ETV Bharat / state

গৰু বিহুত কিয় লিখা হয় নাহৰৰ পাতত মন্ত্ৰ ? - RONGALI BIHU 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 1:29 PM IST

Updated : Apr 13, 2024, 2:22 PM IST

RONGALI BIHU 2024 : আজি গৰু বিহু ৷ গৰু বিহুৰ ৰীতি-নীতিৰ বিজ্ঞানসন্মত কাৰণ কি ?

Goru bihu
গৰু বিহুত কিয় লিখা হয় নাহৰৰ পাতত মন্ত্ৰ ?

গৰু বিহুত কিয় লিখা হয় নাহৰৰ পাতত মন্ত্ৰ ?

সৰুপথাৰ, ১৩ এপ্ৰিল : ‘‘লাও খা, বেঙেনা খা, থেকেৰা খা, হালধি খা বছৰে বছৰে বাঢ়ি যা ৷ মাৰে সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু ৷’’ আজি গৰু বিহু ৷ আজি ৰাজ্যজুৰি অতি উলহ-মালহেৰে পালন কৰিছে গৰু বিহু । প্ৰতি বছৰে অসমীয়া বছৰৰ চ’ত মাহৰ শেষৰ দিনটোত পালন কৰা হয় এই গৰু বিহু ৷ কালি উৰুকা, আজি গৰু বিহু আৰু কাইলৈ মানুহ বিহু ৷

গৰু বিহুৰ দিনটোত গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰে ৰাজ্যবাসীয়ে । ৰাজ্যৰ প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ । গাঁৱৰ কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি পালন কৰে গৰু বিহু । দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ সুস্থ শৰীৰৰ কামনা কৰে ।

গৰু বিহুৰ পৰম্পৰা অতীজৰে পৰা অসমীয়া সমাজত চলি আহিছে । কিন্তু আধুনিকতাৰ ধামখুমিয়াত কিছু নতুনত্ব হৈছে নেকি গৰু বিহুৰ পৰম্পৰা ? বিহুত জনজাতীয় প্ৰভাৱ, ধৰ্মীয় উপাদানৰ বৈশিষ্ট, বিজ্ঞানসন্মত দিশৰ প্ৰভাৱ কিদৰে বিৰাজমান ? গৰু বিহুৰ সন্ধিয়া জাগ দিয়া প্ৰথা অতীজৰে পৰা প্ৰচলিত । বিহুৰ দিনাই অসমীয়া সমাজত ১০১ বিধ শাক খোৱাৰ নিয়ম আছে । প্ৰত্যেক বিধ শাকৰে আছে ঔষধি গুণ ।

"দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ।
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে ॥"

এই মন্ত্ৰটি নাহৰৰ পাতত লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত লগোৱা গৰু বিহুৰ এটা উল্লেখযোগ্য প্ৰথা । জনবিশ্বাস অনুসৰি এনে কৰিলে ধুমুহা, বা-মাৰলিৰ পৰা ঘৰখন ৰক্ষা পৰে। ভগৱান শিৱলৈ প্ৰাৰ্থনা জনাই নাহৰ পাতৰ বিপৰীত অংশত এনেদৰে লিখা হয় ।

লগতে পঢ়ক: আধুনিকতাৰ ধামখুমীয়াৰ মাজতো চহা অসমীয়াৰ চোতালত আজি গৰু বিহু - RONGALI BIHU 2024

Last Updated : Apr 13, 2024, 2:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.