ETV Bharat / state

সময়ৰ সোঁতত ক্ৰমবিকাশ হৈছে বিহুৰ: ড৹ অনিল শইকীয়া - Rangali Bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 2:21 PM IST

Rangali Bihu 2024: পৰম্পৰা ৰক্ষা কৰি শনিবাৰে গৰু বিহু অনুষ্ঠিত কৰা পাছতেই আজি মানুহ বিহু অনুষ্ঠিত কৰিছে অসমীয়া ৰাইজে । মানুহ বিহুৰ তাৎপৰ্য কি ? মানুহ বিহু কিদৰে উদযাপন কৰিব লাগে ? কিদৰে সলনি হৈছে বিহুৰ পৰম্পৰা ? এই সন্দৰ্ভত বিহু বিশেষজ্ঞ, লোক-সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়াই জনালে বিস্তৃত তথ্য ।

Dr. Anil Saikia analyzes the significance of Manuh Bihu
সময়ৰ সোঁতত ক্ৰমবিকাশ হৈছে বিহুৰ: ড৹ অনিল শইকীয়া

সময়ৰ সোঁতত ক্ৰমবিকাশ হৈছে বিহুৰ: ড৹ অনিল শইকীয়া

ডিব্ৰুগড়,১৪ এপ্ৰিল: ৰাজ্যবাসী এতিয়া ৰঙালীৰ আনন্দ-উল্লাসত মতলীয়া । হেঁপাহৰ ৰঙালীক কাষতে পাই গাত তত নাই কৃষিজীৱি অসমীয়াৰ । উজনিৰ পৰা নামনিলৈ বৈছে উচাহৰ ঢল । অসমীয়া বাপতিসাহোন বিহুৰ ভিতৰত ৰঙালী বিহু অন্যতম । এই বিহুৰ দ্বিতীয় দিনা অথবা পহিলা ব'হাগৰ দিনা উদযাপন কৰা হয় মানুহ বিহু । শনিবাৰৰ দিনটোত পৰম্পৰা ৰক্ষা কৰি প্ৰতিজন চহা অসমীয়াই গৰু বিহু অনুষ্ঠিত কৰা পাছতেই আজি অনুষ্ঠিত কৰিছে মানুহ বিহু । অর্থাৎ আজি প্ৰতিজন অসমীয়াই অনুষ্ঠিত কৰিছে মানুহ বিহু ।

ৰঙালী বিহুৰ দ্বিতীয় দিনা উদযাপন কৰা মানুহ বিহুত পুৱাই স্নান কৰি কনিষ্ঠজনে জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱাৰ প্ৰথা প্ৰচলিত । অসমীয়া বছৰটোৰ প্ৰথমটো দিনত পৰিয়ালৰ জ্যেষ্ঠজনে সমগ্ৰ বছৰটো কুশলে পাৰ হ'বলৈ আশীৰ্বাদ দিয়াৰ লগতে সেইদিনাই আপোনজনে বিহুৱান দি চেনেহ জনায় । মানুহ বিহুৰ তাৎপৰ্য সম্পৰ্কত সাংবাদিক উমাকান্ত বৰুৱাই কথা পাতিছিল বিহু বিশেষজ্ঞ, লোকসংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়াৰ সৈতে ।

তেওঁ মানুহ বিহুৰ পৰম্পৰাৰ বিষয়ে অৱগত কৰি ৰঙালী বিহুৰ ইতিহাসৰ কথাও চমু অৱলোকন দিয়ে । সময় সলনি হোৱাৰ লগে লগে যে বিহুৰ কিছু পৰিৱৰ্তন হৈছে সেই কথাও ফঁহিয়াই দেখুৱাই লোক-সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়াই । বৰ্তমান সময়ত বিহু কৰ্মশালা অনুষ্ঠিত হোৱাটো সমাজৰ বাবে ভাল খবৰ বুলি কয় । বিহুৰ নিজস্ব স্বকীয়তা জীয়াই ৰাখি পৰিৱৰ্তন হোৱাটো প্ৰয়োজন বুলিও কয় বিহু বিশেষজ্ঞ, লোক-সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়াই । সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে লোক-সংস্কৃতিৰ গৱেষকগৰাকীয়ে ।

লগতে পঢ়ক: গৰু বিহুত কিয় লিখা হয় নাহৰৰ পাতত মন্ত্ৰ ? - RONGALI BIHU 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.