অসম

assam

ৰঙালীৰ ৰঙত মতলীয়া অসম; ভিন্ন প্ৰান্তত বিহু উদযাপন - RONGALI BIHU 2024

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 10:23 AM IST

Rongali bihu 2024: ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰঙালী বিহু ৷ তেজপুৰ থেছপিয়ান বিহু দলৰ নৃত্যই মুহিলে নলবাৰীবাসীক ৷ 14 এপ্ৰিলৰ দিনাই জন্মগ্ৰহণ কৰা সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰৰ 134 সংখ্যক জন্ম জয়ন্তী পালন কৰে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ আৰু সংযুক্ত বড়ো গণ মঞ্চই ৷

Rangali bihu 2024 celebrated in different parts of assam
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু উদযাপন

নিউজ ডেস্ক, 15 এপ্ৰিল: দেওবাৰ, পহিলা ব’হাগৰ দিনটোত দিনযোৰা কাৰ্যসূচীৰে নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত অনুষ্ঠিত হয় "নাচিব লাগিব ব'হাগ বিহু বুলি" শীৰ্ষক মুকলি বিহু অনুষ্ঠান । পহিলা ব'হাগৰ দিনা নলবাৰী আঞ্চলিক ছাত্র সন্থা আৰু নলবাৰী নগৰ উন্নতি সভাই প্ৰতিবছৰে পালন কৰি আহিছে এই মুকলি বিহুৰ ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট অভিনেত্ৰী মাধুৰীমা চৌধুৰী ৷ বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাবে মুকলি কৰে বিহুৰ দ্বাৰ ৷ মুকলি কৰাৰ পিছতে বিভিন্ন গোষ্ঠীৰ দ্বাৰা অনুষ্ঠিত হয় বিহু নৃত্যৰ । লগতে, স্থানীয় বিশিষ্ট লোকসকলক সম্বৰ্দ্ধনা জনোৱা হয় । ইয়াৰোপৰি, অসমৰ আগশাৰীৰ বিহু নৃত্য দল তেজপুৰ থেছপিয়ান বিহু দলৰ দ্বাৰা পৰিৱেশন কৰা হয় নৃত্য ।

আনহাতে, ধেমাজি কাছাৰী ময়দানত ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰা হয় মুকলি বিহু ৷ পহিলা ব’হাগৰ দিনা ধেমাজি জিলা ছাত্ৰ সন্থাই আয়োজন কৰা মুকলি বিহুত দুপৰীয়া পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰা হয় ৷ বিহু আৰু বিভিন্ন কৃষ্টি দলৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰাৰ অন্তত নিশা দহ বজাৰ পৰা জনপ্ৰিয় শিল্পীৰ দ্বাৰা গীত-মাত পৰিৱেশন কৰা হয় ৷

সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহুৱা খেল পথাৰত সপ্তদশ বাৰ্ষিক মাণিকপুৰ ব’হাগী বিদায় উদযাপন সমিতিয়ে উদযাপন কৰে ব’হাগ বিহু ৷ পুৱা বিহুৰ পতাকা উত্তোলেনেৰে বিহুৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । লগতে মাণিকপুৰ অঞ্চলৰ বহু বয়োজ্যেষ্ঠ ব্যক্তিক মানপত্ৰৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় সমিতিয়ে ।

লাৰু, পিঠা, দৈ-চিৰাৰে প্ৰীতিভোজৰ আয়োজন কৰে সমিতিয়ে । বিয়লি স্থানীয় বিহু দলৰ দ্বাৰা মুকলি বিহু প্ৰদৰ্শন কৰা হয় । সমিতিয়ে মাৰাথন দৌৰ প্ৰতিযোগিতাৰো আয়োজন কৰিছে ৷ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বিচৰা ইচ্ছুক প্ৰতিযোগীসকলক 6000154810 আৰু 8638069089 নম্বৰ দুটাৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে। এই বিহুৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব শিল্পী আচুৰ্য বৰপাত্ৰ ।

পহিলা ব’হাগৰ দিনা দৰং আমছুৰ প্ৰশংসনীয় পদক্ষেপ । পহিলা ব’হাগৰ দিনা মঙলদৈত কৰ্মৰত আৰক্ষীক গামোচা পিন্ধায় শুভেচ্ছা জনালে দৰং আমছুৱে ৷ এনে পদক্ষেপৰ জৰিয়তে বিহুৰ সময়ত নিজ পৰিয়ালৰ পৰা আঁতৰি থকাৰ যি দুখ-বেদনা সেয়া অলপ হ’লেও লাঘৱ হ’ব বুলি আশা কৰিছে আমছুৰ নেতাসকলে ।

আনহাতে দেওবাৰে চিলাপথাৰৰ চেঙাজান হাইস্কুলত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ আৰু সংযুক্ত বড়ো গণ মঞ্চৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ড৹ ভীমৰাও আম্বেদকাৰৰ 134 সংখ্যক জন্ম জয়ন্তী । গণ মঞ্চৰ সাধাৰণ সম্পাদক পিতাম্বৰ ব্ৰহ্মই আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতে ভাৰতৰ সংবিধানৰ পিতামহ ড৹ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সমুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি নিবেদন কৰা হয় ।

অনুষ্ঠানত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি তথা বড়ো কছাৰী স্বায়ত্তপৰিষদৰ মুখ্য কাৰ্যবাহী মিহিনেশ্বৰ বসুমতাৰী, সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, প্ৰাক্তন বিএলটি, এনডিএফবিৰ আবৌফ'ৰ কৰ্মকৰ্তা, স্থানীয় বিশিষ্ট ব্যক্তি,ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ কৰ্মকৰ্তা উপস্থিত থাকে ।

লগতে পঢ়ক:ভূপেন বৰাৰ ঢোলৰ ছেৱত কঁকাল ভাঙি নাচিলে পত্নীয়ে - Bohag Bihu

ABOUT THE AUTHOR

...view details