মাতৃৰ অন্তিম ক্ষণতো খবৰ ল'বলৈ আহৰি নাই পুত্ৰৰ

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 8:50 AM IST

thumbnail

যোৰহাট,২১ ফেব্ৰুৱাৰী: পাষাণ পুত্ৰৰ অমানৱীয় কাৰ্যই হতচকিত কৰিছে যোৰহাটৰ পতিয়া গাঁওবাসীক । মৃত্যু যন্ত্ৰণাত চটফটাই থকা মাতৃৰ খবৰ ল'বলৈ আহৰি নাই হৃদয়হীন দুই পুত্ৰৰ । জৰাজীৰ্ণ জুপুৰীত জীৱন-মৃত্যুৰে যুঁজিছে অশীতিপৰ বৃদ্ধাই । যোৰহাটৰ পতিয়া গাঁৱত দুই পুত্ৰৰ চৰম অৱহেলাৰ ফলত বৃদ্ধা মাতৃৰ অৱস্থা দেখি চকুলো টুকিছে সকলোৱে । দুই পুত্ৰৰ চূড়ান্ত অৱহেলাত এটা ভগা জুপুৰীৰ এখন বাঁহৰ চাঙত তিল তিলকৈ মৃত্যুৰ ক্ষণ গণিছে যোৰহাটৰ পতিয়া গাঁৱৰ দিহিঙীয়া চুকৰ মিনতি দেৱী নামৰ বৃ্দ্ধাগৰাকীয়ে ।  

বিগত কেইবাদিনো ধৰি নিয়মিতভাবে খাবলৈ নাপাই লগতে এক অচিন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বিচনাত শয্যাগত হৈ পৰি ৰ'ব লগা হৈছে বৃদ্ধাগৰাকী । বৃদ্ধাগৰাকীৰ জুপুৰীৰ কাষতে আছে দুই পুত্ৰৰ ঘৰ । কিন্তু মাতৃয়ে জৰাজীৰ্ণ কোঠাত ভোগ কৰা চৰম যন্ত্ৰণাক উপহাস কৰি দুই পুত্ৰ পৰিয়ালসহ ব্যস্ত অৱসৰ বিনোদনত । ইফালে পুত্ৰ-বোৱাৰীৰ অৱহেলা কথা বুজি আৰু বৃদ্ধাগৰাকীৰ মৰ্মবেদনা উপলব্ধি কৰি কাষৰীয়া লোক ওলাই আহি আহাৰ যোগান ধৰি শুশ্ৰূষা আগবঢ়োৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: বিলাসী বাহনেৰে অপহৰণ কৰি নাবালিকাক গণধৰ্ষণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.