ETV Bharat / state

শিবিৰত হুঁচৰি জুৰিলে আলফা(স্বা)ই: প্ৰেৰণ কৰিলে ভিডিঅ’ - Bohag Bihu

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 4:41 PM IST

Updated : Apr 14, 2024, 6:05 PM IST

ULFA HUSORI VIDEO
গোপন স্থানত হুঁচৰি জুৰিলে আলফা(স্বা)এ

Bohag Bihu: মুকলি পথাৰতেই থাকক বা গোপন স্থানত! বিহু বুলিলে ৰৈ থাকিব পাৰে! অজ্ঞাত স্থানত আলফা(স্বা)য়েও উদযাপন কৰিলে বিহু ৷ প্ৰেৰণ কৰিলে হুঁচৰিৰ ভিডিঅ’ ৷

গোপন স্থানত হুঁচৰি জুৰিলে আলফা(স্বা)এ

নিউজ ডেস্ক, 14 এপ্ৰিল: গাত অসমীয়া তেজ থকা কোনো লোকেই বিহু বুলিলে ৰৈ থাকিব নোৱাৰে ৷ সেয়া লাগিলে দেশতেই থাকক বা বিদেশত, মুকলি পথাৰতেই থাকক বা গোপন স্থানত ৷ ব’হাগেই হওক বা কাতি, অথবা মাঘ ৷ প্ৰাণৰ বিহুটি কাষ চপাৰ লগে লগে কৰিবই কৰিব অসমীয়াৰ গা সাতখন আঠখন ৷ তাতে কুলি-কেতিকীৰ শব্দৰ আঁত ধৰি বাজি উঠা ঢোল-পেঁপা অথবা দূৰৈত বাজি থকা বিহুৰ শব্দতো এপাক নানাচি নোৱাৰে অসমীয়াই ৷ এয়া ধ্ৰুৱ সত্য ৷

বিহুৰ দিনকেইটাত আই অসমীৰ কোলাত থাকিলেতো কথাই নাই, কিবা কাৰণত বাহিৰত থকাসকলৰো মনটো কোনোকাৰণতে অসমৰ পৰা আঁতৰি নাথাকে ৷ থাকিব নোৱাৰেও ৷ দেহ-মন সকলোতে স্থিতি লয় বিহুৱে ৷ বিহুৰ সেই চিনাকি সুৰ, দদাইদেউৰ চোলাতৰ হুঁচৰিজোৰা! কোন ৰৈ থাকিব পাৰে! পৰা নাই কেবাদশকৰো পূৰ্বে বিশেষ দাবীৰে অজ্ঞাতবাসলৈ যোৱা অসমীয়া ডেকাসকলেও ৷

বিগত সময়ৰ বিহুৰ দিনবোৰৰ দৰে এইবেলিও নিষিদ্ধঘোষিত সংগঠন আলফা(স্বা)ৰ তৰফৰ পৰা প্ৰেৰণ কৰা হ’ল এটা ভিডিঅ’ ৷ য’ত দেখা গ’লে কোনো অজ্ঞাত স্থানত প্ৰায় 30-40 টা অসমীয়া ডেকাই বিহুৰ চোলা পিন্ধি, মূৰত গামোচা আৰু কঁকালত টঙালী বান্ধি হুঁচৰি গাই থকা দৃশ্য ৷ তেওঁলোকক চাৰিওফালে আছে অস্ত্ৰধাৰী যুৱকে, হয়তো সুৰক্ষাৰ স্বাৰ্থত ৷

সেই দৃশ্য হয়তো আলফা(স্বা) কোনো চলমান শিৱিৰৰ ৷ গোপন স্থানত বাস কৰিলেও, ঘৰখনৰ সৈতে-সমনীয়াৰ সৈতে বিহু উদযাপন পৰা আঁতৰি থাকিবলগীয়া হ’লেও তেওঁলোকে উপযাপন কৰিছে বিহু ৷ ধৰি ৰখাৰ চেষ্টা কৰিছে বাপতিসাহোন চেনেহৰ বিহুটিক ৷ গাত অসমীয়া তেজ থাকিলে বিহুৰ পৰা আঁতৰি থকাৰ কোনো কাৰণেই থাকিব নোৱাৰে ৷ আলফা(স্বা)ৰ ভিডিঅ’টোৱেও সেই কথা প্ৰমাণ কৰিছে ৷

লগতে পঢ়ক: সময়ৰ সোঁতত ক্ৰমবিকাশ হৈছে বিহুৰ: ড৹ অনিল শইকীয়া

Last Updated :Apr 14, 2024, 6:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.