ETV Bharat / state

যোৰহাটত দুই পুত্ৰৰ চৰম অৱহেলাত মৃত্যুৰে যুঁজিছে এগৰাকী বৃদ্ধাই

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 5:16 PM IST

Jorhat Medical College
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক

CM help in treating helpless woman: দুই পুত্ৰৰ দ্বাৰা চৰম অৱহেলিত হৈ মৃত্যু যন্ত্ৰণাত চটফটাই থকা অসহায় বৃদ্ধাক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি । সংবাদ মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ হোৱাৰ পিচতে যোৰহাট জিলা প্ৰশাসনক সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক

যোৰহাট,২১ ফেব্ৰুৱাৰী: যোৰহাট পতিয়া গাঁৱৰ দিহিঙীয়া চুকত পুত্ৰৰ দ্বাৰা অৱহেলিত হোৱা এগৰাকী মাতৃৰ কৰুণ গাঁথাই সকলোৰে হৃদয়ত কঁপনি তুলিলে । এই বিষয়ে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ব্যৱস্থা গ্ৰহণ কৰে যোৰহাট প্ৰশাসনে । দুই পুত্ৰ চৰম অৱহেলা বাবে এটা ভঙা পঁজাত শয্যাগত হৈ জীৱন মৃত্যুৰে যুঁজা যোৰহাট পতিয়া গাঁৱৰ দিহিঙীয়া চুকৰ মিনতি দেৱীৰ নামৰ বৃদ্ধাগৰাকীৰ কৰুণ গাঁথা ই টিভি ভাৰতৰ লগতে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিচতেই মুখ্যমন্ত্ৰীয়ে সমগ্র ঘটনা সন্দৰ্ভত তৎপৰতা গ্ৰহণ কৰে । যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ নহয় বুলি উল্লেখ কৰিছে মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ মানৱ গোহাঁয়ে ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ মানৱ গোহাঁয়ে কয় যে মিনতি দেৱীৰ অৱস্থা বৰ্তমান সুস্থিৰ নহয় । সেয়েহে জেনেৰেল কক্ষৰ পৰা আই চি ইউলৈ তেওঁক স্থানান্তৰ কৰা হৈছে । মহিলাগৰাকীৰ শৰীৰত সম্পূৰ্ণৰূপে তেজৰ অভাৱ হোৱা বুলি তেওঁ কয় । বিগত সময়ত স্বাস্থ্যজনিত সমস্যাত ভুগি থকা বাবে ডায়েবেটিছত আক্ৰান্ত হোৱাত তেওঁৰ কিডনী নষ্ট হোৱা বুলি কয় অধীক্ষক ডাঃ মানৱ গোহাঁয়ে । তেওঁক প্ৰয়োজনীয় খাদ্য খাবলৈ নিদিয়া কাৰণে ৰোগে জটিল ৰূপ ধাৰণ কৰা বলিও তেওঁ উল্লেখ কৰে ।

ইপিনে, আৰক্ষীৰ ধমকৰ পিচতেই মহিলা গৰাকীৰ জেষ্ঠ পুত্ৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈছে । তেওঁৰ স্বাস্থ্য সম্পৰ্কে প্ৰতি মুহূৰ্তত তদাৰক কৰি আছে চিকিৎসকৰ লগতে যোৰহাট জিলা প্ৰশাসনে । মঙলবাৰে পুৱাৰ ভাগত মিনতি দেৱী নামৰ বৃদ্ধাগৰাকীৰ স্বাস্থ্য আৰু চিকিৎসা সম্পকীয় সকলো দিশ বুজ লয় জিলা আয়ুক্ত পুলক মহন্তই ।

উল্লেখ্য় যে মিনতি দেৱী নামৰ এইগৰাকী বৃদ্ধা মাতৃয়ে কেইবা দিন ধৰি নিয়মিতভাৱে খাবলৈ নাপাই, দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ চটফটাই আছিল । মাতৃয়ে বসবাস কৰা ঘৰৰ ওচৰতে আছিল দুই কুলংগাৰ পুত্ৰৰ দুটা ঘৰ । কিন্তু কাষতে থাকিও মাতৃক নিজৰ ওচৰত থাকিবলৈ নিদিয়া লগতে খাদ্য পৰাও বঞ্চিত কৰি আহিছিল ।

লগতে পঢ়ক:পাষাণ পুত্ৰই নুবুজিলেও মুখ্যমন্ত্ৰীয়ে বুজে মাতৃৰ মৰ্মবেদনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.