ETV Bharat / state

বিলাসী বাহনেৰে অপহৰণ কৰি নাবালিকাক গণধৰ্ষণ

Gang rape in Cachar : বিলাসী থাৰ বাহনেৰে অপহৰণ কৰি লৈ গৈ এগৰাকী ১৫ বছৰীয়া নাবালিকাক গণধৰ্ষণ কৰাৰ জঘন্য ঘটনা পোহৰলৈ আহিছে ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ চাৰিদিন উকলি যোৱাৰ স্বত্বেও গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত ৷

gang rape in Cachar
বিলাসী বাহনেৰে অপহৰণ কৰি নাবালিকাক গণধৰ্ষণ
author img

By ETV Bharat Assamese Team

Published : February 20, 2024 at 9:51 PM IST

2 Min Read
Choose ETV Bharat

শিলচৰ, 20 ফেব্ৰুৱাৰী : কাছাৰৰ সোণাই হাতীখালত নাবালিকাক গণধৰ্ষণ কৰাৰ জঘন্য ঘটনা পোহৰলৈ আহিছে ৷ বিলাসী থাৰ বাহনেৰে অপহৰণ কৰি লৈ গৈ এগৰাকী ১৫ বছৰীয়া নাবালিকাক গণধৰ্ষণ কৰা অভিযোগ উত্থাপিত হৈছে । এই ঘটনা সন্দৰ্ভত চাৰি বিবাহিত যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

জানিব পৰা মতে, যোৱা ১৫ ফেব্ৰুৱাৰীৰ নিশা সোণাই হাতীখাল অঞ্চলত এই ঘটনাটো সংঘটিত হৈছে ৷ ধৰ্ষিতা নাবালিকাৰ পিতৃয়ে দাখিল কৰা এজাহাৰ মতে, ১৫ তাৰিখে নিশা তেওঁৰ ১৫ বছৰীয়া কন্যা সন্তানক প্ৰতিবেশী দিলৱাৰ হুছেইন, সূৰ্যমণি লস্কৰ, ইজাজুৰ ৰহমান আৰু ৰাকিব হুছেইন নামৰ চাৰি বিবাহিত যুৱকে এখন Mahindra Thar বাহনেৰে অপহৰণ কৰি লৈ যায় । তাৰ পিচত পুৱতি নিশা প্ৰায় ৪ বজাত তেওঁৰ কন্যাক থাৰ বাহনেৰে আনি ঘৰৰ সম্মুখত পেলাই থৈ যায় ।

তাৰ পিচতে নাবালিকাগৰাকীয়ে পিতৃ-মাতৃক জনায় যে, তেওঁক দিলৱাৰ হুছেইন, সূৰ্যমণি লস্কৰ, ইজাজুৰ ৰহমান আৰু ৰাকিব হুছেইনে তেওঁক এক নিৰ্জন স্থানত লৈ গৈ দলবদ্ধভাৱে উপৰ্যুপৰি ধৰ্ষণ কৰে । গোটেই নিশা ধৰ্ষণ কৰাৰ পাচত নাবালিকাগৰাকীক পুনৰ বাহনত তুলি ঘৰৰ সম্মুখত আনি পেলাই থৈ যায় চাৰি যুৱকে ৷

কন্যাৰ মুখত সমগ্ৰ ঘটনাৰ বৰ্ণনা শুনি আৰক্ষীৰ দ্বাৰস্থ হয় পিতৃ । তাৰ পিচতে ১৬ ফ্ৰেব্ৰুৱাৰী তাৰিখত স্থানীয় কচুধৰম আৰক্ষী চকীত নাবালিকাগৰাকীৰ পিতৃয়ে অভিযুক্ত দিলৱাৰ হুছেইন, সূৰ্যমণি লস্কৰ, ইজাজুৰ ৰহমান আৰু ৰাকিব হুছেইনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে । লগতে ঘটনাৰ উচিত তদন্তৰ লগতে দোষী সকলৰ কঠোৰ শাস্তিৰ দাবী জনায় নাবালিকাগৰাকীৰ পিতৃয়ে । ইপিনে ঘটনাৰ চাৰিদিন উকলি যোৱাৰ পাচতো এতিয়াও এজনো অভিযুক্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে ।

লগতে পঢ়ক: 36 ঘণ্টাৰ পাচত অৰুণাচলত অপহৃত 3 শ্ৰমিকৰ অপহৰণকাৰীৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে