ETV Bharat / state

ৰঙালীৰ ৰঙেৰে সাজি উঠিছে বৰঝাৰ বিমান বন্দৰ - Bohag bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 2:29 PM IST

Lokpriya Gopinath Bordoloi International Airport
বিহুৰ বতৰত আকৰ্ষণীয় হৈ উঠিছে বৰঝাৰ বিমান বন্দৰ

Bohag bihu 2024:বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ৰঙালী বিহু উদযাপন ৷ দহদিনীয়াকৈ বিমান বন্দৰ কৰ্তৃপক্ষই আয়োজন কৰিছে ৰঙালী উৎসৱৰ ৷

বিহুৰ বতৰত আকৰ্ষণীয় হৈ উঠিছে বৰঝাৰ বিমান বন্দৰ

গুৱাহাটী, 12 এপ্ৰিল: আজি ব’হাগৰ উৰুকা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে অসমীয়াৰ হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি ৷ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰতো শুকুৰবাৰে উৰুকাৰ দিনা পালন কৰা হ’ল প্ৰাক ৰঙালী বিহু । ঢোল-পেঁপা-গগনাৰ মাতত ৰজনজনাইছে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটিৰ চৌপাশ ।

উত্তৰ-পূৰ্বাঞ্চলৰ আকাশী পথৰ একমাত্ৰ মাধ্যম লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দহদিনীয়াকৈ আজিৰে পৰা আৰম্ভ হৈছে ৰঙালী বিহু । পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ বিমান বন্দৰৰ ভিতৰে-বাহিৰে নিভাজ অসমীয়া পৰম্পৰাৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো বিশেষভাৱে সজাই-পৰাই তোলা হৈছে ।

আনকি শিপিনীয়ে তাত বয় থকাৰ দৃশ্যও যাত্ৰীসকলৰ লগতে বিশেষভাবে পৰ্যটকসকলৰ বাবে উপলব্ধ কৰোৱাইছে বিমান বন্দৰ কৰ্তৃপক্ষই । চহা জীৱন পৰিক্ৰমাৰে ভৰপূৰ অসমীয়া ঐতিহ্যৰ চানেকি বহন কৰা এই তাঁতত স্থানীয় মহিলাসকলে কাপোৰ বৈ থকা অৱস্থাতে যাত্ৰীসকলে চাব পাৰিব বুলি আয়োজকসকলে জানিবলৈ দিয়ে ।

যাত্ৰীসকলক মনোৰঞ্জন তথা অসমীয়া জাতিৰ আয়ুস ৰেখাস্বৰূপ ৰঙালী বিহুৰ বিষয়ে সম্যক ধাৰণা দিবলৈ বিমান বন্দৰ কৰ্তৃপক্ষই এই প্ৰয়াস গ্ৰহণ কৰিছে বুলি লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ কৰ্তৃপক্ষই জনায় ৷ আজিৰে পৰা আগন্তুক দহ দিন ধৰি চলিবলগীয়া এই ৰঙালী বিহু অনুষ্ঠানত সকলো সময়তে বিহু হুঁচৰি প্ৰদৰ্শনৰো ব্যৱস্থা লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ তথা আদানী গ্ৰুপে কৰিছে বুলি আয়োজকে জনায় ।

আনহাতে, উক্ত অনুষ্ঠানত উপস্থিত থকা সংবাদ কৰ্মীসকলকো ফুলাম গামোচাৰে বিহুৰ ওলগ জনায় বিমান বন্দৰ কৰ্তৃপক্ষই । ৰাজ্যৰ অথবা বহিঃৰাজ্যৰ যাত্ৰীসকলে এই আয়োজন নয়ন ভৰি উপভোগ কৰা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক : হেপাঁহৰ ৰঙালীক আদৰিবলৈ ব্যস্ত গুৱাহাটী মহানগৰী - Bohag bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.