ETV Bharat / state

আধুনিকতাৰ ধামখুমীয়াৰ মাজতো চহা অসমীয়াৰ চোতালত আজি গৰু বিহু - RONGALI BIHU 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 8:55 AM IST

Updated : Apr 13, 2024, 9:21 AM IST

Goru Bihu celebrations : ‘‘লাও খা, বেঙেনা খা, থেকেৰা খা, হালধি খা বছৰে বছৰে বাঢ়ি যা ৷ মাৰে সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু ৷’’ আজি গৰু বিহু ৷ চহা কৃষকৰ মাজত আছে এই গৰু বিহুৰ মহত্ব ৷ গৰু বিহুৰ বিষয়ে এই বিশেষ প্ৰতিবেদন...

Goru Bihu celebrations
Goru Bihu celebrations

তিনিচুকীয়া, ১৩ এপ্ৰিল : ‘‘ন-বৰষুণত নৈৰ পানী বাঢ়িলে,

টুপাই বুৰ মাৰিলে শিহু ।

চাওঁতে চাওঁতে আজি আহি পালেহি ঐ

ব'হাগৰ বিহু ।৷’’

আজি গৰু বিহু ৷ আজি ৰাজ্যজুৰি অতি উলহ-মালহেৰে পালন কৰিছে গৰু বিহু । প্ৰতি বছৰে অসমীয়া বছৰৰ চ’ত মাহৰ শেষৰ দিনটোত পালন কৰা হয় এই গৰু বিহু ৷ কালি উৰুকা, আজি গৰু বিহু আৰু কাইলৈ মানুহ বিহু ৷ উৰুকাৰ নিশা গৃহস্থই গৰু বিহুৰ প্ৰস্তুতি কৰে ৷ গৰুক গা ধুৱাবলৈ মাহ-হালধি খুন্দি সাজু কৰাৰ লগতে গৰুক খোৱাবৰ বাবে লাও, বেঙেনা, হালধি, থেকেৰাৰে চাত বনায় । সমান্তৰালভাৱে গৰুক পিন্ধাৰ বাবে তৰা গছেৰে পঘাও বনোৱা হয় ৷

Goru Bihu celebrations
গৰু বিহুৰ মহত্ব

বিহু এক কৃষিভিত্তিক উৎসৱ ৷ আৰু গৰু কৃষি কৰ্মত এক এৰাব নোৱৰা ভূমিকা আছে ৷ সেয়ে গৰু বিহু উপলক্ষে আজি পুৱাই গোহালিৰ গৰুক মাহ হালধিৰে গা ধুৱাই আৰু লাও, বেঙেনা, হালধি, থেকেৰা খোৱায় ৷ লগতে গৃহস্থই গায় - লাও খা, বেঙেনা খা, থেকেৰা খা, হালধি খা বছৰে বছৰে বাঢ়ি যা ৷ মাৰে সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু ৷

Goru Bihu celebrations
গৰু বিহুৰ এক পৰম্পৰা

এনেদৰে গীত জুৰি গৃহস্থই গৰুৰ দীৰ্ঘায়ু আৰু শ্ৰীবৃদ্ধি কামনা কৰে ৷ তাৰ পাছতে গৰুৰ গাত থকা মাখি খেদাবৰ বাবে দীঘলতী আৰু মাখিয়তিয়ে গাত কোবোৱা হয় ৷ লগতে গৃস্থই গায় - দীঘলতী দীঘল পাত গৰু কোবাও জাক জাক, মাখিয়তিৰ মাখি পাত মাখি মাৰো জাত জাত ৷

লগতে পঢ়ক : গৰুৰ বিহুত 101 এবিধ শাক কিয় খোৱা হয় জানেনে ? - Rangali Bihu 2024

গৰু বিহুত বহুলোকে নিজৰ গোহালিতেই গৰু-গাইক গা ধুৱাই পৰম্পৰা পালন কৰাৰ বিপৰীতে বহু স্থানত ৰাইজে একত্ৰিত হৈ সমজুৱাকৈ নদী, বিল কিম্বা পুখুৰীৰ পাৰলৈ লৈ যায় গা ধুৱাবলৈ ৷ গৰুক গা ধুৱাৰ লগতে ৰাইজে মিলি কণী যুঁজো খেলে ৷ কণী যুঁজ গৰু বিহুৰ এক পৰম্পৰা ৷ ৰাজহুৱাকৈ ইজনে সিজনৰ লগত কণী যুঁজ খেলি সেইসমূহ কণীখিনিৰ লগত আমৰলি পাৰি তাৰে সৈতে এসাঁজ খায় ৷

Goru Bihu celebrations
আজি গৰু বিহু

পৰম্পৰা আছে যে গৰু বিহুৰ দিনটোত মানুহে ১০১ বিধ শাকেৰে এসাঁজ খায় ৷ আজিৰ দিনটোত ১০১ বিধ খালে শৰীৰ সুস্থ হৈ থাকে ৷ বহুতে কয় যে ১০১ বিধ শাক-পাচলি যিহেতু সহজতে নাপায়, গতিকে আমৰলি খালে ১০১ বিধ শাক খোৱাৰ দৰে হয় ৷ কাৰণ আমৰলিয়ে সকলো খায় ৷ সেই গতিকে গৰু বিহুৰ দিনা আমৰলি আৰু কণী খোৱাৰ এক পৰম্পৰা আছে ।

গৰু বিহুৰ দিনা আবেলি নিজৰ গৰু বিচাৰি আনি গোহালিত নতুন পঘাৰে বান্ধি গৰুক পিঠাপনা খোৱা হয় ৷ তাৰ পাছতে মানুহে খায় বিহুৰ পিঠাপনা । সাধাৰণতে আজিৰ যান্ত্ৰিকতাৰ দিনত যুৱ প্ৰজন্মই পাহৰি পেলাইছে গৰু বিহুৰ এনে পৰম্পৰাসমূহ । নাজানে গৰু বিহুৰ প্ৰাসংগিকতা ৷

Goru Bihu celebrations
উৰুকাৰ নিশা গৃহস্থই গৰু বিহুৰ প্ৰস্তুতি কৰে

গাঁৱসমূতো এতিয়া গৰুৰ সলনি টেক্টৰেৰে খেতি কৰিবলৈ আৰম্ভ কৰাৰে পৰা নাইকিয়া হৈ পৰিছে আগৰ দৰে গৰু ৷ তাৰ মাজতো আজিও বিশেষকৈ গাঁওসমূহত দেখা যায় গৰু বিহুৰ এক বিনন্দীয়া পৰিৱেশ ৷

লগতে পঢ়ক : ৰঙালীৰ ৰঙেৰে সাজি উঠিছে বৰঝাৰ বিমান বন্দৰ - Bohag bihu 2024

Last Updated : Apr 13, 2024, 9:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.