ETV Bharat / state

কাজলগাঁৱত এবছুৰ প্ৰতিবাদী সমদল : হত্যাকাৰীক ফাঁচীৰ দাবী - ABSU PROTEST CHIRANG

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:54 PM IST

ABSU PROTEST : হিৰণ্ময় খাখলাৰীৰ হত্যাকাৰীক ফাঁচীৰ দাবীত প্ৰতিবাদী সমদল এবছুৰ ৷ নিহত হিৰণ্ময় খাখলাৰীৰ পৰিয়ালক এককালীন 20 লাখ আৰু ধৰ্ষিতাৰ পৰিয়ালক 5 লাখ টকাৰ এককালীন আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী ৷

ABSU HOLDS RALLY FOR JUSTICE
এবছুৰ প্ৰতিবাদী সমদল (ETV BHARAT ASSAM)

হিৰণ্ময় খাখলাৰীৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত প্ৰতিবাদী সমদল (ETV BHARAT ASSAM)

চিৰাং, 22 মে’ : চিৰাঙৰ কাজলগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ প্ৰতিবাদী সমদল ৷ 3 মে’ত গোৱালপাৰা জিলাৰ দুধনৈত দুগৰাকী জনজাতীয় যুৱতীৰ ধৰ্ষণৰ বিৰুদ্ধে আগবাঢ়ি যোৱা হিৰণ্ময় খাখলাৰীৰ হত্যাকাৰীক ফাঁচীৰ দাবীত এই প্ৰতিবাদী সমদল বাহিৰ কৰে সংগঠনটোৱে ৷ লগতে ফাষ্ট ষ্ট্ৰেক আদালতৰ জৰিয়তে এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া আগুৱাই নিয়াৰ দাবী কৰাৰ লগতে নিহত হিৰণ্ময় খাখলাৰীৰ পৰিয়ালক এককালীন 20 লাখ আৰু ধৰ্ষিতাৰ পৰিয়ালক 5 লাখ টকাৰ এককালীন আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী জনায় ৷

প্ৰতিবাদী সমদলৰ পূৰ্বে নিহত হিৰণ্ময় খাখলাৰীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে সংগঠনটোৱে ৷ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে এবছুৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে ৷ এবছুৰ এই প্ৰতিবাদী সমদলত বড়ো সমাজ, বাথৌ ধৰ্মীয় মহাসভা, বড়ো প্ৰাথমিক শিক্ষক সন্মিলনী, বড়ো সাহিত্য সভাৰ লগতে বড়ো জাতীয় অন্যান্য দল-সংগঠনে অংশগ্ৰহণ কৰে ৷ চিৰাং জিলাৰ দুই শতাধিক এবছু নেতা-কৰ্মীয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷

এবছুৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে কয় যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে এইক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি ব্যৱস্থা ল’ব লাগে ৷ যাতে কোনোপধ্যেই আইনৰ সুৰুঙাৰে ধৰ্ষণকাৰী আৰু হত্যাকাৰী সাৰি নাযায় ৷ ভৱিষ্যতে অসমত যাতে আন কোনো লোকে ধৰ্ষণ আৰু হত্যাৰ দৰে ঘটনা সংঘটিত কৰিবলৈ সাহস নকৰে তাৰ ব্যৱস্থা কৰিবলৈ অসম আৰক্ষীৰ ওচৰত দাবী জনায় এবছুৰ সাধাৰণ সম্পাদকজনে ৷ তেওঁ লগতে কয় যে বহু ঠাইত ধৰ্ষণকাৰীয়ে শাস্তি পালেও বহু ঠাইত আইনৰ সুৰুঙাৰে সাৰি যায় ৷ এনে উদাহৰণ বহুত আছে ৷ গতিকে ধৰ্ষণকাৰীৰ কঠোৰ শাস্তি দাবী কৰা বুলি কয় তেওঁ ৷ লগতে 27 মে’ত এবছুৰ কেন্দ্ৰীয় সমিতিয়ে গোৱালপাৰা জিলা সমিতিৰ সহযোগত দুধনৈত দুঘন্টীয়া প্ৰতিবাদী সমদল কাৰ্যসূচী হাতত লোৱা বুলি জনায় এবছুৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে ৷

লগতে পঢ়ক : বহুত সহিলে নিৰ্যাতন; কুলাংগাৰ পুত্ৰৰ বিৰুদ্ধে থানাত এজাহাৰ মাতৃৰ - FIR Against SON

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.