ETV Bharat / state

পাষাণ পুত্ৰই নুবুজিলেও মুখ্যমন্ত্ৰীয়ে বুজে মাতৃৰ মৰ্মবেদনা

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 1:40 PM IST

CM promptness in treating helpless Mother: দুই পুত্ৰৰ দ্বাৰা চৰম অৱহেলিত হৈ মৃত্যু যন্ত্ৰণাত চটফটাই থকা অসহায় বৃদ্ধাৰ চিকিৎসাৰ ক্ষেত্ৰত তৎপৰতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । যোৰহাট পতিয়া গাঁৱৰ দিহিঙীয়া চুকৰ মিনতি দেৱীৰ অসহায় অৱস্থাৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ হোৱাৰ পিছতে যোৰহাট জিলা প্ৰশাসনক সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।

CM promptness in treating helpless Mother
পাষাণ পুত্ৰই নুবুজিলেও মুখ্যমন্ত্ৰীয়ে বুজে মাতৃৰ মৰ্মবেদনা

পাষাণ পুত্ৰই নুবুজিলেও মুখ্যমন্ত্ৰীয়ে বুজে মাতৃৰ মৰ্মবেদনা

যোৰহাট,২১ ফেব্ৰুৱাৰী: পুত্ৰৰ দ্বাৰা অৱহেলিত মাতৃৰ কৰুণ গাঁথা বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীৰ তৎপৰতাত ব্যৱস্থা গ্ৰহণ যোৰহাট প্ৰশাসনৰ । দুই পুত্ৰ চৰম অৱহেলা বাবে এটা ভঙা পঁজাত শয্যাগত হৈ জীৱন মৃত্যুৰে যুঁজা যোৰহাট পতিয়া গাঁৱৰ দিহিঙীয়া চুকৰ মিনতি দেৱীৰ নামৰ বৃদ্ধাগৰাকীৰ কৰুণ গাঁথা ই টি ভি ভাৰতৰ লগতে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে সমগ্র ঘটনা সন্দৰ্ভত তৎপৰতা গ্ৰহণ কৰে ।

CM promptness in treating helpless Mother
পাষাণ পুত্ৰই নুবুজিলেও মুখ্যমন্ত্ৰীয়ে বুজে মাতৃৰ মৰ্মবেদনা

জিলা প্ৰশাসনক সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগে লগে যোৰহাট জিলা প্ৰশাসনে অসুস্থ বৃদ্ধাগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰে । মঙলবাৰে পুৱাৰ ভাগত মিনতি দেৱী নামৰ বৃদ্ধাগৰাকীৰ স্বাস্থ্য আৰু চিকিৎসা সম্পকীয় সকলো দিশ বুজ লয় জিলা আয়ুক্ত পুলক মহন্তই । উল্লেখ্য যে যোৰহাটৰ পতিয়া গাঁৱৰ দিহিঙীয়া চুকৰ মিনতি দেৱী নামৰ এই গৰাকী বৃদ্ধা মাতৃয়ে কেইবা দিন ধৰি নিয়মিতভাৱে খাবলৈ নাপাই, দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ চটফটাই হৈ পৰি ৰৈছিল ।

পুত্ৰৰ দ্বাৰা অৱহেলিত হৈ এনেদৰে তিলতিলকৈ এগৰাকী জন্মদত্ৰী মাতৃয়ে মৃত্যুৰে যুঁজিব লগা হোৱা ঘটনাই শৈক্ষিক নগৰী যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল । কাৰণ মাতৃয়ে বসবাস কৰা ঘৰৰ ওচৰতে আছিল দুই কুলংগাৰ পুত্ৰৰ দুটা ঘৰ । কিন্তু কাষতে থাকিও মাতৃক নিজৰ ওচৰত থাকিবলৈ নিদিয়া লগতে খাদ্য পৰাও বঞ্চিত কৰি আহিছিল ।

CM promptness in treating helpless Mother
পাষাণ পুত্ৰই নুবুজিলেও মুখ্যমন্ত্ৰীয়ে বুজে মাতৃৰ মৰ্মবেদনা

আন্ধাৰ কোঠাত মৃত্যু যন্ত্ৰনাত থকা পিছতো, মাতৃ বেদনা উপহাস কৰি দুই পুত্ৰ পৰিয়ালসহ অৱসৰ বিনোদনৰ বাবে ওলাই যোৱা অভিযোগ উথাপিত হৈছে । কিন্তু সংবাদ মাধ্যম আৰু স্থানীয় ৰাইজৰ তৎপৰতাত মঙলবাৰেই বৃদ্ধাগৰাকী JMCH ভৰ্তি কৰোৱা হয় । বৰ্তমান সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰী তৎপৰতাৰে গ্ৰহণ কৰাত উন্নত চিকিৎসা আৰু অন্যান্য সা-সুবিধা বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যোৰহাট জিলা প্ৰশাসনে ।

লগতে পঢ়ক: মাতৃৰ অন্তিম ক্ষণতো খবৰ ল'বলৈ আহৰি নাই পুত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.