

অৱশ্যে উপযুক্ত সময়ত উপযুক্ত চিকিৎসা লাভ নকৰাৰ ফলতেই শুকুৰবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ থকা অৱস্থাত কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় অশীতিপৰ মহিলাগৰাকীয়ে । স্থানীয় লোকে জানিবলৈ দিয়া মতে, যোৰহাট নগৰৰ পৰা নিলগৰ পতিয়া গাঁৱৰ মিনতি দেৱী নামৰ মহিলাগৰাকীক দুই পুত্ৰয়ে নিজৰ লগত নাৰাখি সমীপৰে এটা উৰুখা পঁজাত থাকিবলৈ বাধ্য কৰাইছিল আৰু পৰ্যাপ্ত আহাৰৰ পৰা বঞ্চিত কৰি দুৰ্বিষহ জীৱন কটাবলৈ বাধ্য কৰোৱাইছিল ৷

যাৰ ফলত বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল । এই চাঞ্চল্যকৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশৰ পিচতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা প্ৰশাসনক সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল আৰু ইয়াৰ পিচতে যোৰহাট জিলা প্ৰশাসনে অসুস্থ বৃদ্ধাগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰিছিল ।

লগতে পঢ়ক:যোৰহাটত দুই পুত্ৰৰ চৰম অৱহেলাত মৃত্যুৰে যুঁজিছে এগৰাকী বৃদ্ধাই

ABOUT THE AUTHOR

...view details