ETV Bharat / politics

ভূপেন বৰাৰ ঢোলৰ ছেৱত কঁকাল ভাঙি নাচিলে পত্নীয়ে - Bohag Bihu

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 11:00 PM IST

BHUPEN BORAH IN DHAKUAKHANA
ভূপেন বৰাৰ ঢোলৰ ছেৱত কঁকাল ভাঙি নাচিলে পত্নীয়ে

কান্ধত ঢোল ঢকুৱাখনাত পত্নীক নচুৱালে ভূপেন বৰাই ৷ বিহুৰ মাজতে ৰাজনীতি নাপাহৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ কংগ্ৰেছৰ চৰকাৰ হ’লে ৰূপায়ন কৰিবলগীয়া আঁচনিয়েই ঘোষণা কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

ভূপেন বৰাৰ ঢোলৰ ছেৱত কঁকাল ভাঙি নাচিলে পত্নীয়ে

গুৱাহাটী, ১৪ এপ্ৰিল : ৰাজনীতিৰ মাজতে কান্ধত ঢোল লৈ বিহুৱা ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । পহিলা ব’হাগৰ দিনা ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত পত্নী আৰু দলীয় সমৰ্থকক লগত লৈ বৈষ্ণৱপীঠত আঁঠু ল’লে APCC ৰ সভাপতিগৰাকীয়ে । বাসুদেৱ থানৰ সমীপৰ গাঁৱত কান্ধত ঢোল লৈ নচুৱালে পত্নীক ।

দেওবাৰে ঢকুৱাখনা মিনি ষ্টেডিয়ামত হেলিকপ্টাৰ লৈ অৱতৰণ কৰাৰ পিচত দলীয় কৰ্মী-সমৰ্থকে উষ্ম আদৰণি জনায় ভূপেন কুমাৰ বৰাক । বাসুদেৱ থান নৰোৱা সত্ৰত নিৰ্মালি গ্ৰহণ কৰি কৰঙা গাঁৱৰ মণ্ডল কংগ্ৰেছৰ সভাপতি ৰাজীৱ ভৰালীৰ গৃহত আতিথ্য গ্ৰহণ কৰি বিহুৰ হুঁচৰি উপভোগ কৰে । অজয় ফুকনৰ গীতৰ তালে তালে ভূপেন কুমাৰ বৰাই ঢোল বজাই পত্নীক নচোৱা দেখা গ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ পত্নীয়েও কঁকাল ভাঙি নচা দেখা গ’ল কৰঙা গাঁৱত ৷

বিহুত মচগুল হ’লেও কিন্তু ৰাজনীতি নাপাহৰিলে ভূপেন বৰাই ৷ প্ৰথম ব’হাগৰ দিনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ আক্ৰমণ কৰি হিতাধিকাৰী আঁচনি ঘোষণা কৰিলে ভূপেন বৰাই ৷ বৰাই কয়, “বাসুদেৱ থানৰ পৰা কৈছোঁ । আমাৰ কংগ্ৰেছ দল শাসনলৈ আহিলে অৰুণোদয় নহয়, প্ৰতি মাহৰ ৯ তাৰিখে ন-লখিমীৰ জৰিয়তে 2500 টকাকৈ প্ৰতিগৰাকী সাধাৰণ মহিলাক দিম ।” এইদৰে পহিলা ব’হাগৰ দিনা বাসদেৱ থান দৰ্শন কৰি ভূপেন বৰাই হিতাধিকাৰীৰ বাবে আঁচনিয়েই ঘোষণা কৰি পেলালে ।

ইফালে বাসুদেৱ থান নৰোৱা সত্ৰত সাংবাদিকৰ সম্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এইদৰে কয় - ‘‘উজনি অসমক লৈ হিমন্ত বিশ্ব শৰ্মাৰ যিমান চিন্তা, আজমল হাৰে বুলি তেওঁৰ তাতকৈও বেছি চিন্তা ৷ হিমন্ত বিশ্ব শৰ্মা মানেই বদৰুদ্দিন আজমল, আজমল মানেই হিমন্ত বিশ্ব শৰ্মা । কেতিয়াবা আজমলে হিমন্ত বিশ্ব শৰ্মাৰ, আন কেতিয়াবা আজমলে হিমন্ত বিশ্ব শৰ্মাৰ মুখা পিন্ধে ৷ কোনে কাৰ মুখা পিন্ধিছে ধৰিব পৰাটোৱেই টান ৷”

লগতে পঢ়ক: শিবিৰত হুঁচৰি জুৰিলে আলফা(স্বা)ই: প্ৰেৰণ কৰিলে ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.